অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৰ্কট ৰোগ প্ৰতিৰোধত শাক-পাচলি :

কৰ্কট ৰোগ প্ৰতিৰোধত শাক-পাচলি :

 

আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা চয়াবিন, বন্ধাকবি, ব্ৰক’লি, ফুলকবি আদিৰ দৰে পাচলিত থকা প্ৰাকৃতিক ৰাসায়নিক দ্ৰব্যই শৰীৰৰ ক্ষতিগ্ৰস্ত ডি এন এৰ মেৰামতি কৰাৰ লগতে কোষক কর্কট ৰোগত আক্রান্ত হোৱাৰ পৰা প্ৰতিৰোধ কৰিব পাৰে। শেহতীয়া এটি স্বাস্থ্য গৱেষণাত এই কথা প্ৰকাশ পাইছে। উল্লেখ্য যে, ইয়াৰ পূর্বে চলোৱা স্বাস্থ্য গৱেষণাত কোৱা হৈছিল যে, কেতবোৰ বিশেষ শাক-পাচলিয়ে কিছুমান প্ৰকাৰৰ কেন্সাৰ প্ৰতিৰোধ কৰাত যথেষ্ট সহায় কৰে। অৱশ্যে এই শাক-পাচলিসমূহে কি কাৰণে কেন্সাৰ প্ৰতিৰোধ কৰে সেয়া জানিব পৰা হোৱা নাছিল। ৱাশ্বিংটন ডিচিৰ জর্জটাউন ইউনিভাৰ্ছিটিৰ গৱেষকে এই সম্পর্কত অধ্যয়ন চলাই প্রকাশ কৰিছে যে, আই-৩ চি আৰু জেনিষ্টেইন নামৰ ৰাসায়নিক দ্রব্যবিধে কৰ্কট ৰোগ প্রতিৰোধ আৰু ক্ষতিগ্রস্ত ডি এন এৰ মেৰামতিত প্রাকৃতিকভাবে সহায় কৰে। আই-৩ চি দ্রব্যবিধ ব্ৰক’লি, বন্ধাকবি জাতীয় পাচলিত আৰু দ্বিতীয়বিধ দ্রব্য চয়াবিনত থাকে। এই ৰাসায়নিক দ্রব্য দুবিধ যেতিয়া শৰীৰৰ কোষত সংযোজিত হয় তেতিয়া ই বি আৰ চি এ-১ আৰু বি আৰ চি এ-২ নামৰ দুবিধ জিনৰ কাৰ্যক্ষমতা যথেষ্ট বৃদ্ধি কৰে। এই জিন দুবিধে শৰীৰৰ ক্ষতিগ্ৰস্ত ডি এন এ চিনাক্তকৰণ আৰু মেৰামতিত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে বুলি গৱেষকসকলে জানিবলৈ দিছে। এই জিন দুবিধৰ দুর্বলতাই শৰীৰত স্তন, জৰায়ু আৰু প্ৰষ্টেট কেন্সাৰ সৃষ্টিত সহায় কৰে। গৱেষকসকলৰ মতে কর্কটগ্ৰস্ত কোষসমূহত যিহেতু বি আৰ চি এ প্ৰ'টিনৰ পৰিমাণ তেনেই সামান্য দেখা যায় সেয়েহে বি আৰ চি এ ৰ মাত্রা অধিক হ’লেই কেন্সাৰ সৃষ্টি হোৱাত বাধা দিয়াৰ যথেষ্ট সম্ভাৱনা আছে।

এই গৱেষণাৰ তথ্য প্রকাশ কৰি গবেষকসকলে কয় যে, কেন্সাৰ সৃষ্টিত শেহতীয়া গবেষণাত স্পষ্ট হৈ পৰিছে আৰু এই জিনৰ কাৰ্যক্ষমতা আমি খাদ্যৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰো। গৱেষকসকলৰ মতে, কবিজাতীয় পাচলি আৰু চয়াবিনে এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিব পাৰে। পূৰ্বৰ গৱেষণাতো ব্ৰক’লি, বন্ধাকবি আদি পাচলিত কেন্সাৰ প্ৰতিৰোধী গুণ নিহিত থকাৰ তথ্য বিজ্ঞানীসকলে প্রকাশ কৰিছিল। খাদ্যাভ্যাসৰ জৰিয়তে যে কৰ্কট ৰোগ নিয়ন্ত্রণ তথা প্রতিৰোধ কৰিব পাৰি সেই সম্পৰ্কে বিজ্ঞানীসকলে যথেষ্ট গৱেষণা চলাই আহিছে আৰু এই আটাইবোৰ গৱেষণাৰ ফলাফলৰ পৰা স্পষ্ট হৈ উঠিছে যে, খাদ্যৰ দিশত খাদ্য গ্রহণ কৰিলে কর্কটৰ দৰে ভয়াৱহ ৰোগক প্ৰতিৰোধ কৰা সম্ভৱ।

লগতে শৰীৰৰ ওজন হ্রাস কৰক -

চর্বিবিহীন শৰীৰ দেখাত শুৱনি হোৱাই নহয়; সুস্বাস্থ্যৰ বাবেও ই সমানে প্রয়োজন। শেহতীয়াভাৱে চলোৱা এটি স্বাস্থ্য গৱেষণাত প্ৰকাশ পোৱা মতে, ক্ষীণকায় ব্যক্তিসকলৰ মাজত কেন্সাৰ ৰোগ হোৱাৰ সম্ভাৱনা যথেষ্ট সীমিত হয়। নিউ জাৰ্ছিৰ বটজাৰ্ছ ইউনিভাৰ্ছিটিৰ স্বাস্থ্য গৱেষকৰ এটা দলে নিগনিৰ ওপৰত অধ্যয়ন চলাই এই সিদ্ধান্তত উপনীত হৈছে যে শকত চেহেৰাৰ ব্যক্তিৰ তুলনাত ক্ষীণ চেহেৰাৰ ব্যক্তি কেন্সাৰ ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা তুলনামূলকভাবে কম হয়।

স্বাস্থ্য গৱেষকে এই গৱেষণামূলক অধ্যয়নৰ এখন স্বাস্থ্য আলোচনীত প্রকাশ কৰি কয় যে, নিগনিৰ দেহত থকা অত্যধিক চর্বি সংগ্ৰহ কৰি, সেই চৰ্বি আল্ট্রাভায়’লেট ৰশ্মিৰ সন্মুখত ৰখাত চৰ্বি হ্ৰাস পোৱাৰ লগতে শৰীৰত থকা সহায়ক আত্মঘাতী কোষিকা এপ'পট'ছিছৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে আৰু এইবোৰে দ্ৰুতগতিত কেন্সাৰ কোষসমূহক নষ্ট কৰিবলৈ আৰম্ভ কৰিছিল। শকত চেহেৰাৰ নিগনিৰ তুলনাত ক্ষীণ চেহেৰাৰ নিগনিৰ মাজত কেন্সাৰ কোষসমূহ ধ্বংস হোৱাৰ গতি দুগুণ আছিল বুলি গৱেষকসকলে লগতে কয়। যিসমূহ নিগনিৰ ওজন কম আছিল সেইবোৰ নিগনিৰ ওজন কম আছিল সেইবোৰ নিগনিৰ ক্ষেত্ৰতো কেন্সাৰ কোষসমূহ দ্রুতগতিত ধবংসপ্রাপ্ত হৈছিল বুলি গৱেষকসকলে মন্তব্য কৰে। গৱেষকৰ মতে, মেদবহুলতাৰ ফলত শৰীৰত সৃষ্টি হোৱা মৃত কোষিকাসমূহ দূৰ কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হোৱাৰ বাবেই এনে চেহেৰাৰ ব্যক্তি সহজে কেন্সাৰত আক্রান্ত হয়।

কর্কট ৰোগৰ স’তে মেদবহুলতাৰ নিবিড় সম্পর্ক আছে বুলি মন্তব্য কৰি গৱেষকসকলে কয় যে, ক্ষীণ চেহেৰাৰ ব্যক্তিৰ মাজত তুলনামূলকভাবে কেন্সাৰ ৰোগ সীমিত হোৱা দেখা যায়। মহিলাসকলৰ ক্ষেত্ৰতো স্তন কেন্সাৰ শকত চেহেৰাৰ মহিলাৰ মাজত অধিক হোৱাৰ সম্ভাৱনা থাকে বুলি গৱেষকসকলে মন্তব্য কৰিছে।

স্বাস্থ্য গৱেষকে প্ৰকাশ কৰা মতে, শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰখাৰ লগতে খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ প্ৰতি বিশেষ যত্ন আৰু সচেতনতা অৱলম্বন কৰিলে কেন্সাৰ ৰোগৰ পৰা হাত সাৰি থকা সম্ভৱ। মদ্যপান, ধূমপান, ধঁপাত, পাণমছলা, পাণ-তামোল, গুট্‌খা, চাধা, বিড়ি-চিগাৰেট আদি খাদ্য বৰ্জন কৰাৰ লগতে প্ৰদূষণমুক্ত পৰিৱেশত জীৱন-যাপন কৰিলে ক্ষীণ চেহেৰাৰ ব্যক্তি কেন্সাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা যথেষ্ট সীমিত হয় বুলি গৱেষকসকলে কয়।

লিখক: দিব্যজ্যোতি ভূঞা, সাদিন।

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate