অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খাদ্যাভ্যাস সম্পৰ্কে আপুনি সচেতননে?

খাদ্যাভ্যাস সম্পৰ্কে আপুনি সচেতননে?

আমাৰ বহু লোকৰ ধাৰণা যিকোনো পুষ্টিকাৰক খাদ্য খালেই সুস্থ-সৱল হৈ থাকিব। কিন্তু পুষ্টিকৰ খাদ্য খালেই যে শৰীৰ সুস্থ-সবল হৈ থাকিব সেইটো কথা নহয়। লক্ষ্য কৰিব লাগিব হজম শক্তিৰ ওপৰত। খাদ্যৰ পৰিপাক ক্ৰিয়া মানুহৰ দৈনিক পৰিশ্ৰমৰ ওপৰত বহুলাংশে নিৰ্ভৰ কৰে। সেইবাবে দৈহিক –পৰিশ্ৰমৰ মান অনুসৰি পুষ্টিকৰ খাদ্য খাব লাগে। কিন্তু ইয়াৰ পৰিমাণ মাত্ৰাধিক হ’লে তাৰ কুপ্ৰভাৱত আশংকা থাকে।

গুৰুপাক অধিক মছলাযুক্ত, ঘৃতাক্ত আৰু তৈলাক্ত জাতীয় খাদ্য বেছিপৰিমাণে খাব নালাগে। খাদ্য সদায় লঘুপাচ্য হোৱা উচিত। খাদ্য লাহে লাহে ভালদৰে চোবাই খাব লাগে। লাহে লাহে চোবাই খালে মুখৰপৰা এক ধৰণৰ পাচক ৰস নিঃসৰিত হয় আৰু এই ৰসে খাদ্য হজম কৰাত বহুখিনি সহায় কৰে। খাদ্য সদায় মৌনভাৱে আৰু একাগ্ৰতাৰে খাব লাগে। খাদ্য তালিকাখন মাজে মাজে কিছু পৰিৱৰ্তন কৰিব লাগে। খোৱাৰ সময়ত পানী বেছি পৰিমাণে খাব নালাগে। খাদ্যৰ লগত বেছি পৰিমাণে পানী খালে পাকস্থলীৰ অম্ল ৰস পাতল হয় আৰু হজম শক্তিৰ ক্ষতি হয়। এজন মানুহক প্ৰতিদিনে পাঁচৰপৰা ছয় লিটাৰ পানীৰ প্ৰয়োজন হয় আৰু সেই পৰিমাণৰ পানী প্ৰতিদিনে খাব লাগে। পানী একেবাৰে বেছিকৈ খাব নোৱাৰি সেয়ে ঘনাই কম পৰিমাণে খাই থাকিব লাগে। পানীয়ে শৰীৰত থকা অদ্ৰব্যবিলাক ৰেচন তন্ত্ৰৰ সহায়ত মূত্ৰৰূপে উলিয়াই দিয়ে। কিন্তু অজীৰ্ণ ৰোগত ভোগা ৰোগীয়ে গৰম পানী খাব লাগে। দুপৰীয়া আহাৰ খোৱাৰ পিছত কিছু সময় বিশ্ৰাম কৰা খুবেই আৱশ্যক। ৰাতি আহাৰ খোৱাৰ পিছত কিছু সময় খোজকঢ়া ভাল। দুপৰীয়া আহাৰতকৈ ৰাতিৰ আহাৰ কম আৰু লঘু হোৱা উচিত। আহাৰ খোৱাৰ পিছত বজ্ৰাসন কৰিব লাগে।

লিখকঃ দিব্যজ্যোতি ভূঞা, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 7/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate