অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰীষ্মৰ সকাহ কপাহী পোছাক :

গ্ৰীষ্মৰ সকাহ কপাহী পোছাক :

 

উৎকট গৰম পালেহি। ঘৰতেই হওক বা ক’ৰবালৈ ওলাই যাবলৈকে হওক, কাপোৰসাজ পিন্ধোতে চিন্তা-ভাৱনা কৰিবলগা হয়। কি কাপোৰে আমাৰ গাৰ ছালখন শীতল কৰি ৰাখিব, কি কাপোৰে ঘাম শুহি ল’ব, কি কাপোৰ পিন্ধিলে শৰীৰত বতাহ চলাচল কৰিব পাৰিব-আদি বিষয়বোৰ চিন্তা কৰি সঁচাকৈয়ে কাপোৰ পিন্ধিবৰ সময়ত হাবাথুৰি খাব লাগে। বজাৰতো বিভিন্ন ধৰণৰ ছিন্থেটিক কাপোৰৰ পোছাক পোৱা যায়- যি দেখাত সুন্দৰ, দামো আয়ত্তৰ ভিতৰত। পিছে গৰমকালি কপাহী কাপোৰৰ সমান আৰামদায়ক একো হ’ব নোৱাৰে। চিকিৎসকসকলেও তাকেই কয়।

কপাহী কাপোৰ প্ৰাকৃতিক কাপোৰ। নাইলন, পলিয়েষ্টাৰ, কৃত্ৰিম ফাৰ আদি কিছুমান কাপোৰ গৱেষণাগাৰত উৎপাদন কৰা হয়। এনে কিছুমান কৃত্ৰিম উপায়েৰে উৎপাদন কৰা কাপোৰ আনকি মাটিৰ লগত সহজে মিলি যাবও নোৱাৰে। বিপৰীতে কপাহী, লিনেন, ৰেচম আদি প্ৰাকৃতিক সুতাৰে তৈয়াৰী কাপোৰ। কাশ্মীৰ, আংগোৰা আদি উণী সূতা, ৰেমী, পছমী, মৰাপাট আদিও প্ৰাকৃতিক সূতাৰ কাপোৰ, কিন্তু এইবোৰ গৰমৰ বাবেও উপযোগী নহয়। বিপৰীতে গৰমত কপাহী  কাপোৰ ব্যৱহাৰ কৰাৰ কেইটামান যুক্তি হ’ল-

১) আৰ্দ্ৰতা নিয়ন্ত্ৰণ;

কপাহী কাপোৰৰ মাজেৰে বতাহ চলাচল কৰিব পাৰে। ই ছালৰ আৰ্দ্ৰতা সহজেই শুহি ল’ব পাৰে। সেয়েহে যিকোনো কাম কাৰোতে, বিশ্ৰাম কৰোতে, ব্যায়াম কৰোতে কপাহী কাপোৰেই সকলোতকৈ উপযোগী।

তাপ ৰোধ:

সূৰ্যৰ প্ৰখৰ ৰ’দ আৰু তাপৰ পৰা কপাহী সূতাৰ পোছাকে আমাৰ ৰক্ষা কৰিব পাৰে। ইয়াৰ বাবে গৰমকালি প্ৰচণ্ড ৰ’দত ওলাওঁতে হাতদীঘল, ঢিলা কপাহী পোছাক পিন্ধা উচিত।

হাইপো এলাৰ্জেনিক :

বহু লোকৰ ছিন্থেটিক কাপোৰ পিন্ধিলে এলাৰ্জি হয়। কপাহী কাপোৰৰ পৰা সেই আশংকা নাথাকে।

জলবায়ু উপযোগী:

কপাহে কাপোৰ সকলো জলবায়ুৰ বাবে উপযোগী। গৰমৰ বাবে ই সকলোতকৈ উপযোগী হোৱাৰ উপৰিও শীত, বৰ্ষা, ৰুক্ষ সকলো জলবায়ুত ইয়াৰ উপযোগিতা হ্ৰাস নাপায়।

আৰামদায়ক:

কপাহী কাপোৰ স্বাভাৱিকভাৱেই কোমল, গতিকে আৰামদায়ক। আমোদজনক কথা, যিমানেই পুৰণি হয় কপাহী কাপোৰ সিমানেই আৰামদায়ক হয়।

স্থায়িত্ব:

সাধাৰণভাৱে ৰাখিলেও কপাহী কাপোৰ দীৰ্ঘদিনৰ বাবে ভালে থাকে।

মুঠতে সকলো বয়সৰ লোকৰ বাবে, সকলো অনুষ্ঠানৰ বাবে, সকলো সময়তে কপাহী কাপোৰৰ সমান উপযোগী কাপোৰ আৰু একো নাই।

লেখিকা: পূৰ্বাণী গোস্বামী (নন্দিনী)

 

শেহতীয়া উন্নীতকৰণ: : 1/19/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate