ঘাম মানুহকে ধৰি সকলো শ্ৰেণীৰ স্তন্যপায়ী প্ৰাণীৰ ছালত থকা ঘৰ্মগ্ৰন্থি নামৰ এক বিশেষ ধৰণৰ গ্ৰন্থিৰ পৰা নি:সৃত বিভিন্ন খনিজ পদাৰ্থ, লেক্টেট, ইউৰিয়া মিশ্ৰিত পানীভাগ। একোজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত দুইৰপৰা চাৰি মিলিয়ন ঘৰ্মগ্ৰন্থি থাকে। এই ঘৰ্মগ্ৰন্থিসমূহ দুই প্ৰকাৰৰ-
(ক)এপোক্ৰাইন গ্ৰন্থি আৰু
(খ)এক্ৰাইন গ্ৰন্থি।
এক্ৰাইন গ্ৰন্থি সৰ্বশৰীৰতে ব্যাপ্ত যদিও হাত আৰু ভৰিৰ তলুৱা অংশত ইয়াৰ অৱস্থিতি সৰ্বাধিক। আনহাতে, এপোক্ৰাইন শ্ৰেণীৰ গ্ৰন্থিসমূহ মূলত: কাষলতি, স্তন আৰু কৰঙন অংশত পোৱা যায়। এক্ৰাইন গ্ৰন্থিৰপৰা নি:সৃত ঘাম পাতল পনীয়া হোৱাৰ বিপৰীতে এপোক্ৰাইন গ্ৰন্থিৰপৰা নি:সৃত ঘাম তুলনামূলকভাৱে ডাঠ আৰু ফেৰোমনযুক্ত হয়। মানুহৰ ঘামত ছডিয়াম, পটাছিয়াম, কেলছিয়াম, মেগনেছিয়াম, জিংক, ক’পাৰ, আইৰন, ক্ৰমিয়াম, নিকেল আদি বিভিন্ন হাৰত থাকে বা থাকিব পাৰে। মানুহৰ শৰীৰত ঘামে প্ৰধানত: শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পৰিবেশ ভেদে প্ৰাপ্তবয়স্ক মানুহ এজনৰ সৰ্বাধিক দৈনিক দহ লিটাৰৰপৰা চৈধ্য লিটাৰলৈ ঘাম ওলাব পাৰে। মানুহৰ মগজুৰ হাইপোথেলামাচ ভাগৰপ্ৰি-অপ্টিক আৰু সন্মুখ ভাগত অৱস্থিত কেন্দ্ৰই ঘাম সংক্ৰান্তীয় ক্ৰিয়া-বিক্ৰিয়া নিয়ন্ত্ৰণ কৰে। স্বাভাৱিক অৱস্থাত এক্ৰাইন আৰু এপোক্ৰাইন দুয়োবিধ গ্ৰন্থিৰ পৰা ওলোৱা ঘামেই গোন্ধহীন হয়। সেয়েহে গোন্ধযুক্ত ঘাম কোনো লুকাই থকা অস্বাভাৱিকতা বা ৰোগৰ লক্ষণ হোৱাৰ পূৰামাত্ৰাই সম্ভাৱনা থাকে। দুৰ্গন্ধময় ঘামৰ সমস্যাক চিকিৎসা বিজ্ঞানৰ ভাষাত ব্ৰ’মহাইড্ৰোছিছ বুলি কোৱা হয়। মানুহৰ শৰীৰৰ ছালত বিভিন্ন ধৰণৰ বেক্টেৰিয়া তথা অণুজীৱ থাকে বা থাকিব পাৰে। এই বেক্টেৰিয়া আৰু অণুজীৱ সমূহে ঘামত থকা গোন্ধহীন লৱণ, খনিজ পদাৰ্থ আদিৰ ৰাসায়নিক গঠন বিশেষভাৱে ভাঙি পেলায় আৰু ফলস্বৰূপে গোন্ধযুক্ত ফেটি এচিড, এমোনিয়া আদি পদাৰ্থৰ সৃষ্টি হয়। বেক্টেৰিয়া বা অণুজীৱৰ সংখ্যা আৰু ঘামৰ পৰিমাণৰ ওপৰত গোন্ধৰ তীব্ৰতা নিৰ্ভৰ কৰে। ঘৰ্মাক্ত শৰীৰ দুৰ্গন্ধমুক্ত কৰি ৰাখিবলৈ সেয়ে
(ক)ছালত বেক্টেৰিয়া আৰু অণুজীৱৰ সংখ্যা নিয়ন্ত্ৰণ আৰু সম্ভাৱ্য ঠাইবোৰ যেনে কাষলতি আদি ঘামমুক্ত কৰি ৰখাৰ চেষ্টা কৰিব লাগে। কৃত্ৰিম সুগন্ধি দ্ৰব্যৰ ব্যৱহাৰ দীৰ্ঘকালীনভাৱে একেবাৰে উপযোগী নহয়। এনে সুগন্ধি দ্ৰব্যবোৰত থকা বিভিন্ন ৰাসায়নিক পদাৰ্থই মূৰকত ঘাম আৰু বেক্টেৰিয়াৰ সংস্পৰ্শলৈ আহি দুৰ্গন্ধহে সৃষ্টি কৰা সততে দেখা যায়। নিয়মীয়াকৈ যথাযথভাৱে গা ধোৱা এক ফলপ্ৰসূ গোন্ধ নিৰাময়ৰ উপায়। দৈনিক অন্তত: দুবাৰকৈ গা ধুব লাগে। ইয়ে ছালত বেক্টেৰিয়া বা ঘাম জমা হোৱা ৰোধ কৰাৰ লগতে ঘৰ্মগ্ৰন্থিৰ মুকলি কৰি ৰাখি ছাল বীজাণুমুক্ত কৰি ৰখাত সহায় কৰে। গা ধোৱা সময়ত কাষলতি, কৰঙন, ভৰি বা আঙুলিৰ ফাঁক আদি অঞ্চলৰ পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ মনোযোগ দিব লাগে। সম্ভাৱ্য ক্ষেত্ৰত কাষলতি আদি শৰীৰৰ অংশ বিশেষৰ চুলি বা নোম আদি খুৰালে বা অইন উপায়ে গুচালে, তেনেবোৰ ঠাইত ঘাম আৰু অণুজীৱ জমা হোৱাটো কিছু পৰিমাণে বোধ হয়। পাউদাৰ বা এণ্টিপাৰ্চপিৰেণ্ট আদি ঘাম কমাবলৈ ব্যৱহাৰ কৰা কোনো ধৰণৰ দ্ৰব্য ব্যৱহাৰ নকৰাই ভাল। এইবোৰে ঘাম ওলোৱা নলিকাবোৰৰ মুখ বন্ধ কৰি হিতে বিপৰীতহে কৰে। গেঞ্জী, অন্তৰ্বাস, মোজা আদি দৈনিক সলাব আৰু ধুব লাগে। ধুই উঠাৰ পিছত এনেবোৰ কাপোৰ ভালদৰে ৰ’দাব লাগে আৰু শুকান পৰিষ্কাৰ পৰিবেশত ৰাখিব লাগে। ঘামত ভিজি যোৱা কাপোৰ বেছি সময় পিন্ধি থাকিব নালাগে, ইয়ে দুৰ্গন্ধ সৃষ্টিকাৰী বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধিত সহায় কৰে। ঘামৰ গোন্ধৰ সৈতে খোৱা খাদ্যৰ প্ৰত্যক্ষ সম্পৰ্ক থাকে। ভজা খাদ্য, ফাষ্ট ফুড, ৰাসায়নিক প্ৰিজাৰ্ভেটিভযুক্ত পেকেজড আহাৰ সঘনাই গ্ৰহণ কৰিলে ঘাম বেয়া গোন্ধোৱাৰ সম্ভাৱনা থাকে। ধূমপান ঘামৰ দুৰ্গন্ধৰ অন্য এক কাৰণ, সেয়ে যিসকলে ধূমপান কৰে সেয়া ত্যাগ কৰা যুগুত। এইখিনি কৰাৰ পিছতো যদিহে ঘামৰ দুৰ্গন্ধ আঁতৰা নাই, তেন্তে নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগিব। শৰীৰৰ কেতবোৰ সমস্যা বা অসুখৰ বাবেও ঘাম গোন্ধাব পাৰে। বয়:সন্ধি, ৰজোনিবৃত্তি আদি সময়ছোৱাত হোৱা হৰমোনৰ পৰিৱৰ্তন বা তাৰতম্য, ডায়েবেটিছ, লুকাই থকা প্ৰদাহ আদিও গোন্ধৰ কাৰণ হ’ব পাৰে। লগতে চৰ্মৰোগ বিশেষজ্ঞৰ সৈতে ইণ্টাৰট্ৰাইগ’, ইৰীথ্ৰাজমা, ট্ৰাইকোমাইক’ছিছ এক্জিলাৰিছ আদি ৰোগৰ সম্ভাৱনীয়তা সম্পৰ্কে পৰামৰ্শ গ্ৰহণ কৰা উচিত।
লিখক: ডা° ৰমেন কুমাৰ কাকতি, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 6/2/2020
অসমৰ খোৱাপানীৰ ফ্ল’ৰাইডৰ সমস্যাটো
উচ্চ শিক্ষা, চৰকাৰৰ আৰু আমাৰ সমস্যাৰ সমীকৰণ
অসমৰ জলবায়ু পৰিবৰ্তন: এক জ্বলন্ত সমস্যা
অসমৰ ভূমি সংকোচন সমস্যা