অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰহণী ৰোগ প্ৰশমক মছন্দৰী শাক

গ্ৰহণী ৰোগ প্ৰশমক মছন্দৰী শাক

মছন্দৰী এবিধ প্ৰায় সকলোৰে পৰিচিত সহজলভ্য বনশাক। ই গ্ৰহণী ৰোগৰ এবিধ উপকাৰী ঔষধি। অসমৰ প্ৰায় সকলো ঠাইতে ইয়াক পোৱা যায়। এই শাকবিধৰ পাতৰ আকৃতি প্ৰায় পাণৰ দৰে। বৰ্ষজীৱী এইবিধ উদ্ভিদৰ গা অংশ ৰঙীণ আৰু পাতৰ বৰণ ডাঠ সেউজীয়া। ইয়াৰ বৈজ্ঞানিক নআ হৈছে- ‘ৰাণুন কুলাছ ৰেণিফৰমিছ’ (Ranunculus Reniformis) আৰু ই ‘ৰাণুনকুলাচি’ (Ranunculaceae) গোত্ৰৰ। ঘৰৰ আশ-পাশকে ধৰি বাৰী-বস্তিৰ চেঁচুকীয়া জীপাল ঠাইত নিৰ্দ্দিষ্ট বতৰত ই আপোনা-আপুনি লহ্‌পহীয়াকৈ গজি উঠে। ই গ্ৰহণী, তেজগ্ৰহণী (ৰক্তাতিসাৰ), পেট কামোৰনি আদিকে ধৰি পেটৰ বিভিন্ন অসুখৰ বাবে এবিধ উত্তম বনৌষধি। ইয়াৰ এক বিশেষ উগ্ৰ গোন্ধ আছে, যিটো গোধ বহুতেই ভাল নাপায় আৰু ঔষধি হিচাপে গ্ৰহণ কৰিবলৈ ইত:স্তত কৰে। কিন্তু ইয়মীয়াকৈ পৰিমিত ৰূপত ইয়াক ঔষধি হিচাপে (পটাত পিহি ৰস উলিয়াই) ব্যৱহাৰ কৰিলে গ্ৰহণী ৰোগকে ধৰি পেটৰ বিভিন্ন ৰোগত যথেষ্ট সুফল পাব পাৰি আৰু গাঁৱলীয়া সআজত ইয়াৰ ব্যৱহাৰ আৰু ঔষধি গুণৰ সমাদৰ আজিও থকা দেখিবলৈ পোৱা যায়। ইয়াক ব্যঞ্জন হিচাপেও ব্যৱহাৰ কৰিব পাৰি। পাতত দি সিজাই নিমখ-তেল সানি চাট্‌নি হিচাপে ব্যৱহাৰ কৰিব পাৰি নাইবা অইন শাক-পাচলিৰ লগত মিহলাই ‘চালাড’ হিচাপেও ব্যৱহাৰ কৰি ঔষধি গুণৰ সুফল পাব পাৰি। আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি পৰিমিত ৰূপত নহৰুৰ ৰসৰ সৈতে ইয়াৰ ৰস মিহলাই পান কৰিলে অৰুচি-আভোক আদি আঁতৰি যায়। পেটৰ বিষত এনেদৰে সেৱন কৰিলে বিষ প্ৰশমিত হয়। জালুক আৰু পিপলিৰ গুৰিৰ লগত নিমখ অকণ মিহলাই ইয়াৰ ৰস পান কৰিলে শ্বাস কষ্ট দূৰ হোৱাৰ লগতে ব্ৰংকাইটিছ, নিউম’নিয়া জ্বৰ আদিতো কিছু উপশম পোৱা যায়। ‘ক্ৰনিক ডিচেণ্ট্ৰি’ত ভোগা ৰোগীৰ বাবে ই সঁচাকৈয়ে প্ৰকৃতিৰ অনুপম উপহাৰ স্বৰূপ এক অমূল্য ঔষধি। ইয়াৰ উগ্ৰ-অকটা গোন্ধৰ বাবে সেৱনৰ ক্ষেত্ৰত ইতস্তত: নকৰি পৰিমিত ৰূপত (নিৰ্দ্দিষ্ট পথ্যৰ সৈতে), ব্যৱহাৰ কৰি পেটৰ বিভিন্ন ৰোগৰ পৰা আমি নিজকে ৰক্ষা কৰি, নিজৰ সুস্বাস্থ্য অনায়াসে সুনিশ্চিত কৰিব পাৰোঁ।

লেখক: ভুৱনেশ্বৰ ডেকা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 5/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate