অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰীষ্মত ঘৰতে প্ৰস্তুত কৰক বডি স্ক্ৰাব :

গ্ৰীষ্মত ঘৰতে প্ৰস্তুত কৰক বডি স্ক্ৰাব :

 

গ্ৰীন টি বডি স্ক্ৰাব -

ঘৰতে প্ৰস্তুত কৰি ল’ব পৰা বডি স্ক্ৰাবৰ ভিতৰত অন্যতম গ্ৰীন টি বডি স্ক্ৰাব। চেনি অথবা ইপচম নিমখৰ সৈতে মিহলাই এই বডি স্ক্ৰাব প্ৰস্তুত কৰি ল’ব পাৰি। লগতে সামান্য পৰিমাণৰ বেকিং ছ’ডা, কেইটোপালমান ময়শ্বাৰাইজিং অইল, যেনে- অলিভ, জ’জবা আৰু গ্ৰেপছীড অইল মিহলাই ল’ব। এই মিশ্ৰণৰ স্ক্ৰাব ছালত ঘূৰাই ঘূৰাই সানিব। কিছু সময়ৰ পিচত কুহুমীয়া গৰমপানীৰে ধুই দিব। ছাল সবল হোৱাৰ লগতে উজ্জ্বল আৰু কোমল হৈ পৰিব।

ব্ৰাউন ছুগাৰ -

সাধাৰণতে কৰা বডি স্ক্ৰাবৰ ভিতৰত ব্ৰাউন ছুগাৰ অন্যতম। এই ব্ৰাউন ছুগাৰ অন্য যিকোনো উপকৰণৰ সৈতে মিলাই প্ৰস্তুত কৰি ল’ব পাৰি। উদাহৰণস্বৰুপে ব্ৰাউন ছুগাৰৰ সৈতে সামান্য কফি মিহলাই ল’ব। যদি আপোনাৰ ছাল যথেষ্ট স্পৰ্শকতাৰ তেন্তে কফিৰ সলনি ওটমিল মিহলাই ল’ব। তদুপৰি ব্ৰাউন ছুগাৰৰ সৈতে পকা কলো মিহলাই ল’ব পাৰে। ছালৰ পৰা ওলোৱা অতিৰিক্ত তেল নিয়ন্ত্ৰণ কৰাত ই সহায় কৰে। লগতে ছালৰ ময়শ্বাৰাইজাৰ হিচাপে কাম কৰে। ইপিনে এই স্ক্ৰাবত কেইটোপালমান অলিভ অইল অথবা যিকোনো এছেনচিয়েল অইল মিলাই ল’ব পাৰে।

নেমু আৰু অলিভ অইল -

এটা নেমু টেঙাৰ ৰস, নেমুৰ বাকলিৰ অংশ, অলপ পৰিমাণৰ চেনিৰ দানা আৰু অলিভ  অইল মিহলাই প্ৰস্তুত কৰি লোৱা এই স্ক্ৰাব তৈলাক্ত ছালৰ বাবে উপযোগী। উল্লেখ্য যে অলিভ অইলে নেমু টেঙাৰ নিহিত থকা এচিডিটিৰ পৰিমাণৰ ভাৰসাম্যতা ধৰি ৰাখে। ফলত ছালখন অধিক উজ্জ্বল হয়, শুকান নহয়। মন  কৰিবলগীয়া যে এই স্ক্ৰাবত সামান্য পৰিমাণৰ যিকোনো এবিধ এছেনচিয়েল অইল যেনে- গ্ৰেপ ফ্ৰুইট, ৰ’জমেৰী অইল মিহলাই ল’ব পাৰে। কাৰণ এই এছেনচিয়েল অইলে ছালৰ কোষসমূহ খোল খোৱাত সহায় কৰে।

উৎস: দেওবৰীয়া সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 1/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate