অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খাদ্যত থকা বিভিন্ন দূষিত কীটনাশক আৰু ইয়াক আঁতৰ কৰাৰ দিহা

খাদ্যত থকা বিভিন্ন দূষিত কীটনাশক আৰু ইয়াক আঁতৰ কৰাৰ দিহা

খাদ্য সামগ্ৰীত থকা বিভিন্ন কীটনাশক ঔষধৰ উপাদান আৰু এই উপাদান সমূহৰ পৰা মুক্ত কৰাৰ দিহা

বৰ্তমান ব্যৱহাৰ্য্য কোনো খাদ্য সামগ্ৰীয়েই নিৰাপদ নহয়। আমাৰ দৈনিক ব্যৱহাৰ্য্য খাদ্য যেনে- ৰুটি, দাইল, গাখীৰ, ফল-মূল, শাক-পাচলি ইত্যাদি বিভিন্ন কীটনাশক ঔষধৰ উপাদান বিলাকে ক্ৰিয়া কৰি থাকে। আমাৰ খাদ্যত থকা সচৰাচৰ কীটনাশক ঔষধৰ উপাদান সমূহ হ’ল-ম ডি.ডি.টি., এণ্ডোচালফান, কাৰ্বমেট, আৰ্চেনিক, লিড, জিংক, কেডমিয়াম, তাম, ক্ৰমিয়াম ইত্যাদি। এই উপাদান সমূহ খাদ্যৰ লগত আমাৰ শৰীৰত প্ৰবেশ কৰি কেনচাৰ, হাওঁফাওঁ জনিত ৰোগ, বংশ গতি হ্ৰাস, মগজুৰ স্মৃতি শক্তি হ্ৰাস ইত্যাদি বিভিন্ন মাৰত্মক ৰোগৰ সৃষ্টি কৰে।

শৰীৰৰ অপকাৰী কীটনাশক ঔষধৰ উপাদান সমূহৰ পৰা আমাৰ গ্ৰহণীয় খাদ্যক আমাৰ ঘৰুৱা পদ্ধতিৰে কেনেদৰে আতঁৰ কৰিব পাৰি সেই বিষয়ে কিছু আলোচনা কৰা হ’ল।

আলু

খাদ্য হিচাপে ব্যৱহাৰ কৰা আগতে আলু ভালদৰে ধুই, চকু আতঁৰাই ল’ব। আলুত সেউজীয়া বৰণৰ অংশ থাকিলে কাটি পেলাব লাগে। কটাৰ পিছত আলু বোৰ প্ৰায় আধা ঘণ্টা মান পানীত তিয়াই থওক। ইয়াৰ পিছত উচ্চ উষ্ণতাত ৰান্ধিব লাগে।

বিলাহী

বিলাহী ভালদ্ৰে ধুই লওক। ধুই লোৱাৰ পাছত পুনৰ আধা ঘণ্টা মান পানীত তিয়াই ৰাখক। ইয়াৰ পিছত উচ্চ উষ্ণতাত ৰান্ধিব লাগে। বিলাহী পৰাপক্ষত কেচাকৈ খোৱাটো অনুচিত।

মূলা/গাজৰ

মূলা/গাজৰ খাদ্য হিচাপে গ্ৰহণ কৰাৰ আগতে কটাৰীৰে পাতলকৈ বাকলি গুচাই ভালদৰে পানীত ধুই পুনৰ নিমখ পানীত ১০-২০ মিনিট ৰাখিহে ব্যৱহাৰ কৰিব।

পালেং

পালেং প্ৰতিটো পাত এখন এখনকৈ ভালদৰে ধুই পুনৰ নিমখ পানীত ১৫-২০ মিনিট তিয়াই ৰখাৰ পাছতহে ৰান্ধিব লাগে।

বেঙেনা

আমাৰ শৰীৰৰ বাবে মাৰাত্মক কাৰ্বফ্লৰিণ ব্যৱহাৰ কৰা হয়, বেঙেনা উজ্জ্বল চকচকীয়া কৰি গ্ৰাহকক আকৃষ্ট কৰিবৰ বাবে। সেয়েহে বেঙেনা পাতলকৈ বাকলি গুচাই উচ্চ উষ্ণতাত ৰান্ধিব লাগে।

বন্ধাকবি

বন্ধাকবিত কীটনাশক ঔষধৰ উপৰিও ফিটা পেলু থাকে। সেয়েহে বন্ধাকবিৰ বাহিৰিৰ পাত বিলাক গুচাই পেলাব লাগে। কবিটো সমানে দুভাগ কৰি নিমখ্ পানীত ১৫-২০ মিনিট সময় তিয়াই ৰাখি পুনৰ পৰিষ্কাৰ পানীৰে ধুই উচ্চ উষ্ণতাত ৰান্ধিব লাগে।

আঙুৰ

আঙুৰ খোৱাৰ আগতে সামান্য খাৰ্যুক্ত চাবোন পানীত ধুই লৈ শুকুৱাই আকৌ এঘণ্টা মান নিমখ পানীত তিয়াই পুনৰ ধুই শুকুৱাই হে খাব লাগে।

আপেল

আপেল খোৱাৰ আগতে প্ৰথমে বাকলি গুচাই পিছত আঙুৰৰ ক্ষেত্ৰত কৰাৰ দৰে দিহা কৰিহে খাব লাগে।

দাইল

দাইল ব্যৱহাৰৰ আগতে ১ ঘণ্টা মান তিয়াই ৰাখি ভালদৰে ধুই ঘঁহি উচ্চ উষ্ণতাত প্ৰেচাৰ কুকাৰত ৰান্ধিব লাগে।

মাছ-মাংস

মাংসৰ লিভাৰ, ছাল, মল্ল ইত্যাদি খাব নালাগে। দুয়ো বিধ বস্ত্ত উচ্চ উষ্ণতাত ৰান্ধিব লাগে।

গাখীৰ

গাখীৰত প্ৰধানকৈ ডিডিটি, এণ্ডোচালফান, হাইড্ৰজেন পেৰা’ইড ইত্যাদি থাকে। যাৰ ফলত কিডনী, যকৃৎ আলচাৰ ইত্যাদি নানা ৰোগৰ সৃষ্টি হ’ব পাৰে। সেয়েহে স্বীকৃতি প্ৰাপ্ত বিক্ৰেতাৰ পৰাহে গাখীৰ কিনিব লাগে।

উৎস: খাদ্য আৰু পুষ্টি বিভাগ, গাৰ্হস্থ্য বিজ্ঞান মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate