অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰীষ্মৰ জুৰণি শীতল বেল চাহ আৰু চৰবত

গ্ৰীষ্মৰ জুৰণি শীতল বেল চাহ আৰু চৰবত

বেলৰ উপকাৰিতা সকলোৰে জ্ঞাত। বৰ্তমানো অসমৰ গাৱেঁ-ভূঞে যথেষ্ট বেলগছ দেখিবলৈ পোৱা যায়। পকা বেলৰ মিঠা শাহখিনি সাধাৰণতে চৰবত কৰি খোৱা হয় চেনি আৰু গাখীৰ মিহলাই ।

উপকৰণ -

বেল সিজাই ল’ব পাৰে নতুবা পুৰি ল’লে এটা খোলীয়া গোন্ধ ওলায়। সিজোৱা বা পোৰা বেল ঠাণ্ডা হ’লে দুফাল কৰি এটা পাত্ৰত চামুচেৰে ৰুকি লওক। অলপ পানী মিহলাই ভালকৈ সানি লৈ জাবৰ আৰু গুটিখিনি পেলাই দিয়ক। বেছি যাতে ডাঠো নহয় অথবা পাতলো নহয়। মধ্যমীয়া কৰিবলৈ আন্দাজমতে পানী দিয়ক। চেকনিৰে চৰবতখিনি চেকি লৈ জাবৰ আৰু গুটিখিনি পেলাই দিয়ক। চেনি আৰু গাখীৰ আন্দাজমতে মিহলাই চৰবত তৈয়াৰ কৰি লওক। ই সাধাৰণতে সোৱাদযুক্ত আৰু স্বাস্থ্যসন্মত। ই পেটৰ বাবে উপকাৰী । মাজে মাজে বেলৰ চৰবত খাই থাকিলে পেটটো ঠাণ্ডা হৈ থাকে। আকৌ বহুতৰে ঘৰত চাহপাতৰ সলনি কুমলীয়া বেল পাতল পাতলকৈ ঘূৰণীয়া আকৃতিৰ কৰি কাটি শুকুৱাই সংৰক্ষণ কৰে আৰু তাৰে চাহ প্ৰস্তুত কৰি খায়। বেলৰ চাহ সোৱাদযুক্ত আৰু সুগন্ধিময়। ই স্বাস্থ্যসন্মত । মধুমেহ ৰোগৰ লগতে স্মৃতিশক্তি ৰক্ষা, সবল হৃদযন্ত্ৰ আৰু সুষম হজমশক্তিৰ বাবেও ভাল।

উপকৰণ:

শুকুৱাই ৰখা বেলৰ টুকুৰা, পানী, ৰুচি অনুযায়ী চেনি।

প্ৰস্তুতি -

মধ্যমীয়া তাপত পানীখিনি গৰম দিয়ক আৰু উতলিলে বেলৰ টুকুৰা একাপ চাহত ৪/৫ টুকুৰা দি কেইমিনিটমান পিছত চেনি যোগ কৰক। পানীখিনিৰ ৰং কমলাৰঙী হ’লে নমাই ঠাণ্ডা হ’লে চাহখিনিত বৰফৰ টুকুৰা দি পৰিৱেশন কৰক।

ডালিম গছৰ কুমলীয়া পাতেৰেও চাহ কৰি খাব পাৰি। ইও স্বাস্থ্যসন্মত।

লেখিকা : চম্পাৱতী দেৱী (নন্দিনী)

শেহতীয়া উন্নীতকৰণ: : 2/15/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate