খাদ্য সম্পৰ্কে খেলুৱৈসকলৰ মাজত নানা মতভেদ আৰু ভ্ৰান্ত ধাৰণা লক্ষ্য কৰা যায়। অনেকৰ ধাৰণা মাছ, মাংস, কণী, ঘি, মাখন আদি অধিক পৰিমাণে খালেহে স্বাস্থ্য ভালে থাকে আৰু ভালদৰে খেলা-ধূলা কৰিব পাৰি। এই দিশত কিছু আলোকপাত কৰাৰ উদ্দেশ্যে এই আলচটি যুগুত কৰা হৈছে। প্ৰচলিত খাদ্য তালিকাসমূহৰ বিতং আলোচনা ইয়াত ৰখা হোৱা নাই। খেলুৱৈসকলে মনত ৰাখিব, পৰিমিত আৰু সন্তুলন আহাৰেহে তেওঁলোকৰ খেলৰ মান উন্নত কৰিব পাৰে আৰু স্বাস্থ্যও ভালে ৰাখে।
অনুশীলন, ব্যায়াম আৰু খেলৰ সময়ত একোজন খেলুৱৈক কিমান কেলৰীৰ প্ৰয়োজন সেই কথা নিৰ্ভৰ কৰে তেওঁৰ শৰীৰৰ গঠন আৰু আকাৰ, বয়স, জলবায়ু আৰু কেনেধৰণৰ ব্যায়ম তথা অনুশীলনৰ প্ৰয়োজন সেই কথাৰ ওপৰতহে। গতিকে প্ৰতিজন খেলুৱৈৰ বাবে প্ৰয়োজনীয় কেলৰীৰ মাত্ৰা বিভিন্ন হ’ব। এজন খেলুৱৈৰ বাবে দৈনিক কিমান পৰিমাণৰ খাদ্যৰ প্ৰয়োজন, সেই কথা তেওঁ নিজেই ঠিক কৰি ল’ব পাৰে। কিয়নো প্ৰতি খেলুৱৈয়ে উচ্চতা আৰু বয়স অনুপাতে তেওঁৰ শৰীৰৰ ওজন কিমান হোৱা উচিত, সেই কথাৰ গুৰুত্ব বুজি পায়। তেওঁ যি পৰিমাণৰ খাদ্য গ্ৰহণ কৰিব, সেই খাদ্যৰ পৰা উত্পাদিত কেলৰী ব্যৱহাৰ কৰিব পৰাকৈ তেওঁ ব্যায়ম কৰিব লাগিব। অন্যথা অতিৰিক্ত আৰু অব্যৱহৃত কেলৰীখিনি শৰীৰত চৰ্বি হিচাপে জমা হ’ব। এনে অৱস্থা খেলুৱৈৰ বাবে অনুকূল নহ’ব আৰু তেওঁ খেলত প্ৰয়োজনীয় দক্ষতা দেখুৱাব নোৱাৰিব। আন এটা প্ৰয়োজনীয় দিশ হ’ল, এজন খেলুৱৈয়ে দীৰ্ঘম্যাদী খাদ্য পৰিকল্পনাৰ জৰিয়তেহে প্ৰতিযোগিতাত দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব। প্ৰতিযোগিতাৰ আগ মুহূৰ্তত বা আগদিনা কি খাইছে তাৰ ওপৰত তেওঁৰ দক্ষতা অকণো নিৰ্ভৰশীল নহয়। প্ৰতিযোগিতাৰ প্ৰাক্ মুহূৰ্তৰ খাদ্যৰ মূল লক্ষ্য হ’ব খেলৰ সময়ছোৱাত যাতে তেওঁ পৰ্যাপ্ত পানী আৰু শক্তিৰ যোগান পাব পাৰে। মনত ৰাখিব, খেলুৱৈজনে সচৰাচৰ যি খাদ্য খায় আৰু যি খাদ্যই তেওঁৰ কোনোধৰণৰ আন্ত্ৰিক বিপাকৰ সৃষ্টি নকৰে, তেনে খাদ্যহে খোৱা উচিত। আমি খেলুৱৈৰ বাবে প্ৰয়োজনীয় কেইপদমান খাদ্যৰ বিষয়ে আলোচনা কৰিম।
ব্যায়াম আৰু খেলৰ সময়ত শক্তিৰ মূল উত্স হ’ল শৰ্কৰাজাতীয় খাদ্য। খাদ্যত থকা শৰ্কৰা শৰীৰে ‘গ্লাইকোজেন’লৈ ৰূপান্তৰিত কৰি জমা কৰি ৰাখে। এই গ্লাইকোজেনেই হ’ল কাৰ্যৰত মাংসপেশীৰ বাবে প্ৰয়োজনীয় শক্তিৰ এক প্ৰধান উত্স। কিন্তু শৰীৰে সীমিত পৰিমাণেহে ইয়াক জমা কৰি ৰাখিব পাৰে, গতিকে ইয়াৰ পৰিমাণ কমি গ’লে খেলুৱৈৰ ক্লান্তিভাব হয় আৰু প্ৰয়োজনীয় সতেজতাৰো অভাৱ হয়। বিজ্ঞানসন্মতভাৱে ব্যায়াম কৰি শৰীৰত গ্লাইকোজেনৰ ভঁৰাল বৃদ্ধি কৰিব পাৰি। খেলুৱৈৰ শৰীৰৰ আকাৰ বা গঠন আৰু খেলত প্ৰয়োগ কৰিবলগীয়া শাৰীৰিক শক্তিৰ পৰিমাণৰ ওপৰত তেওঁক দৈনিক প্ৰয়োজনীয় শৰ্কৰাৰ পৰিমাণ নিৰ্ভৰ কৰে। সহন ক্ষমতাৰ প্ৰয়োজন নথকা খেলৰ ক্ষেত্ৰত শৰীৰৰ ওজনৰ প্ৰতি কিঃগ্ৰামৰ বিপৰীতে পাঁচ শৰ্কৰাৰ প্ৰয়োজন। আনহাতে সহনশীলতাৰ প্ৰয়োজন থকা খেলৰ ক্ষেত্ৰত এই পৰিমাণ ৮ৰ পৰা ১০গ্ৰামলৈ বৃদ্ধি হ’ব পাৰে। খেলুৱৈজনক প্ৰকৃততে কিমানখিনি শৰ্কৰাৰ প্ৰয়োজন সেইটো নিৰ্ধাৰণ কৰাৰ সহজ উপায় হ’ল তেওঁৰ ব্যায়াম/খেলত সহনশীলতাৰ প্ৰয়োজন নাই, তেনেহ’লে তেওঁ দৈনিক ৬০ x ৫ = ৩০০ গ্ৰাম শৰ্কৰাজাতীয় খাদ্য খাব। যদিহে তেওঁৰ খেলৰ সহনশীলতাৰ প্ৰয়োজন থাকে তেনেহ’লে শৰ্কৰাৰ পৰিমাণ হ’ব ৬০ x ৮ = ৪৮০ গ্ৰাম।
এজন খেলুৱৈৰ বাবে কিমান প্ৰ’টিনৰ প্ৰয়োজন, সেই কথা নিৰ্ভৰ কৰে তেওঁ কেনেধৰণৰ ব্যায়াম কৰিব বা খেল খেলিব, ইয়াৰ তীব্ৰতা আৰু দৈৰ্ঘ কিমান, তাৰ ওপৰত। ব্যায়ামৰ তীব্ৰতাৰ বৃদ্ধিৰ লগে লগে প্ৰ’টিনৰ প্ৰয়োজনীয়তাও বৃদ্ধি পায়। সাম্প্ৰতিক গৱেষণাৰ পৰা দেখা গৈছে যে খেলুৱৈৰ শৰীৰৰ প্ৰতি কিঃগ্ৰাম ওজনৰ বিপৰীতে একৰ পৰা ডেৰ গ্ৰাম প্ৰ’টিনৰ প্ৰয়োজন হয়। শক্তি আৰু সহনশীলতাৰ প্ৰয়োজন থকা ব্যায়ামৰ বাবে এই পৰিমাণেই পৰ্যাপ্ত। অৰ্থাত্ ৬০ কিঃগ্ৰাম এজন খেলুৱৈৰ বাবে দৈনিক প্ৰয়োজনীয় প্ৰ’টিন হ’ব ৬০ৰ পৰা ৯০ গ্ৰামৰ ভিতৰত। এইখিনিতে মন কৰিবলগীয়া কথা হ’ল মহিলা খেলুৱৈয়ে সাধাৰণতে পৰ্যাপ্ত প্ৰ’টিন নাপাব পাৰে। বিশেষকৈ ঋতুস্ৰাৱ বন্ধ হোৱাৰ পিছৰ কালছোৱাত। ইয়াৰ মূলতে হ’ল মহিলাৰ খাদ্যাভ্যাস আৰু খাদ্যৰ ওপৰত অত্যধিক নিয়ন্ত্ৰণ। এই দিশত খেলুৱৈ আৰু প্ৰশিক্ষকসকলে মনোযোগ দিয়াৰ প্ৰয়োজন।
ব্যায়ামৰ হেতু খেলুৱৈৰ বাবে অধিক পৰিমাণৰ খাদ্যপ্ৰাণ অথবা খনিজ দ্ৰব্যৰ প্ৰয়োজন নাই। কিয়নো ব্যায়ামৰ মাত্ৰা অনুযায়ী খেলুৱৈৰ খাদ্যৰ পৰিমাণ বৃদ্ধি পায়। আৰু তাৰ পৰাই প্ৰয়োজনীয় চাহিদা পূৰণ হয়। অৱশ্যে আহাৰ সমতুল হ’বই লাগিব আৰু খাদ্য তালিকাত যথেষ্ট শাক-পাচলি আৰু ফলমূল থাকিব লাগিব। অৱশ্যে কোনো বিশেষ কাৰণত নিয়ন্ত্ৰিত পৰিমাণৰ আহাৰ গ্ৰহণ কৰা খেলুৱৈৰ ক্ষেত্ৰত অতিৰিক্ত খাদ্যপ্ৰাণ আৰু খনিজ দ্ৰব্যৰ প্ৰয়োজন হ’ব পাৰে।
মহিলা খেলুৱৈৰ ক্ষেত্ৰত নানা কাৰণত লৌহ পদাৰ্থৰ অভাৱ দেখা যায়। এনে অভাৱো খাদ্য তালিকাৰ মান উন্নত কৰি আৰু পৰ্যাপ্ত শাক-পাচলি আৰু ফলমূল ব্যৱহাৰ কৰি পূৰাব পৰা যায়। তথাপি প্ৰয়োজন অনুসৰি অতিৰিক্তভাৱে ঔষধ হিচাপে লৌহ পদাৰ্থৰ ব্যৱহাৰ কৰিব পৰা যায়।
খাদ্য তালিকাত পানীৰ কথা আলোচনা কৰাটো অপ্ৰয়োজনীয় বুলি ভবা হয় যদিও খেলুৱৈৰ বাবে পানীৰ পৰিমাণ পৰ্যাপ্ত হোৱাটো গুৰুত্বপূৰ্ণ। ব্যায়াম আৰু খেলৰ সময়ত ঘামৰ লগত যথেষ্ট পৰিমাণে পানী শৰীৰৰ পৰা ওলাই যায়। এই ঘাটি পূৰণ কৰিবলৈ পৰ্যাপ্ত পানী খাবই লাগিব। নহ’লে নিৰম্বু (ডিহাইড্ৰেটেড্) অৱসনৰ সৃষ্টি হৈ খেলুৱৈৰ দক্ষতা কমি যাব। দীৰ্ঘম্যাদী আৰু প্ৰবল ব্যায়ামৰ কালত শৰীৰৰ পৰা প্ৰতি ঘণ্টাত ২.৭ৰ পৰা ৩.৫ লিটাৰ পানী ওলাই যাব পাৰে। শৰীৰৰ পানীভাগ সঠিক পৰিমাণে আছে নে নাই সেই কথা নিশ্চিত কৰিবলৈ খেলুৱৈয়ে প্ৰতিদিনে শৰীৰৰ ওজন পৰীক্ষা কৰিব লাগে। আগদিনাৰ ব্যায়াম/খেলৰ পিছত পিছদিনা যদি শৰীৰৰ ওজন শতকৰা ১ৰ পৰা ৩ ভাগ হ্ৰাস পায় তেনেহ’লে সেই ঘাটি পূৰণ কৰিবলৈ পাৰ্যাপ্ত পানী খাব লাগিব। প্ৰতি কিলোগ্ৰাম ওজন হ্ৰাসৰ বিপৰীতে অন্ততঃ একাপ (৮ আউন্স) পানী খোৱাটো প্ৰয়োজন।
প্ৰতি ব্যক্তিয়েই দৈনিক ৮ কাপ (৮ x ৮ আউন্স) অতিৰিক্ত পানী খোৱাটো প্ৰয়োজন। খেলুৱৈয়ে ব্যায়াম বা খেলৰ দুঘণ্টা আগত অন্ততঃ দুকাপ (১৬ আউন্স) অতিৰিক্ত পানী খাব। ব্যায়ম/খেলৰ সময়ছোৱাত ১৫ মিনিটমানৰ অন্তত আধাকাপ মান পানী খাব। পানীৰ অভাৱ হ’লে শৰীৰৰ তাপ নিয়ন্ত্ৰণ প্ৰক্ৰিয়াত ব্যাঘাত ঘটে আৰু কোষৰ অক্সিজেন গ্ৰহণ ক্ষমতা কমি যায়। সেইকাৰণে অনুশীলন আৰু খেলৰ সময়ত নিৰ্দিষ্ট সময়ৰ অন্তত পানী খোৱা বিৰতি দিয়াৰ প্ৰয়োজন। খেলুৱৈৰ পোছাক পাতলীয়া আৰু ঢিলা হ’ব লাগে। বেছিকৈ তিতি যোৱা পোছাক সলনি কৰাই ভাল, কিয়নো তিতা কাপোৰে শৰীৰৰ তাপ নিয়ন্ত্ৰণত বাধা দিয়ে।
সাধাৰণতে তাপমাত্ৰাৰ অত্যধিক এঘণ্টা ব্যায়াম কৰাসকলৰ বাবে ঠাণ্ডা পানীয়েই যথেষ্ট। কিন্তু ৯০ মিনিটৰ অধিক দৈৰ্ঘৰ সহনশীলতা প্ৰয়োজন হোৱা ব্যায়াম/খেলৰ ক্ষেত্ৰত সোৱাদযুক্ত, আন্ত্ৰিক বিজুতি নঘটোৱা আৰু তত্কালিক শক্তিৰ বাবে শৰ্কৰা যোগান দিব পৰা পানীয় গ্ৰহণ কৰা প্ৰয়োজনীয়। শতকৰা ৬-৮ ভাগ শৰ্কৰাযুক্ত পানীয় খেলুৱৈৰ উপযোগী। অৱশ্যে শৰ্কৰা গ্লুকজ বা চুক্ৰোজ হ’লে সহজে হজম হয়, কিন্তু ফ্ৰুক্টোজজাতীয় শৰ্কৰা হজম হোৱাত পলম হয়।
ওপৰত কৰা আলোচনা মনত ৰাখি খেলুৱৈ, প্ৰশিক্ষক আৰু খেলৰ আয়োজকসকলে খেলুৱৈসকলৰ বাবে উপযোগী খাদ্য তালিকা প্ৰস্তুত কৰিলে খেলৰ মান উন্নত কৰাত সহায়ক হ’ব।
উৎসঃ অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 4/3/2020