অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গাখীৰৰ পৰা হ’ব পৰা ৰোগ

শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে বাবে গাখীৰ এবিধ সুষম আহাৰ। সমাজৰ সকলো স্তৰৰ ল’ৰা-ছোৱালী, নাৰী-পুৰুষ সকলোৰে বাবে গাখীৰ এটি গুৰুত্বপূৰ্ণ পানীয় খাদ্য। এনে সুষম আহাৰবিধ লিং, বয়স, শৰীৰৰ অৱস্থা আদি নিৰ্বিশেষে প্ৰতিজন লোকেই জন্মৰ পৰা মৃত্যু পৰ্য্যন্ত জীৱনৰ বিভিন্ন স্তৰত গ্ৰহণ কৰে। কোনো লোকে যদি খাই ভাল পায়, কোনো লোকে আকৌ স্বাস্থ্যসন্মত বুলি বিবেচনা বুলি গ্ৰহণ কৰে। কিন্তু এই সুষম আহাৰবিধৰো ক্ষতিকাৰক দিশ আছে।

কিন্তু এই ভীষণ প্ৰয়োজনীয় খাদ্যবিধো বৰ্তমান যুগত এটা গৱেষণাৰ বিষয় হিচাপে গুৰুত্ব লাভ কৰিছে। আৰু এই গৱেষণাৰ ফলতে সৃষ্টি হৈছে নতুন নতুন বিতৰ্ক। ইমান দিনে গাখীৰত খাদ্যৰ সকলো ধৰণৰ গুণাগুণ থকা বুলি ভবা হৈছিল যদিও গৱেষণাৰ ফলাফলত দেখা গৈছে যে গাখীৰৰ কিছুমান ক্ষতিকাৰক প্ৰভাৱো শৰীৰত পৰিব পাৰে। এয়া অৱশ্যে অতিৰিক্ত মাত্ৰাত গাখীৰ গ্ৰহণ কৰিলেহে হ’ব পাৰে। প্ৰতিদিনে পৰিমিত পৰিমাণত গাখীৰ গ্ৰহণ কৰিলে তেনে ক্ষতিসমূহৰ পৰা আঁতৰি থকাৰ লগতে স্বাস্থ্যৰ বাবে উপকাৰী বুলি প্ৰমাণিত হৈছে।

অতিৰিক্ত পৰিমাণৰ গাখীৰ গ্ৰহণ কৰাৰ ফলত হ’ব পৰা সমস্যাসমূহ

ব্ৰণ

ব্যৱসায়িক উদ্দেশ্যে আগত ৰাখি গাখীৰ উৎপাদন কৰা পামসমূহে জীৱ-জন্তুৰ গাখীৰৰ পৰিমাণ বৃদ্ধি কৰিবলৈ এনেবোৰৰ ওপৰত বাহিৰৰ পৰা হৰম’ন প্ৰয়োগ কৰা হয়। অৱশ্যে ইয়াৰ ফলত গাখীৰৰ পৰিমাণ বৃদ্ধি হোৱাটো সম্ভৱ হয়। কিন্তু এনে হৰমন প্ৰয়োগ কৰা জীৱৰ গাখীৰ অধিক গ্ৰহণ কৰিলে মানৱ শৰীৰৰ হৰমনৰ ভাৰসাম্যহীনতা সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলতেই ব্ৰণকে ধৰি আন বিভিন্ন সমস্যাৰ সৃষ্টি হয়। সেয়েহে যদি তেনে ব্যৱসায়িক উদ্দেশ্যত হৰম’ন প্ৰয়োগ কৰা জীৱৰ গাখীৰ বুলি সন্দেহ হয় তেন্তে অতিৰিক্ত গাখীৰ গ্ৰহণ নকৰাই ভাল।

হৃদযন্ত্ৰৰ ৰোগ

গাখীৰত মণি নামৰ এবিধ উপাদান থাকে, যিয়ে হৃদৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে বুলি গৱেষকসকলে মত পোষণ কৰিছে। অৱশ্যে কম চৰ্বি থকা গাখীৰৰ পৰা উৎপাদিত খাদ্য যেনে: পনিৰ বা দৈ এই ক্ষেত্ৰত শৰীৰৰ বাবে উপকাৰী।

অতিৰিক্ত কেলছিয়াম

আমি সাধাৰণতে খাদ্য হিচাপে ব্যৱহাৰ কৰা বিভিন্ন উদ্ভিদ জাতীয় খাদ্য দ্ৰব্য যেনে, মটৰ মাহ, বন্ধাকবি, চয়াবিন, কমলাৰ ৰস, নাৰিকল, বাদাম আদিবোৰৰ জৰিয়তে প্ৰচুৰ পৰিমাণৰ কেলছিয়াম গ্ৰহণ কৰি থাকোহক। এইবোৰ শক্তিবৰ্ধক খাদ্য। কিন্তু এইসমূহ খাদ্য গ্ৰহণ কৰাৰ উপৰিও যদি আমি অতিৰিক্ত পৰিমাণৰ গাখীৰ কাম কৰো। তেন্তে মানৱ শৰীৰৰ তেজত কেলছিয়ামৰ মাত্ৰা বাঢ়ি যাব পাৰে। শৰীৰত কেলছিয়ামৰ পৰিমাণ বৃদ্ধি হ’লে বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে।

কেন্সাৰ

গৱেষকসকলে বিভিন্ন স্তৰত গৱেষণা কৰি এইটো সন্দেহ কৰিছে যে, অতিৰিক্ত পৰিমাণৰ গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী গ্ৰহণৰ লগত মূত্ৰথলীৰ কেন্সাৰ, স্তন কেন্সাৰ আৰু জৰায়ুৰ কেন্সাৰৰ সম্পৰ্ক আছে।

কাণৰ বিন্ধা বন্ধ হৈ যোৱা

শিশুসকলৰ কাণৰ বিভিন্ন সমস্যাৰ লগত গৰুৰ গাখীৰ গ্ৰহণ কৰা বিষয়টোক জড়িত হৈ আছে বুলি সন্দেহ কৰি গৱেষকসকলে বিগত ৫০ বছৰৰ শিশুৰ কাণৰ সমস্যাৰ তথ্য সংগ্ৰহ কৰিছে। বেছিভাগ ক্ষেত্ৰতে দেখা গৈছে যে গাখীৰত থকা পেথোজেন অৰ্থাৎ ৰোগ বৃদ্ধি কৰিব পৰা বিভিন্ন ভাইৰাছ, বেক্টেৰীয়া আৰু অন্যান্য সূক্ষ্ম উদ্ভিদজ বীজাণুয়ে কাণত ঘাঁ আৰু সংক্ৰমণৰ সৃষ্টি কৰে। বিশেষকৈ নৱজাতক সকলৰ ক্ষেত্ৰত এই সমস্যা অধিক হোৱা দেখা যায়।

হাঁওফাঁওত ৰোগৰ সংক্ৰমণ

গাখীৰত থকা পেথোজেনৰ বাবে “হেইনাৰ চিনড্ৰম” নামৰ হাঁওফাঁওৰ এবিধ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় বুলি গৱেষকসকলে মত প্ৰকাশ কৰিছে। এই ৰোগৰ ফলত গৰুৰ গাখীৰৰ বিৰুদ্ধে শৰীৰে এক অ-প্ৰাকৃতিক প্ৰতিৰোধক প্ৰস্তুত কৰি তোলে। অতিৰিক্ত পৰিমাণৰ গাখীৰ গ্ৰহণ কৰিলে এনে প্ৰতিৰোধ বৃদ্ধি পাবলৈ ধৰে। শিশুসকলৰ ক্ষেত্ৰত এই প্ৰৱণতা অধিক পৰিমাণত দেখা যায়।

শৰীৰৰ হাড় ফাট মেলে

গাখীৰত থকা কেলছিয়ামে শক্তি বৃদ্ধি কৰে আৰু হাড় মজবুত কৰে বুলিয়েই এটা সাধাৰণ ধাৰণা প্ৰচলিত কিন্তু গৱেষকসকলে পৰীক্ষা কৰি দেখিছে যে অতিৰিক্ত পৰিমাণৰ গাখীৰ গ্ৰহণ কৰিলে শৰীৰৰ হাড় সমূহ অধিক শক্তিশালীটো নহয়েই বৰং হাড়সমূহ থুনুকা কৰি পেলায়। সেইবাবেই অতিৰিক্ত গাখীৰ গ্ৰহণে হাড়ৰ ফাটমেলা আশংকা বৃদ্ধি কৰি তোলে বুলি গৱেষকসকলে মত প্ৰকাশ কৰিছে।

কাঁহ

গাখীৰ পাণ কৰাৰ সময়ত ডিঙিত ঘন পদাৰ্থৰ উপস্থিতি অনুভূত হয়। এই অনুভূতিৰ পৰাই কাঁহৰ সৃষ্টি হ’ব পাৰে। ঠাণ্ডা গাখীৰেও চৰ্দি, কাঁহ আদিৰ বৃদ্ধিৰ কাৰণ হ’ব পাৰে। ইয়াৰ উপৰিও যিসমূহ শিশুৰ গাখীৰৰ প্ৰতি এলাৰ্জী আছে। সেইসমূহ শিশুৱে গাখীৰ খোৱাৰ ফলত শ্বাস-প্ৰশ্বাসত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ৰোগ সংক্ৰমণ আৰু বেক্টেৰিয়া প্ৰতিৰোধ

ব্যৱসায়িক উদ্দেশ্যে গাখীৰ উৎপাদন কৰা পামসমূহে গৰুৰ দেহত বিভিন্ন এন্টিবায়টিক প্ৰয়োগ কৰে। এই এন্টিবায়টিকবোৰ গৰুৰ গাখীৰতো মিহলি হৈ থাকে ফলত এনে গাখীৰ পাণ কৰিলে শৰীৰৰ বাবে প্ৰয়োজন নথকাকৈয়ে এনেবোৰ এন্টি’বায়টিক শৰীৰত প্ৰৱেশ কৰে। ইয়াৰ ফলতেই ৰোগ সংক্ৰমণৰ আশংকা অতিপাত বৃদ্ধি পায়। কিয়নো এই অপ্ৰয়োজনীয় এন্টিবায়টিক বোৰে শৰীৰত থকা প্ৰয়োজনীয় বেক্টেৰীয়াসমূহকো ধ্বংস কৰি পেলায়।

গাখীৰৰ প্ৰতি থকা এলাৰ্জী

বহু লোকৰ গাখীৰৰ প্ৰতি এলাৰ্জীৰ সমস্যা থকা দেখা যায়। এই এলাৰ্জীৰ ফলতেই গাখীৰৰ শৰ্কৰাত থকা লেক্ট’জেন নামৰ উপাদানবিধ বিপাক নহয়। তাৰ ফলতেই শৰীৰে লেক্ট’জেন সহ্য কৰিব নোৱাৰা হয়।

সেয়েহে পৰিমীত পৰিমাণৰ গাখীৰ গ্ৰহণৰ গৱেষকসকলে গুৰুত্ব প্ৰদান কৰিছে।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 6/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate