অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰীষ্মকালীন সকাহ :

গ্ৰীষ্মকালীন সকাহ :

 

১) সাধাৰণতে আমি সকলোৱে শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ ব্যৱস্থা কৰিব নোৱাৰো বা অনেক অসুবিধা থাকে । আনহাতে অধিক গৰম পৰিলে ফেনৰ বতাহো গৰম হৈ পৰে । বাতাৱৰণ ঠাণ্ডা কৰিবলৈ বৰফৰ টুকুৰা এঠাইত থৈ তাত লগাকৈ ফেনখন চলাই দিয়কচোন । ঠাণ্ডা বতাহ অনুভৱ কৰিব ।

২) গ্ৰীষ্মত কেতিয়াবা বাৰে বাৰে পানী খালে পানীৰ সোৱাদ নোপোৱা হয় । আনহাতে বহুলোকে এনাৰ্জি ড্ৰিংক কিনি খাব লগা হয় । এই সমস্যা নোহোৱা কৰিবলৈ পাতল পাতলকৈ নেমু চকলিয়াই ডিপ ফ্ৰিজাৰত থওক । প্ৰতি গিলাচ পানীত এটা শ্লাইচ দি খাওকচদোন ।

৩) জহকালি পানীৰ সৈতে খেলি শিশুৱে ভাল পায় । গতিকে আপোনাৰ বাগিচাখনত এটা ফোঁৱাৰাৰ সৃষ্টি কৰিব পাৰে ঘৰুৱাভাৱে । এটা ডাঙৰ বটল সৰু সৰুকৈ কেবাঠাইতো ফুটা কৰি দিয়ক । এতিয়া পানীৰ পাইপডাল বটলৰ মুখত লগাই দিয়কচোন, সুন্দৰ ফোঁৱাৰৰ সৃষ্টি হ’ব ।

৪) আকৌ আমাৰ বহুলোকৰ বাগিচাত পানী দিবলৈ পাইপ লগোৱা থাকে । এই পাইপৰ পানী এক নিৰ্দিষ্ট ঠাইতহে পৰে, কিন্তু তেনে পাইপৰ মুখত আন ৰঙীন প্লাষ্টিকৰ পাইপ লগাই ইচ্ছা কৰামতে আপুনি বিচৰা ঠাইত পানী পেলাব পাৰে । ৰঙীন পাইপে বাগিচাৰ সৌন্দৰ্যও বৃদ্ধি কৰিব ।

৫) জহকালিৰ গাৰ্ডেন পাৰ্টিসমূহত যিকোনো পানীয় ঠাণ্ডা কৰি ৰাখিবলৈ আইচ কিউবৰ সলনি ফ্ৰ’জেন ৱাটাৰ ব্যৱহাৰ কৰিব পাৰে । ৰঙীন হোৱাৰ বাবে সৌন্দৰ্য দুগুণ হয় ।

৬) জহকালি ৰ’দে পোৰা এক সুকীয়া সমস্যা । এছ পি এফ লগাবলৈ পাহৰিলে নেকি? চিন্তা নকৰিব, এল’ভেৰা জেল ফ্ৰিজত থৈ একেবাৰে ঠাণ্ডাকৈ সানক । ছাল গৰম হোৱা, ৰঙা পৰা সকলো ৰেহাই পাব ।

৭) কেতিয়াবা বিজুলী নথকাৰ সময়ত আমি খোৱা ড্ৰিংকবোৰ ঠাণ্ডা কৰি ৰখাত অসুবিধা হয় । এনে অৱস্থাত ঠাণ্ডাপানী (কুঁৱা বা দমকলৰ পানীত) ত ডুবাই ৰাখিব পাৰে ।

৮) শিশুকেইটিয়ে ঘৰৰ ভিতৰতে নদীৰ দৰে পানী বিচাৰিছে নেকি- য’ত তেওঁলোকে নিজ হাতেৰে তৈয়াৰ কৰা কাগজৰ নাও উটুৱাব পাৰে ।চিন্তা নকৰিব , ফইল পেপাৰেৰে দীঘলীয়া আকৃতিৰে তৈয়াৰ কৰিব পাৰে নদীৰ । ফইল পাতল হোৱা বাবে পৰি যাব পাৰে, সেয়ে ইয়াৰ মাজত সুন্দৰ শিলগুটি কেইটামান থওক । এতিয়া পানী ঢালি দিয়ক । সুন্দৰ নদীৰ সৃষ্টি হ’ব ।

৯) জহকালি কোনো পাৰ্ক আদিলৈ গ’লে মুকলি অৱস্থাত অধিক গৰম লাগে ।শ্বেড থাকিলে তাৰ তলত সুন্দৰকৈ বহিব পাৰে । ক্ষন্তেক সময়ৰ বাবে নিজেও এনে শ্বেড তৈয়াৰ কৰিব পাৰে । কেৱল দীঘল শাৰী বা কাপোৰ আৰু ৰিং লগত লৈ যাওক । ৰিং নহ’লে ওপৰছোৱাত গাঁঠিও মাৰিব পাৰে ।

১০) জহকালি আমাৰ শৰীৰৰ ভিন্ন অংশ যেনে মুখমণ্ডল, ডিঙিৰ পিছৰছোৱা ঠাণ্ডা কৰি ৰাখিবলৈ আইচ বেগ লগাওক । ‘কুল’ হৈ পৰিব ।

উৎস ;- নন্দিনী

শেহতীয়া উন্নীতকৰণ: : 4/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate