অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খং মানে চণ্ডাল

খং মানে চণ্ডাল

আপুনি নিশ্চয় জানে যে, খং উঠিলে তাৰ কু-প্রভাব আপোনাৰ শৰীৰ আৰু মনৰ ওপৰত পৰে। মানুহ মাত্রেই খং উঠাটো কিন্তু স্বাভাৱিক। জীৱ-জন্তুৱেও খঙৰ প্রকাশ কৰে। পিচে খংটো যদি বাঢ়ি গৈ থাকে তেনে তাৰ পৰিণতি ভয়ানক হৈ পৰিব পাৰে। ডাঃ ডন কোলবাৰট নামৰ বিশেষজ্ঞ জনে 'ডে’ডলি ইম’চন্স' নামৰ এখন গ্রন্থ লিখিছে, য’ত লিখা হৈছে যে খঙে আমাৰ স্বাস্থ্যৰ প্ৰচুৰ ক্ষতিসাধন কৰে। তেওঁৰ মতে- বিষণ্ণতা, খংঅপৰাধবোধ, দোষাৰোপ, আত্মবিশ্বাসৰ অভাৱ— এই গুণবোৰ আমাৰ প্রাণঘাতক টক্সিনৰ দৰে। তেওঁ তেওঁৰ গ্ৰন্থখনত উল্লেখ কৰিছে যে, মানুহৰ খঙৰ প্রতিক্রিয়াৰ ফলতে যুদ্ধৰ সৃষ্টি হয়। প্রাচীন কালৰ পৰাই মানুহে যেতিয়াই মাংসহাৰী প্রাণীৰ আক্ৰমণৰ সন্মুখীন হৈছে সেই তেতিয়াৰ পৰাই যুদ্ধৰ আৰম্ভ হৈছিল। যুদ্ধ মনোভাৱৰ প্রতিক্রিয়াৰ ফলতে মানুহৰ শৰীৰৰ ভিতৰত হৰ’মন আৰু আন ৰাসায়নিক পদার্থৰ নিঃসৰণ ঘটে আৰু এইবোৰেই শাৰীৰিক প্রতিক্রিয়াক উজ্জীৱিত কৰিছিল। পিচে বর্তমান আধুনিক যুগত এই ধৰণৰ প্ৰতিক্রিয়াবোৰৰ ৯৯ শতাংশই অপ্রয়োজনীয় বুলি পৰিগণিত হৈছে। আপুনি ঋণাত্মক চিন্তা কৰাৰ বিলাসিতাক গ্রহণ কৰিবলৈ সদায় অক্ষম। বিখ্যাত লেখক পিটাৰ এম চি উইলিয়ামৰ মতে আটাইতকৈ বেয়া দিশটো হ’ল যুদ্ধ— যুদ্ধই আমাক মৃত্যুৰ মুখলৈ আগবঢ়াই দিয়ে। গতিকেই খঙক যিমান পাৰে নিয়ন্ত্ৰণ কৰা উচিত। আমাৰ শাৰীৰিক আৰু মানসিক চাপ কেনেকৈ কমোৱা হয়, সেই উপায়বোৰ আমি জনাটো অতিশয় গুৰুত্বপূর্ণ।

আপোনাৰ যেতিয়া খুব খং উঠে তেতিয়া খঙৰ অনুভূতিয়ে বিপক্ষক প্রত্যুত্তৰ দিবৰ কাৰণে শৰীৰটোৱে নিজকে সাজু কৰিবলৈ ধৰে। তাৰ ফলত শৰীৰৰ পেশীবোৰ টান খাই যায় আৰু এনে অৱস্থাত মগজুৰ ভিতৰত ৰাসায়নিক পৰিবর্তন ঘটে; হজম কৰা শক্তি কমি যায় আৰু মগজুৰ নিৰ্দিষ্ট কেন্দ্ৰবোৰত যেন জুইহে জ্বলিবলৈ ধৰে। মগজুত ৰাসায়নিক পৰিৱর্তন ঘটিলে শৰীৰৰ জিনবোৰ উদ্ভৱ হোৱা প্রতিক্রিয়াই ভয়ানক ৰূপো ধাৰণ কৰি থাকে। আধুনিক যুগত এই শক্তিশালী ৰাসায়নিক প্রতিক্রিয়াবোৰ সাধাৰণ কথা একেটায়ো সৃষ্টি কৰিব পাৰে যেনে-নিষ্টুৰভাৱে কথা কোৱা, কাষেৰে যোৱা যান-বাহনবোৰে নিয়ম মানি নচলা ইত্যাদি, ইত্যাদি। এই সৰু-সুৰা কথাবোৰতে আধুনিক মানুহে প্ৰায়েই ‘যুদ্ধংদেহী’ প্ৰতিক্ৰিয়াৰে পৰিচালিত হয়। এনেকৈ সৰু-সুৰা কথাতে প্ৰচণ্ড খঙত ভোগা লোকসকলৰ হজম ক্ৰিয়া, কোষবোৰৰ বৃদ্ধি হোৱা কাৰ্য, শৰীৰৰ প্ৰতিৰোধ ক্ষমতা, ৰক্ষণাবেক্ষণ আদি কাৰ্যবোৰ বন্ধ হৈ পৰে।

অতিমাত্ৰা খঙত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি হয় তাক বিশ্লেষণ কৰি উলিয়াইছে, ‘নেচাৰেল হেলথ’ৰ ড০ মাৰকোলান নামৰ এজন বিশেষজ্ঞই। সেই সমস্যাবোৰ হ’ল—

  • মূৰৰ বিষ।
  • হজম প্ৰক্ৰিয়াৰ ভাৰসাম্যহীনতা।
  • ইনছ’মেনিয়া বা নিদ্রাহীনতা
  • মানসিক উদ্বেগ।
  • হতাশাগ্রস্ত
  • উচ্চ ৰক্তচাপ
  • ছালৰ সমস্যা আৰু খজুৱতি
  • হার্ট এটেক (হৃদপিণ্ডৰ ক্রিয়াকলাপ বন্ধ)
  • ষ্ট্রক।

খঙৰ আটাইতকৈ বেছি কু-প্ৰভাৱ পৰে আপোনাৰ হৃদপিণ্ডটোৰ ওপৰত।  ৱাশ্বিংটন ষ্টেট ইউনিভাৰ্ছিটিয়ে অলপতে পঞ্চাশ বা তাতোকৈও অধিক সংখ্যক লোকৰ ওপৰত এটা গৱেষণা চলাইছিল, গৱেষণাৰ ফলাফলত জানিব পৰা গ’ল যে, অতিপাত খঙাল লোকৰ ধমনীত আন লোকৰ ধমনীত আন লোকৰ তুলনাত অধিক কেলচিয়াম জমা হয়, ই হেনো হার্ট এটেক হোৱাৰ আশংকাবোৰৰ এক প্রথম কাৰণ হৈ পৰে। ব্ৰুছ ৰাইট নামৰ গৱেষকজনে কৈছে যে,  অতিমাত্রা খঙত ফাটি পৰিলে শৰীৰত ষ্ট্ৰেছ হৰম’ন বেছিকৈ নিঃসৰণ হয় আৰু তেজ বৈ যোৱা নলীবোৰৰ আৱৰণটো ক্ষতিগ্রস্ত হয়।

পিচে খং দমাই ৰখাটোও হেনো এক বিপজ্জনক কথা। নেদাৰলেণ্ডৰ ‘টিলবাগ’ বিশ্ববিদ্যালয়ৰ ড’ জোহান ডেনোলেট নামৰ গৱেষকজনে হৃদৰোগত আক্রান্ত ৰোগীসকলৰ ওপৰত এক গৱেষণা চলাই দেখিলে যে- ‘খংটো দমাই ৰাখিলে হৃদৰোগৰ আশংকা তিনিগুণ অধিক বৃদ্ধি পায়'। হৃদৰোগৰ সৈতে শতকৰা ৮৫ ভাগ আৱেগিক অৱস্থাৰ ভাল সম্পর্ক আছে। আনহাতে ওহাইও ষ্টেট ইউনিভাৰ্ছিটাৰ ড" মেৰী ফ্রাষ্টেড নামৰ মনোবিজ্ঞানৰ অধ্যাপকগৰাকীৰ মতে— ‘আপুনি আপোনাৰ খঙৰ প্রকাশ কৰিবলৈ সঠিক উপায়টো শিকি লয় তেন্তে আপোনাৰ খংটোক কামত লগাব পাৰিব। যদিহে কোনোবাই আপোনাৰ প্ৰাপ্য অধিকাৰ দিয়া নাই,  তেন্তে আপুনি তেওঁক প্রশ্ন কৰক যে আপুনি কি বিচাৰে,  আপোনাৰ কিহৰ প্রয়োজন হৈছে? ইয়াৰ উপৰিও খং কমাবৰ বাবে আপুনি মেডিটেছন বা ধ্যান কৰিব পাৰে, নিয়মিতভাৱে বায়াম কৰক আৰু প্রয়োজনবোধ কৰিলে কোনোবা পৰামৰ্শদাতা অথবা মনোবিজ্ঞানীৰ সহায় ল'বও পাৰে৷

উৎস: সাদিন।

শেহতীয়া উন্নীতকৰণ: : 6/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate