দীৰ্ঘসময় ধৰি বা নিয়মীয়াকৈ আঁহবিহীন ৰিফাইন খাদ্য গ্ৰহণ কৰাসকলে বিভিন্ন ধৰণৰ শাৰীৰিক অসুবিধাত ভোগাৰ সম্ভাৱনা থাকে। অন্ত্ৰনলীৰ কেন্সাৰ আদি ৰোগ আঁহবিহীন খাদ্য গ্ৰহণ কৰাসকলৰ মাজত সৰ্বাধিক।
বেছিকৈ আঁহজাতীয় উপাদান থকা খাদ্যৰ কেল’ৰি কমকৈ থাকে আৰু এনে খাদ্যই পাকস্থলীটো সোনকালে পূৰ কৰি দিয়া বাবে অধিক ভোজনৰ প্ৰৱণতা ৰোধ কৰে।
চীন দেশীয় এটা যোজনা বা পটন্তৰত এইবুলি কোৱা হৈছে- ‘এটা ৰোগৰ বাপেক বেলেগ হ’ব পাৰে, কিন্তু ভুল খাদ্য বা অনিৰ্বাচিত খাদ্য গ্ৰহণ প্ৰক্ৰিয়াক ৰোগটোৰ মাক বুলি ক’ব পাৰি’।
এজন ব্যক্তিৰ সুস্বাস্থ্য ৰক্ষা কৰাত তথা শৰীৰৰ বয়স অনুসৰি কৰ্মদক্ষতা অটুট থকাত খাদ্যই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন।
পৰিমিত, নিৰ্বাচিত, গুণসম্পন্ন, নিৰ্ধাৰিত মাত্ৰাৰ খাদ্য ৰুটিন মাফিক গ্ৰহণ কৰিলে বহুবোৰ পৰিপাকজনিত আসোঁৱাহৰ পৰা শৰীৰটোক মুক্ত ৰাখিব পৰাৰ লগতে দীৰ্ঘজীৱন লাভ কৰাতো সহায়ক হয়।
এজন ব্যক্তিৰ মুখ আৰু পেটলৈ কি খাদ্য যাব, সেয়া নিতান্তই নিৰ্ভৰ কৰে ব্যক্তিজনৰ ব্যক্তিগত ৰুচি আৰু সামৰ্থ্যৰ ওপৰত। আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱা আন কেতবোৰ কাৰক যেনে-
নিজৰ ইচ্ছাশক্তি বৃদ্ধি কৰি নিৰ্বাচিত খাদ্য যথোপযুক্তভাৱে গ্ৰহণ কৰিলে এজন ব্যক্তি সু-স্বাস্থ্যৰ অধিকাৰী হ’ব নোৱাৰৰ কোনো কাৰণ নাই।
দীৰ্ঘসময় ধৰি বা নিয়মীয়াকৈ আঁহবিহীন ৰিফাইন খাদ্য গ্ৰহণ কৰাসকলে বিভিন্ন শাৰীৰিক অসুবিধাত ভোগাৰ সম্ভাৱনা থাকে। অন্ত্ৰনলীৰ কেন্সাৰ আদি ৰোগ আঁহবিহীন খাদ্য গ্ৰহণ কৰাসকলৰ মাজত সৰ্বাধিক।
বেছিকৈ আঁহজাতীয় উপাদান থকা খাদ্যত কেল’ৰি কমকৈ থাকে আৰু এনে খাদ্যই পাকস্থলীটো সোনকালে পূৰ কৰি দিয়া বাবে অধিক ভোজনৰ প্ৰৱণতা ৰোধ কৰে।
খাদ্যত থকা আঁহজাতীয় উপাদানে খাদ্যৰ পৰা চেনিখিনি শোষণত পলম কৰে আৰু সেয়েহে ভোজনৰ পাছতে তেজত চেনিৰ আধিক্য ঘটা প্ৰক্ৰিয়াটো প্ৰতিৰোধ কৰাৰ বাবে এনে খাদ্য ডায়েবেটিছ ৰোগীৰ বাবে বিশেষ উপকাৰী।
যিবিলাক ফল বাকলি নুগুচোৱাকৈ খাব পাৰি সেই বিলাক ফল বাকলিৰ সৈতেই খাব লাগে। এনে কৰিলে যথেষ্ট আঁহজাতীয় উপাদান শৰীৰে লাভ কৰে।
এন্টি অক্সিডেন্ট: ৰোগ প্ৰতিৰোধী অস্ত্ৰ:
আধুনিক জীৱনযাত্ৰাত আমাৰ শৰীৰটো সকলো সময়তে বিভিন্ন ধৰণৰ চাপৰ মুখামুখি হৈ থাকে।
এই প্ৰদূষিত পদাৰ্থবোৰৰ মাধ্যমেদি আমাৰ শৰীৰ্ত প্ৰৱেশ কৰে কিছুমান ‘মুক্ত মৌল’(Free radicals); যিবোৰে আমাৰ শৰীৰত কোষৰ বয়স দ্ৰুতগতিত বৃদ্ধি কৰি তোলে, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে আৰু শৰীৰটোক ৰোগ-ব্যাধিৰ বাবে সহজলভ্য কৰি তোলে।
মুক্ত মৌলবোৰে কোষৰ পৰা অক্সিজেন মৌল টানি লৈ শৰীৰ কোষত অক্সিজেনৰ অভাৱ ঘটায়। এই অৱস্থাটো শৰীৰৰ বাবে এক ক্ষতিকাৰক অৱস্থা।
এই ক্ষতিৰ বিপৰীতে যুঁজিবলৈ এবিধ উপাদানৰ কথা সঘনাই কোৱা হয়, যাৰ নাম এন্টি অক্সিডেন্ট। সাধাৰণতে সকলোবোৰ প্ৰাকৃতিক খাদ্য, বিশেষকৈ শাক-পাচলি আৰু ফলমূলত এন্টি অক্সিডেন্ট থাকে যদিও প্ৰাকৃতিকভাৱে ৰঙীন খাদ্যত এন্টি অক্সিডেন্ট বেছিকৈ থাকে।
তেনেকৈ বগা পিঁয়াজৰ তুলনাত ৰঙা আৰু হালধীয়া পিঁয়াজ এন্টি অক্সিডেন্টৰ ভাল উৎস।
এন্টি অক্সিডেন্ট অধিক পাবলৈ যিবোৰ খাদ্য কেঁচাই খাব পাৰি, সেইবোৰ কেঁচাই খোৱাৰ অভ্যাস কৰিব লাগে।
সিজাই খাব লগা খাদ্যবোৰো যিমান পাৰি কম সময়ৰ বাবে সিজাব লাগে।
ফলমূলৰ ৰস উলিয়াই খোৱাতকৈ পোনপটীয়াকৈ ফলমূল কামুৰি খালে অধিক এন্টি অক্সিডেন্ট পোৱা যায়।
অতিমাত্ৰা সিজোৱা, দীৰ্ঘদিনৰ আগতে ছিঙি ৰখা আৰু সংৰক্ষিত খাদ্যত এন্টি অক্সিডেন্টৰ মাত্ৰা কমি আহে।
নিমখৰ মাত্ৰা সামান্য কম হ’লেও আমাৰ জিভাই বহু সময়ত জুতি নোপোৱা হয়। বহুতৰ ক্ষেত্ৰত দৈনিক সামান্য পৰিমাণে নিমখৰ মাত্ৰা বাঢ়ি গৈ থাকে। বহুতে আকৌ সুকীয়াকৈ কেঁচা নিমখ কাঁহীৰ কাষত লৈ খোৱাৰো অভ্যাস কৰে।
কিন্তু নিমখৰ মাত্ৰাধিক্যতা কোনো ফালৰ পৰাই শৰীৰৰ বাবে উপকাৰী নহয়। বহু লোকৰ ক্ষেত্ৰত নিমখে তেজৰ চাপ বৃদ্ধি কৰে। দীৰ্ঘদিনীয়া ৰক্তচাপৰ সমস্যাই হাৰ্ট এটেকৰ দৰে মাৰাত্মক অৱস্থাৰ সৃষ্টি কৰিব পাৰে।
এনেধৰণেৰে মগজুৰ কোষ ধ্বংস হোৱাৰ ফলত মিনিষ্ট্ৰ’ক(Ministroke) হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। বিশেষকৈ ৬৫ বছৰৰ ওপৰৰ বয়সৰ ব্যক্তিৰ বাবে অধিক নিমখ অধিকভাৱে ক্ষতিকাৰক। নিমখে বৃক্ক আৰু মূত্ৰবাহী নলীৰ পাথৰ জমা হোৱা প্ৰক্ৰিয়াতো সহায় কৰে।
পৰীক্ষাৰ পৰা দেখা গৈছে যে যিসকল লোকে সংক্ৰক্ষিত খাদ্য বেছিকৈ গ্ৰহণ কৰে, বেকন বা তেনেধৰণৰ বিশেষভাৱে সংৰক্ষিত মাংস যিসকলে সঘনাই ব্যৱহাৰ কৰে, তেওঁলোকৰ ক্ষেত্ৰত বৃক্ক আৰু মূত্ৰ তন্ত্ৰৰ পাথৰ হোৱাৰ মাত্ৰা অধিক দেখা যায়।
অধিক পৰিমাণে গ্ৰহণ কৰা নিমখ আমাৰ শৰীৰৰ হাড়বোৰৰো যথেষ্ট ক্ষতি কৰে। খাদ্যত অধিক নিমখ থাকিলে শৰীৰত কেলচিয়াম শোষণত বাধা আহি পৰে।
বিশেষকৈ বয়সস্থসকল ক্ষেত্ৰত অধিক নিমখে খাদ্যৰ পৰা কেলচিয়াম শোষণত বাধা দি হাড়ৰ অষ্টিঅ’পৰ’ছিছ(Osteoporosis) অৱস্থাৰ সৃষ্টি কৰিব পাৰে।
এনে অৱস্থাত সামান্য আঘাততে হাড় ভগা বা মোচোকা খোৱা অৱস্থাৰ সৃষ্টি হ’ব পাৰে। মহিলাসকলৰ ক্ষেত্ৰত এই অৱস্থাটো বেছিকৈ পৰিলক্ষিত হয়।
ভিটামিন ‘চি’: চিগাৰেট প্ৰেমীসকল সাৱধান!
ভিটামিন ‘চি’ৰ আন এটা নাম এছকৰ’বিক এচিড(Ascorbic acid): যিহেতু ই এচিডজাতীয় স্বাভাৱিকতেই ইয়াৰ সোৱাদ টেঙা।
ভিটামিন চি একপ্ৰকাৰ গুৰুত্বপূৰ্ণ এন্টি অক্সিডেন্টেই।
পৰীক্ষানলীত পৰীক্ষা কৰি দেখা গৈছে যে ভিটামিন চিয়ে এইডছৰ ভাইৰাছ বৃদ্ধিতো বাধা দিব পাৰে।
ভিটামিন চিৰ অভাৱত শৰীৰত ইনছুলিনৰ মাত্ৰা কমি গৈ ডায়েবেটিছ ৰোগৰ সৃষ্টি হ’ব পাৰে।
আমাৰ স্থানীয়ভাৱে পোৱা ‘আমলখি’ আৰু ‘মধুৰিআম’ ভিটামিন চিৰ গুৰুত্বপূৰ্ণ উৎসবোৰৰ ভিতৰত অন্যতম।
ৰন্ধন প্ৰক্ৰিয়াত ভিটামিন চি বহুলাংশে নষ্ট হয়। সেয়েহে ভিটামিন চিযুক্ত খাদ্যসমূহ কেঁচাই বা চালাদ হিচাপে খাবলৈ যত্ন কৰিব লাগে।
আনকি সাঁচি থোৱা, পুৰণা, শাক-পাচলি, আচাৰ আদি বনোৱা প্ৰক্ৰিয়াতো ভিটামিন ‘চি’ বহুখিনি কমি যায়।
চিগাৰেটৰ ধোঁৱা আৰু নিকটিনে ভিটামিন চি ধ্বংস কৰে। এইটো দাবী কৰা হয় যে প্ৰতিটো চিগাৰেটে ২৫ মিলিগ্ৰাম ভিটামিন চি নষ্ট কৰিব পাৰে। যিকোনো ধৰণৰ চাপ যেনে-
উপৰিউক্ত আলোচনাৰ পৰা আমি কথাত নিশ্চয় একমত হ’ব পাৰোঁ যে আমাৰ স্বাস্থ্য ৰক্ষাত খাদ্য পৰিৱেশন প্ৰণালী, নিৰ্বাচন আদি বহুখিনি নিৰ্ভৰ কৰে। দেহৰ বাবে প্ৰয়োজনীয় হ’ব লাগে।
লেখক: ডাঃ প্ৰবীণ কুমাৰ নেওগ(নিয়মীয়া বাৰ্তা)
শেহতীয়া উন্নীতকৰণ: : 5/27/2020