অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰীষ্মকালৰ সহজ পাচ্য আহাৰঃ

গ্ৰীষ্মকালৰ সহজ পাচ্য আহাৰঃ

গৰম পৰাৰ লগে লগে অশান্তিদায়ক হৈ পৰে মানুহৰ জীৱন। বিশেষকৈ খোৱাৰ ক্ষেত্ৰত অনীহা আহে। হাইপোথেলামাছ গ্ৰন্থিৰ বাবে গৰমত হাইড্ৰ’ক্লৰিক এচিড বাঢ়ি যায় যাৰ বাবে এচিডিটি-ৰ ভাব এটা সকলো সময়তে থাকে। ইয়ে খাদ্য হজম হোৱাত ব্যাঘাত জন্মায়।

গৰমৰ কালত ঘাম হৈ শৰীৰৰ পৰা পানী তথা নিমখ বাহিৰ হয়। সেয়ে গৰমকালি প্ৰচুৰ পানী খোৱা প্ৰয়োজন। প্ৰতিদিনে পৰিষ্কাৰ পানী অন্ততঃ ১০-১২ গিলাচ খাব লাগে। বাহিৰলৈ গ’লেও লগত এটা পানীৰ বটল নিবলৈ পাহৰিব নালাগে। ইয়াৰ উপৰি সামান্য চেনি-নিমখ মিহলোৱা নেমু পানী শৰীৰৰ বাবে অত্যন্ত উপকাৰী। গ্লুক’জ পানীও খাব পাৰে। বাৰ্লিৰ পানী, নিমখ, চেনি তথা নেমুৰ পানী মিহলোৱা মিশ্ৰণ সুস্বাদু হোৱাৰ লগতে শৰীৰৰ বাবেও অতি উপকাৰী।

গৰমকালি খাদ্য তালিকাত সতেজ ফলমূল ৰখাটো অত্যন্ত জৰুৰী। কাৰণ সতেজ ফলমূলত পৰিপুষ্টি মূল্য যথেষ্ট থাকে। মিচিৰিৰ চৰবতো অত্যন্ত উপযোগী শৰীৰৰ বাবে। ই কাৰ্ব’হাইড্ৰেটজাতীয় খাদ্যৰ অন্তৰ্গত। গৰমকালি প্ৰ’টিনতকৈ কাৰ্ব’হাইড্ৰেটজাতীয় খাদ্য শৰীৰৰ বাবে অধিক লাগতিয়াল। ইয়াৰ উপৰি ডাবৰ পানী, ফলৰ ৰস, পদিনাৰ চৰবত ইত্যাদিত ভিটামিন ‘চি’ যথেষ্ট পৰিমাণে থাকে বাবে শৰীৰটো সতেজ হৈ থাকে। গ্ৰীষ্মৰ এই সময়ছোৱাত কেঁচা  মাছ-মাংস তিনি চাৰিদিনলৈ ফ্ৰিজত ৰাখি থ’ব নালাগে। ডিপ ফ্ৰিজত ওপৰত মাংস ৰাখি তলতহে মাছ ৰখা ভাল। প্ৰত্যেকটো বস্তু বেলেগে বেলেগে সৰু সৰু বক্স বা প্লাষ্টিকৰ পেকেটত থৈ ফ্ৰিজত ৰাখিব লাগে। এই সময়ছোৱাত নিৰামিষ আহাৰহে খোৱা ভাল। ৰান্ধি থোৱা খাদ্য বাহি কৰি কেতিয়াও ফ্ৰিজত থৈ খাব নালাগে গ্ৰীষ্মৰ সময়ছোৱাত। ই পেটৰ বাবে ভীষণ ক্ষতিকাৰক। গৰমত কেতিয়াও বাহিৰত অৰ্থাত্ ৰেষ্টুৰেণ্ট, ফাষ্টফুড চেণ্টাৰ আদিত খাব নালাগে। কিয়নো ১০-১৫ দিনলৈ ৰাখি থোৱা মাংসৰেও খাদ্য প্ৰস্তুত কৰে, যি আমাৰ শৰীৰৰ বাবে অত্যন্ত হানিকাৰক।

গৰমত আইচক্ৰীম বা কোল্ড ড্ৰিংকছেৰে বজাৰ ভৰি পৰে। আইচক্ৰীমত কিছু পৰিমাণে পুষ্টিগুণ থাকে মিল্কফেটৰ কাৰণে। আইচক্ৰীম খালে চৰ্দি বা মাত বহি যোৱাৰ সম্ভাৱনা কম থাকে। সপ্তাহত ২-৩ দিনৰ বেছি আইচক্ৰীম খাব নালাগে। কিন্তু কোল্ড ড্ৰিংকছত একেবাৰে নাই। কাৰণ এই ঠাণ্ডা পানীয়বিলাকত কাৰ্বন-ডাই-অক্সাইড, পানী, চেনী তথা কৃত্ৰিম ফ্লেভাৰ আৰু ৰং মিহলোৱা থাকে। বৰং কেলৰী অযথা বাঢ়ি যায়। আজিকালি বজাৰত পোৱা পেকেট জুচবিলাকো একেই শাৰীতে পৰে। সেয়েহে বতৰৰ ফল যেনে- তৰমুজ, আম, কঁঠাল, আঙুৰ, লেচু, জাম আদি খাব লাগে। ইয়াৰ পৰা ভিটামিন যথেষ্ট পৰিমাণে পোৱা যায়। বতৰৰ ফল খালে কোষ্ঠকাঠিন্য দূৰ হয়। ইয়াৰ উপৰি ঘৰতে তৈয়াৰ কৰা মেংগো চেক খালে সঁচা অৰ্থত্ শৰীৰে ভিটামিন পায়।

সকলো ঋতুতেই পুৰুষৰ ২২০০ কেলৰী, মহিলাৰ ১৮৭৫ কেলৰীৰ প্ৰয়োজন। পুৱাৰ সময়ত চাহৰ নিচা থকা মানুহে প্ৰতিদিনে দুটা মেৰী বিস্কুটৰ লগত একাপ চাহ খাব লাগে। দুপৰীয়াৰ আহাৰত ভাত বা ৰুটি, দাইল অথবা পাতলকৈ প্ৰস্তুত কৰা মাছৰ জোল, সতেজ শাক-পাচলি, লগত দৈ থকাটো জৰুৰী। আনহাতে বাঢ়ি অহা ল’ৰা-ছোৱালীক প্ৰতিদিনে এটা সিজোৱা কণী দিয়াটো প্ৰয়োজন। মুঠতে কাৰ্ব’হাইড্ৰেটজাতীয় খাদ্য খাব লাগে। যিহেতু ই সহজে হজম হয়। এই সময়ছোৱাত তেল-মচলাজাতীয় খাদ্যৰ পৰা দূৰত থাকিব লাগে।

লেখকঃ নয়নজ্যোতি কাশ্যপ

উত্সঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate