গলব্লাডাৰৰ অৰ্থ হল পিত্তথলী।ই এটি ৰিজাৰ্ভাৰ।লিভাৰত তৈয়াৰ হোৱা বাইল বা পত্তৰস পিত্তনলী বা বাইল ট্ৰেক্টৰ মাজেৰে আহি গলব্লাডাৰত জমা হয়।পঠা,হাহঁ,মুৰ্গী,মাছ-এই সকলোৰে পিত্তনলী থাকে।কটা-বছা কৰাৰ সময়ত আমি ইয়াক দেখিবলৈ পাওঁ।বহু সময়ত মাছ খাবলৈ তিতা হলে আমি কওঁ পিত্ত গলি গৈছে।অৰ্থাৎ গলব্লাডাৰ বা পিত্তথলীত থকা বাইলৰ সোৱাদ তিতা।
পিত্ত্থলীত দৈনিক প্ৰায় একলিটাৰ পিত্তৰস জমা হয়।এই ৰসে তৈলাক্ত বা চৰ্বীজাতীয় খাদ্য হজম কৰাত বিশেষভাৱে সহায় কৰে।পিত্তৰসৰ প্ৰায় পচানব্বৈ ভাগ পানী আৰু বাকী অংশখিনি হৈছে কলেষ্টেৰল,বাইলচল্ট,বাইল পিগমেন্ট আদি।প্ৰসংগত জনা দৰকাৰ যে জণ্ডিচ ৰোগ হোৱাৰ সময়ত গাৰ ৰ্ং হালধীয়া হোৱাৰ কাৰন হল বাইল পিগমেন্ট তেজৰ সৈতে মিলি যোৱাটো।এই পিত্তৰস যেতিয়া ক্ৰমশ ঘনীভূত হবলৈ লয় বা পিত্তৰৰত থাকিব লগা উপাদানবোৰৰ মাত্ৰাৰ হেৰফেৰ হয় তেতিয়াই সৃষ্টি হয় গলব্লাডাৰ ষ্টোন বা পিত্তথলীৰ পাথৰ।গলব্লাডাৰত কলেষ্টেৰল আৰু লিচিথিন এটা নিদিষ্ট পৰিমানত থাকে।কোনো কাৰনত কলেষ্টেৰলৰ পৰিমান বাঢ়ি গলে ই ষ্টোনৰ আকাৰ ধাৰন কৰে।ষ্টোনৰ বাহিৰেও গলব্লাডাৰত স্ংক্ৰমন হব পাৰে।
গলব্লাডাৰৰ ষ্টোন তিনি প্ৰকাৰৰ হয়।।
কলেষ্টেৰল ষ্টোন
গলব্লাডাৰত কলেষ্টৰেলৰ পৰিমান বাঢ়ি গলে এই ধৰনৰ ষ্টোন হয়।কলেষ্টৰেল ষ্টোন হলেও গলব্লাডাৰৰ কাৰ্যকাৰিতা নষ্ট নহয়।
পিগমেন্ট ষ্টোন
হেমাটোলজিকেল ডিজঅৰ্ডাৰৰ বা তেজৰ বিকাৰৰ পৰা এই ধৰনৰ ষ্টোন হব পাৰে।বহুসময়ত কম বয়সতো এনে ষ্টোন হোৱা দেখা যায়।
মিক্স ষ্টোন বা ইনফেক্টিভ ষ্টোন
এই ধৰনৰ ষ্টোন হোৱাৰ ক্ষেত্ৰত মিশ্ৰ কাৰন থাকে।এই ক্ষেত্ৰত গলব্লাডাৰৰ কাৰ্যকাৰিতা নষ্ট হৈ যায়।সাধাৰনতে এই ৰোগ চল্লিশোৰ্ধ,একাধিক সন্তানৰ জননী,স্বাস্থ্যৱতী মহিলাৰ বেছিকৈ হোৱা দেখা যায় যদিও বৰ্তমান পুৰুষ আৰু শিশু বা কমবয়সীয়া মহিলাও এই ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে।বহুক্ষেত্ৰত অসুখে হয়তো দীৰ্ঘদিনৰ পৰা লগ লৈছে কিন্ত তাৰ বহি:প্ৰকাশ পলমকৈ হৈছে-এনে হোৱাও দেখা যায়।
উপসৰ্গ
সাধাৰনতে সোঁফালৰ পেটত অসহ্য যন্ত্ৰনা লৈ ৰোগী চিকিৎসকৰ ওচৰলৈ যায়।কিন্ত এই ৰোগত পেটত গেছ হোৱা,বদহজম,উগাৰ অহা,তৈলাক্ত খাদ্যবস্তৰ হজম নোহোৱা আদি উপসৰ্গ বহুদিনৰ পৰা প্ৰকাশ পায়।ইয়াৰ পিছত ওপৰ পেটৰ বিষ আৰম্ভ হয়।গধূৰ খাদ্যবস্ত অৰ্থাৎ দুপৰীয়া আৰু ৰাতি আহাৰ খোৱাৰ পিছতে ওপৰ পেটৰ সোঁফালে প্ৰচণ্ড বিষ হবলৈ লয়।এই বিষ কান্ধ আৰু হাতলৈকো যাব পাৰে।ইয়াৰ লগতে বমিও হয়।ইয়াৰ লগে লগে জণ্ডিচো হব পাৰে।বহুসময়ত হজমৰ গণ্ডগোলৰ বিষয়টোক আওকাণ কৰাৰ ফলত বিপজ্জনক দেখা যায়।
চিনাক্তকৰন আৰু চিকিৎসা
আগতে গলব্লাডাৰ ষ্টোন হোৱটো সন্দেহ হলে কলিচিষ্টোগ্ৰাফী কৰা হৈছিল।বৰ্তমান এই ৰোগ নিৰ্ণয়ত আলট্ৰাছনগ্ৰাফী সৰ্বশ্ৰেষ্ঠ আৰু সহজ উপায়।ইয়াৰ সকলোধৰনৰ গলষ্টোন গলব্লাডাৰৰ আকাৰ আৰু আকৃতি ধৰা পেলাব পৰা যায়।অৱশ্যে চিটি স্কেন আৰু ই,আৰ চি পি পৰীক্ষাত কিছু কিছু ক্ষেত্ৰত বিস্তৃতভাৱে ৰোগ ধৰা পেলাব পৰা যায়।সেয়ে হলেও আলট্ৰাছগ্ৰাফী সহজলভ্য আৰু লগতে কাৰ্যকৰী।
গলব্লাডাৰ ষ্টোনৰ ক্ষেত্ৰত শল্য চিকিৎসাৰ বিকল্প নাই।সাধাৰনতে দুই ধৰনৰ ব্যৱস্থা লোৱা হয়।প্ৰথমতে যদি সংক্ৰমন হয় এন্টিবায়টিক ঔষধ দি ছয় সপ্তাহ পিছত আপাৰেচন কৰা হয়।দ্বিতীয়তে একিউট স্তৰত চিকিৎসকে প্ৰয়োজন বোধ কৰিলে ২৪ ৰ পৰা ৪৮ ঘন্টাৰ ভিতৰত অস্ত্ৰোপচাৰ কৰে।যদি ষ্টোন মাত্ৰ এটা থাকে গলডব্লাডাৰৰ কাৰ্যকাৰিতা সঠিক থাকে কোনো ধৰনৰ সংক্ৰমন নাথাকে তেন্তে প্ৰথমতে অস্ত্ৰোপচাৰ নকৰি ঔষধৰে ৰোগ নিৰাময়ৰ চেষ্টা কৰা হয়।যদিও ইয়াৰ ফলাফল আশাব্যঞ্জক নহয়।
বহুসময়ত ষ্টোন ধৰা পৰিলেও শৰীৰত কোনো উপসৰ্গ দেখা নাযায়।ইয়াক কোৱা হয় চাইলেন্ট ষ্টোন।এনে অৱস্থাত ৰোগীক কিছুদিন অবজাৰভেচন বা নিৰক্ষনত ৰাখি অপাৰেচন পলমকৈ কৰিব পৰা যায়।ৰোগীৰ বয়স বেচি হলে অপাৰেচন এৰাই চলিবলৈ চেষ্ঠা কৰা হয়।
পিছে সাধাৰনতে গলব্লাডাৰ ষ্টোন হলে অপাৰেচন একান্ত জৰুৰী।কিয়নো ষ্টোনৰ পৰা গলব্লডাৰৰ পূজঁ জমা হৈ স্ংক্ৰমন পেটৰ ভিতৰলৈ বিয়পি যাব পাৰে।আকৌ পিত্তবাহী নলিৰ ভিতৰত সৰু পাথৰ সোমাই জণ্ডিচ হব পাৰে।
অপাৰেচন সহায়ত গলব্লাডাৰৰ বাদ দিলেও সাধাৰনতে বৰ বেছি অসুবিধা নহয়।কাৰন গলব্লাডাৰ বাদ দিলেও পিত্ত তৈয়াৰ হোৱাটো বন্ধ নহয়।স্ংক্ৰমন থাকিলে সাধাৰনতে সম্পূৰ্ন গলব্লাডাৰ বাদ দিয়া হয়।কিন্ত পিত্তবাহী নলীত যদি ষ্টোন থাকে তেতিয়া কেৱল ষ্টোনহে আতঁৰ কৰা হয়।কাৰন এই নলী আঁতৰ কৰিব নোৱাৰী।অপাৰেচন আগতে কিছুমান নিয়মিত পৰীক্ষা যেনে-ইচিজি,চুগাৰ,লিভাৰ ফাংচন আদি কৰা হয় যাতে অপাৰেচন সময়ত কোনো সমস্যাৰ সৃষ্টি নহয়।
গলব্লাডাৰ অপাৰেচন দুই ধৰনে কৰা হয়-জোলেচিচ্টেক্টমী বা অপেন চাৰ্জাৰী আৰু মাইক্ৰোচাৰ্জাৰী।বৰ্তমান মাইক্ৰোচাৰ্জাৰী জনপ্ৰিয় হৈছে কাৰন পেট কটাৰ কষ্ট আৰু আৰোগ্য হোৱাৰ সময় কম লাগে।আৰোগ্য হোৱাৰ সময় কম লাগে।মাইক্ৰোচাৰ্জাৰিত ৰোগীক অজ্ঞান কৰি লৈ পেটৰ বতাহ ভৰাই দিয়া হয় যাতে খুব ভালকৈ গলব্লাডাৰ দেখা পোৱা যায়।সাধাৰনতে পেটত তিনিটা ব চাৰিটা ফুটা কৰা হয়।এটা ফুটাৰে মাইক্ৰোস্কোৰ সুমুৱাই দিয়া হয়।আন দুটা ফুটাৰে অপাৰেচন যন্ত্ৰ আৰু ধৰাৰ যন্ত্ৰ সুমুৱাই অপাৰেচন কৰি নাভিৰ তলৰ ফুটাৰে গলব্লাডাৰটো উলিয়াই অনা হয়।
মাইক্ৰোচাৰ্জাৰী কৰিবলৈ গৈ কোনো ধৰনৰ সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিলে অপেন চাৰ্জাৰী কৰা ভাল।এই ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ ভাৰ চিকিৎসকৰ ওপৰত এৰি দিয়া ভাল।কেতিয়াবা কোনো কাৰনত অপাৰেচন পিচত জণ্ডিচ হলে ততালিকে চিকিৎসকৰ ওচৰলৈ যোৱা উচিত।কাৰন ই জীৱন স্ংশয়ৰ কাৰন হব পাৰে।যদিও মাইক্ৰোচাৰ্জাৰী খুব জনপ্ৰিয় হৈছে তথাপি আমাৰ ইয়াত প্ৰ্চলন মাত্ৰ দহ বছৰমানহে হৈছে।সেয়ে এই সম্পৰ্কত শেষ সিদ্ধান্ত জনোৱাৰ সময় হোৱা নাই।আনহাতে অপেন চাৰ্জাৰী বহুদিন ধৰি চলি আহিছে আৰু ইয়াৰ ফলাফলো সকলৰো জ্ঞাত।
গলব্লাডাৰ ষ্টোনৰ পৰা হাত সাৰি থাকিবলৈ কিছুমান সাৱধানতা অৱলম্বন কৰা আৰু নিয়মানুবৰ্তিতা মাজত চলা উচিত।সুস্থ থাকিবলৈ সতেজ শাক-পাচলি,বতৰৰ ফলমূল আৰু যথেষ্ঠ পৰিমানে পানী খোৱা উচিত।প্ৰ্তিদিনে মছলাসমৃদ্ধ খাদ্যবস্ত,চৰ্বিযুক্ত খাদ্য,কণী,ঘিউ,মাখন আদিৰ দৰে উচ্চ কেলৰিযুক্ত খাদ্যসম্ভাৰ খোৱা অনুচিত।সময়মতে সুষম সুপাচ্য খাদ্য আৰু নিয়মৰ মাজত জীৱন অতিবাহিত কৰিলে কেৱল গলব্লাডাৰ ষ্টোনেই নহয়,অনেক ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰি।
ডা:জীৱন চন্দ্ৰ সোনোৱাল
শেহতীয়া উন্নীতকৰণ: : 9/28/2018