অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খোজ কাঢ়ক আৰু সুস্থ হৈ থাকক

খোজ কাঢ়ক আৰু সুস্থ হৈ থাকক

আজিৰ এই ব্যস্ততাপূৰ্ণ জীৱনত নিজকে সুস্থ আৰু সবল কৰি ৰাখিবলৈ হ’লে খোজ কঢ়াটো নিতান্তই প্ৰয়োজনীয়। নিতৌ খোজ খাঢ়িলে আপুনি শাৰীৰিক তথা মানসিকভাৱে অতি সুস্থ আৰু সবল অনুভৱ কৰিব। শৰীৰ আৰু মনৰ মাজত এটা সুদৃঢ় সম্পৰ্ক স্থাপনৰ লগতে আপোনাক সমস্যাৰে জৰ্জৰিত এই পৃথিৱীখনৰ লগত অহৰ্নিশে হাঁহি হাঁহি হেলাৰঙে যুঁজি থাকিবলৈ সক্ৰিয়, সজীৱ আৰু লগতে প্ৰাণোচ্ছল কৰি ৰাখে। প্ৰতিটো সময়তে ৰিলেক্স, সচেতন মনৰ অধিকাৰী হ’বলৈ হ’লে নিতৌ খোজ কাঢ়ক। নিজৰ অৱচেতন মনটোক ইতিবাচক দিশেৰে নি ই আপোনাক প্ৰতিটো ক্ষণতে যুঁজাৰু কৰি ৰখাত সহায় কৰে। সেয়ে আজিকালি সচেতন ব্যক্তিয়েই ৰাতিপুৱা সোনাকালে উঠি খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিছে।

  • ৱাৰ সুস্থ অক্সিজেন আপোনাৰ হাড়ৰ জইণ্টছৰ কাৰণে অতিশয় উপযোগী। খোজ কাঢ়োঁতে আপোনাৰ ভৰিৰ পৰা নিঃসৰিত হোৱা কলেষ্টৰেল তেজত প্ৰৱেশ কৰে। যি আপোনাৰ শৰীৰত এক নতুন শক্তিৰ সঞ্চাৰ কৰে। খোজ কঢ়াটো আমাৰ শৰীৰৰ বাবে প্ৰাকৃতিক ঔষধ, যি আমাৰ মনটো সুখী আৰু লগতে মানসকি ভাৰসাম্য অটুট ৰখাত সহায় কৰে।
  • নিতৌ পুৱা যদি আধা ঘণ্টামান সময়কৈ খোজ কাঢ়ে তেন্তে বছৰত এজন ব্যক্তিয়ে তেওঁৰ খাদ্যসূচীত অকণো সালসলনি লকৰাকৈ প্ৰায় ১০ কে.জি. ওজন কমাব পাৰে।
  • আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ শৰীৰৰ কাৰ্ডিঅ’ভাছকুলাৰ ছিষ্টেমটো অধিক শক্তিশালী কৰি ৰখাত খোজকঢ়াই সহায় কৰে। যাৰ ফলত হাৰ্ট আৰু হাওঁফাওঁটোৰ কাৰ্যক্ষমতা বাঢ়ে আৰু আপুনি আপোনাৰ দৈনন্দিন কাম-কাজখিনি অনায়াসে অকণো ভাগৰ নলগাকৈ পূৰ্ণোদ্যমে কৰি থাকিব পাৰে।
  • খোজ কাঢ়িলে শৰীৰৰ মাংসপেশীবিলাক অধিক মজবুত আৰু শক্তিশালী হয়। লগতে শৰীৰৰ আঘাত প্ৰৱণতা আৰু অধিক কমাই তোলে।
  • আপুনি যদি ব্যায়ামৰ পৃথিৱীত একেবাৰে নতুন আৰু আপুনি শৰীৰৰ ওজন কমোৱাৰ লগতে শৰীৰটোক মজবুত কৰি ৰাখিব খুজিছে তেন্তে অতি শীঘ্ৰেই খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক। খোজ কাঢ়িলে শৰীৰটোলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন পৰিবাহিত হয়।
  • খোজ কাঢ়িলে প্ৰায় ৬০% বহুমূত্ৰ ৰোগ নিৰ্মূল তথা নিয়ন্ত্ৰণ কৰিব পাৰি লগতে ২০% কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। বিশষকৈ কলনৰ আৰু মহিলাৰ ব্ৰেষ্টৰ কৰ্কট ৰোগ।
  • মেদবহুলতা – ২১ শতিকাৰ মানুহৰ এটা ডাঙৰ সমস্যা। পিছে খোজ কাঢ়িলে অতি শীঘ্ৰে মেদবহুলতাৰ পৰা মুক্ত হ’ব পাৰি। নিতৌ খোজ কাঢ়িলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় হয়। কাৰণ খোজ কাঢ়িলে আমাৰ হাৰ্টৰ কাৰ্যক্ষমতা বৃদ্ধি হয় আৰু আমাৰ শৰীৰৰ চাৰ্কুলেটৰী ছিষ্টেমটো অধিক শক্তিশালী কৰি তোলে, ফলত উচ্চ ৰক্তচাপৰ পৰা আঁতৰত থাকিব পাৰি।
  • যিকোনো ধৰণৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ই যথেষ্ট সহায় কৰে। যদিহে আপোনাৰ বেক পেইনৰ সমস্যা আছে তেন্তে নিশ্চয়কৈ খোজ কাঢ়ক। খোজ কঢ়াটো বেক পেইনৰ বাবে প্ৰাকৃতিক ঔষধ। আমাৰ শৰীৰৰ ইমিউন ছিষ্টেমটো আৰু অধিক শক্তিশালী কৰাত খোজকঢ়াই সহায় কৰে।
  • নিতৌ পুৱা খোজ কাঢ়িলে প্ৰকৃতিৰ লগত আপোনাৰ সম্পৰ্ক সুদৃঢ় হয়। প্ৰকৃতিক আপুনি আৰু অধিক ভাল পাবলৈ শিকে। সাধাৰণতে ৰাতিপুৱাৰ পৰিৱেশটো সকলোৰে প্ৰিয়। গতিকে তেনে ক্ষেত্ৰত খোজ কঢ়াটো নিতৌ পুৱা আমাৰ দৈনন্দিন কাৰ্যসূচী হিচাপত ল’ব লাগে। নিতৌ পুৱা খোজ কাঢ়িলে অনিদ্ৰা ৰোগৰ পৰা হাত সাৰিব পাৰি। খোজ কাঢ়িলে অনিদ্ৰা ৰোগৰ পৰা হাত সাৰিব পাৰি। খোজকাঢ়িলে আমাৰ শৰীৰটোৱে অৱশ অনুভৱ কৰি আৰু শৰীৰটোক জিৰণিৰ প্ৰয়োজন হয়। যাৰ ফলত শৰীৰটোৱে নিদ্ৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। প্ৰকৃতৰ অপৰূপ দান এই জীৱনটোক পৰিপূৰ্ণভাৱে উপভোগ কৰিবলৈ হ’লে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকক আৰু লগতে খোজ কাঢ়ক।
  • লিখক : মৃদুপৱন বৰগোহাঁই

শেহতীয়া উন্নীতকৰণ: : 7/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate