অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰীষ্মত পুৰুষৰ চুলিৰ উপযোগী তেল :

 

এভ’কাড’ অইল -

এভ’কাড’ অইল খুউব পাতল আৰু কোমল । ইয়াত ভিটামিন এ, বি, ডি, ই, আইৰন, এমিন’ এচিড আৰু ফলিক এচিড উপাদানেৰে ভৰপুৰ। যিসমুহ উপাদানে চুলিৰ সৌষ্ঠৱ বৃদ্ধি কৰাত সহায় কৰে। তদুপৰি সহজে ভাঙি যোৱা বা ঠুনুকা চুলি, ফ্ৰেকী (ছটা ছটে ছাল এৰা), অনিষ্ট হোৱা চুলিৰ বাবে উপকাৰী। বিশেষকৈ গ্ৰীষ্মৰ দিনত চুলিৰ বাবে এই তেল যথেষ্ট উপকাৰী।

জ’জবা অইল -

শুকান, ক্ষতিগ্ৰস্ত চুলিৰ বাবে এই তেল উপকাৰী। লগতে উফি নিৰ্মুল কৰাতো এই তেলে বিশেষ অৰিহণা যোগায়। তদুপৰি ই মুৰৰ ছালত প্ৰাকৃতিক তেলৰ যোগান ধৰে।

আলমণ্ড অইল -

যিসকলে চুলি সৰা সমস্যাত ভুগিছে, তেওঁলোকে এই তেল চুলিত লগালে উপকৃত হ’ব। নিয়মিত এই তেল ব্যৱহাৰৰ ফলত চুলি দীঘল হয় আৰু লহপহীয়া হোৱাত সহায় হয়। ভিটামিন ই উপাদানেৰে ভৰপুৰ আলমণ্ড তেলে চুলি পৰিষ্কাৰ কৰাৰ লগতে চুলি স্বাস্থ্যৱান কৰি তোলে।

অলিভ অইল -

চুলিৰ ক্ষেত্ৰত অলিভ অইল বা জলফাই তেলে কণ্ডিচনাৰ হিচাপে কাম কৰে। তদুপৰি ই স্পৰ্শকতাৰ (ছেনছিটিভ) চুলিৰ বাবে উপযোগী। অলিভ অইল ব্যৱহাৰেৰে ছেনিছিটিভ চুলিৰ ক্ষেত্ৰত কোনোধৰণৰ পাৰ্শ্বক্ৰিয়া ঘটোৱাৰ ভয় নাথাকে। আনহাতে অলিভ অইল মুৰৰ ছালৰ তালুৰ ক্ষেত্ৰত উৎকৃষ্ট ময়শ্বাৰাইজাৰ হিচাপেও কাম কৰে।

নাৰিকল তেল -

সকলো প্ৰকাৰৰ চুলিৰ বাবে নাৰিকল তেল উপযোগী। সৰ্বাধিক লোকে চুলিত নাৰিকল তেল ব্যৱহাৰ কৰে চুলিৰ বৃদ্ধি, গঠনৰ ক্ষেত্ৰত নাৰিকল তেলৰ গুণাগুণ অপৰিসীম। তদুপৰি উফি নিৰ্মুল, মুৰৰ শুকান তালুৰ ক্ষেত্ৰত পুষ্টি যোগান ধৰাৰ লগতে চুলি উজ্জ্বল হোৱাত সহায় কৰে।

উৎস: দেওবৰীয়া সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 3/4/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate