৪৫ বছৰীয়া মানসী এটা ডাঙৰ কোম্পানীৰ উচ্চপদস্থ বিষয়া। বেছ তজবজীয়া আৰু সৰবৰহী। এদিন অফিচত সোমাই মন কৰিলে যে তেওঁৰ মূৰটো নিসাৰ হোৱা যেন লাগিছে। তেওঁৰ চিন্তা হ’ল। তাৰ পিছত মন কৰিলে তেওঁৰ মুখমণ্ডলো স্ফীত হৈছে। তেওঁ নিয়মিতভাৱে ব্যায়াম কৰে, তথাপি শৰীৰৰ ওজন বৃদ্ধি হৈছে। অনবৰতে ভাগৰ লাগি থাকে, মনটো হতাশাৰে ভৰি পৰে আৰু দৈনন্দিন কাম-কাজ কৰিবলৈ উৎসাহবোধ নকৰে। এনেকুৱা হ’লে হাইপ’থাইৰয়ড হোৱাৰ সম্ভাৱনা থাকে। হাইপ’থাইৰয়ডৰ অন্যান্য লক্ষণসমূহ হ’ল- মাত ভগা, মাংসপেশীৰ বিষ প্ৰৱণতা আৰু কাঠিন্য, চুলি সৰা, তেজৰ কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি। অৱশ্যে হাইপ’থাইৰয়ডৰ উপৰি ক্লান্তিৰ অন্যান্য কাৰণ থাকিব পাৰে।
চিকিৎসকে মানসিক তেজৰ সম্পূৰ্ণ পৰীক্ষা পৰামৰ্শ দিলে। পৰীক্ষাত হাইপ’থাইৰয়ড আছে বুলি নিশ্চিত হ’ল। থাইৰয়ড ডিঙিৰ সন্মুখৰ ফালে থকা এটা সৰু গ্ৰন্থি। এই গ্ৰন্থিয়ে থাইৰ’ক্সিন হৰ’মন উৎপন্ন কৰে। এই হৰম’নে শৰীৰৰ বিভিন্ন ক্ৰিয়া-কলাপ নিয়ন্ত্ৰণ কৰে; যেনে হৃৎপিণ্ডৰ গতি, ৰক্তচাপ, উত্তাপ, বিপাক আদি। তদুপৰি খাদ্যক শক্তিলৈ ৰূপান্তৰিত কৰে। থাইৰয়ডৰ ক্ৰিয়া-কলাপ হ্ৰাস হোৱা অৱস্থাই হাইপ’থাইৰয়ড। এই ৰোগ হ’লে শৰীৰৰ শক্তি হ্ৰাস হয় আৰু ক্লান্তি অনুভৱ হয়। মানসীক তৎকালেই থাইৰক্সিন হৰম’নৰ টেবলেট খাবলৈ দিয়া হ’ল। লাহে লাহে মূৰৰ নিসাৰ অৱস্থা, মুখমণ্ডলৰ স্ফীত অৱস্থা আৰু ক্লান্তি হ্ৰাস পালে। তেওঁক ছমাহৰ মূৰে মূৰে থাইৰয়ডৰ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হ’ল। পৰীক্ষাৰ ফলাফল অনুসৰি অৰ্থাৎ থাইৰয়ড হৰম’নৰ মাত্ৰা অনুসৰি ঔষধৰ মাত্ৰা কম বেছি কৰাৰ উপদেশ দিয়া হ’ল। সময়মতে উপযুক্ত চিকিৎসা নকৰিলে লক্ষণসমূহ গভীৰ হয়। তদুপৰি অত্যাধিক হৰম’ন উৎপাদন কৰিবলগীয়া হোৱাৰ ফলত থাইৰয়ড গ্ৰন্থিৰ আকাৰ বৃদ্ধি হৈ গলগণ্ড হ’ব পাৰে। তদুপৰি বিস্মৃতি, চিন্তা শক্তি স্তিমিত হোৱা আৰু হতাশা হ’ব পাৰে।
ক্লান্তিৰ আন এটা কাৰণ হ’ল: হৃৎপিণ্ডৰ দৌৰ্বল্য। ৪১ বছৰীয়া মোহনে অনুভৱ কৰিলে যে তেওঁৰ শাৰীৰিক শক্তি হ্ৰাস পাইছে। তেওঁ বিচনাত শুই থাকিবলৈ ভাল পোৱা হ’ল। আগেয়ে এনেকুৱা নাছিল। তেওঁ খেলা-ধূলা ভাল পায়। ভলীবল আৰু ফুটবল খেলে। সক্ৰিয়ভাৱে দুই পুত্ৰৰ সৈতে সময় কটায়। এতিয়া ছোফাত উঠি পোহনীয়া কুকুৰটোৰ লগত খেলিবলৈও গাৰ শক্তি নাই। তেওঁ চিকিৎসকৰ পৰামৰ্শ ল’লে। চিকিৎসকে তেওঁক অধিক জিৰণি ল’বলৈ পৰামৰ্শ দিলে। কিন্তু তেজৰ পৰীক্ষা আৰু আনুষংগিক পৰীক্ষা কৰাৰ পৰামৰ্শ নিদিলে। ক্ৰমান্বয়ে তেওঁৰ ক্লান্তি বৃদ্ধি হ’ল, শৰীৰৰ ওজন বৃদ্ধি হ’বলৈ ধৰিলে, কষ্ট কৰিলে উশাহ লোৱাত কষ্ট হয়। মোহন হতাশ হ’ল। এদিন স্থানীয় হাস্পতাললৈ গৈ তেজৰ পৰীক্ষাকে ধৰো সকলো পৰীক্ষা কৰালে। দেখা গ’ল, তেওঁৰ হৃৎপিণ্ডৰ আকাৰ বৃদ্ধি হৈছে, হৃদপিণ্ড দুৰ্বল হৈছে। কৰ্মশক্তি ১৩ শতাংশ হ্ৰাস পাইছে। ইয়াৰ ফলতেই গভীৰ ক্লান্তি হৈছে। চিকিৎসকে প্ৰয়োজনীয় ঔষধ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিলে। কেইমাহমানৰ ভিতৰতে হৃদপিণ্ডৰ কৰ্মশক্তি ৫০ শতাংশলৈ বৃদ্ধি। হৃদপিণ্ড সচল হৈ থাকিবলৈ সিমানখিনিয়েই পৰ্য্যাপ্ত। তেওঁ স্বাভাৱিক জীৱন-যাপন কৰিব পৰা হ’ল।
হৃৎপিণ্ড দুৰ্বলৰ প্ৰধান লক্ষণ হ’ল ক্লান্তি। আক্ৰান্ত ব্যক্তিৰ দৈনন্দিন কাম-কাজ কৰাৰ শক্তি নাইকিয়া নহয়। মোহনে ৰোগ নিৰ্ণায়ক পৰীক্ষাসমূহ কৰাই উচিত কামেই কৰিছে। তেওঁ এতিয়া স্বাভাৱিক জীৱন-যাপন কৰিব পৰা হৈছে।
ক্লান্তিৰ আন এটা কাৰণ হ’ল দীৰ্ঘম্যাদী ক্লান্তি ব্যাধি। ৫২ বছৰীয়া চাবিনা এখন নাৰ্ছাৰী স্কুলৰ প্ৰধান শিক্ষক। কম বয়সীয়া ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰোতে যথেষ্ট কৰ্মশক্তিৰ প্ৰয়োজন হয়। এদিন হঠাতে কোনো প্ৰত্যক্ষ কাৰণ নোহোৱাকৈ তেওঁ ভাগৰুৱা অনুভৱ হ’ল। মাজে সময়ে তেওঁ ইনফ্লুৱেঞ্জাৰ লক্ষণসমূহ অনুভৱ কৰে। তেওঁ চিকিৎসকৰ ওচৰলৈ গ’ল। চিকিৎসকে তেওঁক ভালেমান নিৰ্ণায়ক পৰীক্ষা কৰাৰ পৰামৰ্শ দিলে। কিন্তু ক্লান্তিৰ কোনো নিৰ্দিষ্ট কাৰণ ধৰা নপৰিল। চিকিৎসকে সকলো চালি-জাৰি চাই সিদ্ধান্ত কৰিলে যে চাবিনাই দীৰ্ঘম্যাদী ক্লান্তি ব্যাধিত ভুগিছে।
চিকিৎসকে চাবিনাৰ উচ্চ মাত্ৰাত ভিটামিন, খনিজ দ্ৰব্য আৰু হৰম’ন সেৱন কৰাৰ পৰামৰ্শ দিলে। তেওঁ প্ৰতিদিনে ভিটামিন বি১২, ভিটামিন চি, মেগনেচিয়াম ওমেগা-৩ ফেটী এচিড, এচিটাইলাষ্টেট, গ্লুটাথায়ন সম্পূৰক ঔষধ হিচাপে সেৱন কৰে। চাবিনাৰ ক্লান্তি হ্ৰাস পাইছে। দৈনন্দিন কাম-কাজ কৰিব পৰা হৈছে যদিও তেওঁৰ সম্পূৰ্ণ নিৰাময় হোৱা নাই।
হতাশাত ভুগিলেও ক্লান্তি হ’ব পাৰে। মিলি এক প্ৰতিষ্ঠানৰ উচ্চ পদস্থ বিষয়া। দহ বছৰমান আগৰ তেওঁ হতোদ্যমত ভুগিবলৈ আৰম্ভ কৰিছে। তদুপৰি আন কেতবোৰ লক্ষণো প্ৰকট হ’ল, যেনে-খুব কান্দিবলৈ মন যোৱা, পৰিয়ালৰ লোকৰ সৈতে মিলামিছা কৰোঁতে অধৈয্য হোৱা, স্মৃতি বিভ্ৰম, অনবৰতে ক্লান্ত অনুভৱ কৰা ইত্যাদি।
ক্লান্তি আৰু অন্যান্য লক্ষণসমূহে কৰ্মক্ষেত্ৰত আৰু পাৰিবাৰিক কাম-কাজত বিঘিনি ঘটায়। চিকিৎসকে তেওঁৰ নৈৰাশ্য হৈছে বুলি ঠাৱৰ কৰে। লিলিক মনোৰোগ বিশেষজ্ঞৰ চিকিৎসা ল’বলৈ পৰামৰ্শ দিয়া হয়।এই চিকিৎসাত তেওঁৰ ৰোগ নিৰাময় হয়। তেওঁ পুনৰ দৈনন্দিন কাম-কাজ সুচাৰুৰূপে কৰিব পৰা হয়।
টোপনিত শ্বাসৰুদ্ধতাও ক্লান্তিৰ কাৰকৰ হ’ব পাৰে। ৫৫ বছৰীয়া প্ৰবীণৰ অতিশয় ভাগৰ লাগে। পেছাত তেওঁ বাছ ড্ৰাইভাৰ। তেওঁৰ অসুবিধাটো হ’ল টোপনিৰ সময়ত তেওঁৰ শ্বাসৰুদ্ধতা হয়; গতিকে ভালদৰে টোপনি নাহে। যোৱা ২০ বছৰ ধৰি তেওঁ এই ৰোগত ভুগি আছে। বেলেগ বেলেগ চিকিৎসকৰ পৰামৰ্শ লৈছে; কিন্তু সুফল পোৱা নাই। তথাপি চিকিৎসকৰ পৰামৰ্শ অনুসৰি টনছিল দুটা উঠাই দিলে। এবছৰমান আৰাম পালে। তাৰ পিছত পুনৰ মুষিক ভৱ। এইবাৰ চিকিৎসকে তেওঁক শ্লিপ এপ’নিয়া ক্লিনিকলৈ পঠিয়ালে। হাস্পতালত নিশাটো ৰাখি তেওঁক পৰ্য্যবেক্ষণ কৰিলে। নিশ্চিত হোৱা গ’ল যে তেওঁ টোপনিত শ্বাসৰুদ্ধ ব্যাধিত ভুগিছে। এই ৰোগত টোপনিৰ সময়ত শ্বাসতন্ত্ৰৰ ওপৰৰ অংশ লেউসেউ হয় আৰু তললৈ ওলমি পৰি শ্বাসতন্ত্ৰৰ পথ ৰুদ্ধ কৰে। ইয়াৰ ফলত শৰীৰত অক্সিজেনৰ মাত্ৰা কমি যায়। প্ৰবীণক শ্বাসমুখা ব্যৱহাৰ কৰিবলৈ দিয়া হয়। এই মুখাই ডিঙিৰ মাংসপেশীত চাপ-প্ৰয়োগ কৰে আৰু ওলমি যোৱাৰ পৰা ৰক্ষা কৰে। প্ৰবীণে আৰাম পায় আৰু গভীৰ নিদ্ৰা উপভোগ কৰিব পাৰে। এতিয়া তেওঁ মুখা নিপিন্ধাকৈও টোপনি যাব পৰা হৈছে।
ক্লান্তিৰ অন্য এক কাৰক হ’ল এনিমিয়া। তেজত হিম’গ্লবিনৰ মাত্ৰা হ্ৰাস পালে এনিমিয়া হয়। ললিতৰ হয়। ললিতৰ বয়স ৬২ বছৰ শিক্ষক হিচাপে অৱসৰ লৈছে। তেওঁ দুৰ্বলতা অনুভৱ কৰে। কঠিন শ্ৰম কৰিলে, আনকি চিৰি বগালেও উশাহ লোৱাত কষ্ট হয়। এটা অস্ত্ৰোপচাৰৰ বাবে পৰীক্ষা কৰোঁতে এনিমিয়া ধৰা পৰে। এনিমিয়াৰ বিভিন্ন কাৰণ আছে। অৱশ্যে সাধাৰণতে তেজত লৌহ পদাৰ্থৰ অভাৱ হ’লে এনিমিয়া হয়। লৌহ পদাৰ্থ কমিলে হিম’গ্লবিনৰ উৎপাদন হ্ৰাস পায়। হিম’গ্লবিনে শৰীৰৰ কোষবোৰলৈ অক্সিজেন সৰবৰাহ কৰাত সহায় কৰে। হিম’গ্লবিনৰ মাত্ৰা কমি গ’লে উশাহ-নিশাহ লোৱাত কষ্ট হয়। অলপ কষ্ট কৰিলেই ভাগৰি পৰে।
অস্ত্ৰোপচাৰ কৰাৰ আগেয়ে ললিতক তিনি বটল তেজ সঞ্চৰণ কৰা হয়। তাৰ পিছত লৌহ পদাৰ্থ আৰু বি১২ ভিটামিন সম্পূৰক ঔষধ খাবলৈ দিয়া হয়। লৌহ পদাৰ্থ সমৃদ্ধ খাদ্য খাবলৈও পৰামৰ্শ দিয়া হয়। তেওঁৰ এনিমিয়া নিৰাময় হয়।
অন্যান্য কাৰণত হোৱা এনিমিয়াৰ কাৰণ চিনাক্ত কৰি সেইমতে চিকিৎসা কৰাৰ প্ৰয়োজন হয়। এনিমিয়া নিৰাময় হ’লে ক্লান্তি নাইকিয়া হয়।
লেখক: ডা: জীৱন দত্ত বৰুৱা।
শেহতীয়া উন্নীতকৰণ: : 3/4/2020
দেখা যায় যে ৪০ বছৰ বয়সৰ পিছত নাৰীৰ দেহত বেমাৰৰ আক্...
ব্যায়াম কিয় কৰিব লাগে সেই বিষয়ে ইয়াত দিয়া হৈছে।
কলেষ্টেৰল কেনেকৈ কমাব ?
কৰোনাৰি হৃদৰোগ প্ৰতিৰোধ কৰিব পাৰি?