অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰীষ্মকালত আপোনাৰ ছালখন ভালে ৰাখক

গ্ৰীষ্মকালত আপোনাৰ ছালখন ভালে ৰাখক

 

সাধাৰণতে মহিলাসকলে পৰিয়ালৰ আন সদস্যসকলৰ আলপৈচান ধৰি থাকোতে সিহঁতৰ শৰীৰটোৰ যত্ন ল’বলৈ সময় নেপায়। বিশেষকৈ চাকৰিজীৱী মহিলাসকলে পুৱা সোনকালে উঠি ল’ৰা-ছোৱালীহঁতৰ লগতে গিৰিহঁতৰ বাবে খাদ্য প্ৰস্তুত কৰি, তেওঁলোকৰ পিন্ধা ]কাপোৰ-কানিৰ যত্ন লৈ থাকোঁতে নিজৰ ছালখনৰ যত্ন ল’বলৈ আহৰিকে নেপায়। তাৰোপৰি ঘনখনৰ আন সদস্যৰ লগতে নিজেও সাজু হৈ অফিচ পাবলৈ লাগে। সেইবাবে খৰধৰকৈ ঘৰৰ পৰা ওলাই ট্ৰেফিক জামৰ মাজেদি নিজে গাড়ী চলাই যাব লাগে বা বাছ বা কেবত উঠি সময়মতে অফিচ পায়গৈ লাগে। খৰধৰকৈ ওলাই যাব লগা হোৱাৰ বাবে নিজৰ ছালখন ভালদৰে পৰিষ্কাৰ কৰাৰ বাবে সময় নেপায়। বৰং নগৰ-চহৰৰ প্ৰদূষিত বায়ু গাত লগাই কোনোমতে অফিচ পোৱাটোহে জৰুৰী হৈ উঠে।

বাহিৰৰ ধূলি-বালি গা আৰু মুখৰ ছালত লাগি ছালখনত সংক্ৰমণ হোৱাৰ আশংকা প্ৰতিদিনে বৃদ্ধি পায়। দিনত সময় নেপায় যদিও গধূলি অফিচৰ পৰা আহি ছালখন পৰিষ্কাৰ কৰিহে ৰাতি শুবলৈ যাব লাগে। ৰাতি গা-ধোৱাৰ অভ্যাসে ছালত লাগি থকা প্ৰসাধন সামগ্ৰী, শুকাই যোৱা ঘামৰ চামনি, ছালত লাগি ৰোৱা তেলৰ চামনি আৰু ধূলি-বালি আৰু প্ৰদূষিত দ্ৰব্যবোৰ পৰিষ্কাৰ কৰাত সহায় কৰিব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate