অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খাদ্যইহে মানুহক এলেহুৱা কৰে :

খাদ্যইহে মানুহক এলেহুৱা কৰে :

 

ফাষ্টফুড খোৱাটো আপোনাৰ চৰ্বিৰ ফলত বাঢ়ি পেটটোৰ কাৰণে সিমান বেয়া নহয়। কিন্তু এনে ধৰণৰ খাদ্যবিলাকে আপোনাক এলেহুৱা কৰি তুলিব পাৰে আৰু কোনো কামলৈ উৎসাহ নাইকিয়া কৰি তুলিব পাৰে।

এই বিষয়ৰ অধ্যয়নৰ ফলাফলবোৰ ‘ফিজিঅ’লজি এণ্ড বিহেভিয়াৰ’ নামৰ আলোচনীখনত প্ৰকাশ পাইছে। এই অধ্যয়নটো ৩২ জনী নিগনিক দুটা দলত ভাগ কৰি দুবিধ খাদ্য খাবলৈ দিয়া হৈছিল। নিগনিৰ শৰীৰৰ তন্ত্ৰবিলাক মানুহৰ সৈতে একে, সেইবাবে এনেধৰণৰ অধ্যয়নত নিগনি লোৱা হয়। এই দুটা দলৰ এটাক তুলনামূলকভাৱে পৰিষ্কাৰ নকৰা পুষ্টিকৰ খাদ্য খাবলৈ দিয়া হৈছিল আৰু আনটো দলক দিয়া হৈছিল অতিমাত্ৰাত পৰিষ্কাৰ কৰা খাদ্য। সেই খাদ্য আৰু পানী পুৰস্কাৰ ৰূপে পৰাৰ কাৰণে এডাল লিভাৰ ঠেলিব লগা হৈছিল।

তিনিমাহৰ পিছত পৰিষ্কাৰ ফাষ্টফুড খোৱা নিগনিবিলাক চকুত পৰাকৈ শকত হৈ পৰিল আৰু সিহঁতে লিভাৰডাল ঠেলা মৰা কামটোও কমি আহিল। মেদবহুল নিগনিবিলাক সিহঁতৰ কামত পূৰ্বতকৈ ধীৰ-স্থিৰ হৈ পৰিল আৰু লিভাৰডাল ঠেলা মৰা কামৰ সময় পূৰ্বতকৈ দীঘলীয়া হৈ পৰিল। কিন্তু আনটো দলৰ ক্ষীণ নিগনিবোৰ পূৰ্বৰ দৰেই তজবজীয়া হৈ থাকিব। গবেষক বিজ্ঞানীসকলে এই পৰীক্ষাৰ পৰা নিশ্চিন্ত হ’ল যে ফাষ্টফুডে নিগনিবিলাকৰ মস্তিষ্কৰ ৰসায়ন সলনি কৰি দিলে।

ছমাহৰ পিছত গৱেষকসকলে দুয়োটা দলৰে খাদ্যব ৯ দিনৰ কাৰণে সম্পূৰ্ণ ওলোটা কৰি দিলে। কিন্তু ইয়াৰ পিছতো দুয়ো দলৰ শৰীৰৰ ওজন বা কামৰ ধৰণৰ কোনো উন্নতি নহ’ল। এই কথাই প্ৰমাণ কৰিলে যে, শৰীৰৰ ওজন, কামৰ প্ৰতি আগ্ৰহ আৰু জানি বুজি কৰা দীৰ্ঘসূত্ৰিতা আদি দীৰ্ঘদিনীয়া খাদ্যাভ্যাসৰহে ফল।

এই অধ্যয়নটোৰ শেষত পৰিষ্কাৰ কৰা খাদ্য খোৱা নিগনিবোৰৰ গোটেই গাতে বহুসংখ্যক ডাঙৰ ডাঙৰ টেমুনা ওলাল আৰু চফা নকৰা পুষ্টিকৰ খাদ্য খোৱা নিগনিবোৰৰ গাত আকাৰত সৰু আৰু সংখ্যাত কমকৈ টেমুনা ওলাল। বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে যে বেছি এলেহুৱা হয় আৰু বৰ বেছি নিয়ম-কানুন মানিব নোখোজে।

মানুহ এলেহুৱা হোৱাৰ বাবেহে বেছি শকত হয় বুলি সাধাৰণতে থকা ধাৰনাটো ভুল। বিজ্ঞানীসকলে এই পৰীক্ষা লানিৰ পৰা পোৱা ফলাফল হ’ল- খাদ্যৰ বাবে হোৱা মেদবহুলতা নহয়। অধ্যয়নটোৰ যোগেদি জানিব পৰা গ’ল যে- অতি বেছিকৈ প্ৰচেছ কৰা খাদ্যই ক্লান্তি বা ভাগৰুৱা কৰে বা খাদ্যই মেদবহুলতা আনে আৰু তাৰ ফলত ক্লান্তি বা অৱসাদ আহে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 3/1/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate