অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰীষ্মৰ সময়ছোৱাত ছালৰ বিভিন্ন সমস্যা আৰু যতন

গ্ৰীষ্মৰ সময়ছোৱাত ছালৰ বিভিন্ন সমস্যা আৰু যতন

গ্ৰীষ্মৰ সময়ছোৱাত ছালৰ বিভিন্ন সমস্যাৰ সৃষ্টি হয়। সেয়ে এই সময়ছোৱাত ছালৰ বিশেষ যতন লোৱা প্ৰয়োজন। গ্ৰীষ্মৰ সময়ত ছালৰ যতনৰ বাবে আগবঢ়োৱা হৈচে কেইটিমান টিপ্ছ-

প্ৰখৰ ৰ’দ, ধূলি-বালিয়ে এই সময়ত ছালৰ বহু সমস্যাৰ সৃষ্টি কৰে। প্ৰতিদিনে বাহিৰৰ পৰা আহি ছালখন পৰিষ্কাৰ কৰিব। উন্নত ব্ৰেণ্ডৰ ফেচৱাছ ব্যৱহাৰ কৰক। ৰ’দত বাহিৰলৈ ওলাই যাওঁতে উন্নত ব্ৰেণ্ডৰ ছানস্ক্ৰীণ লগাওক।

ছালখনৰ যতনৰ লগতে পৰিপুষ্টিৰ বাবে সঠিক খাদ্যাভ্যাস অতি আৱশ্যক। শৰীৰক প্ৰয়োজনীয় পুষ্টি যোগাব পৰা সুষম আহাৰ খাদ্য-তালিকাত অন্তৰ্ভুক্ত কৰক।

ৰ’দৰ পৰা অহাৰ পাছত ছালখনত গোলাপ জল লগাব। এটুকুৰা কপাহেৰে গোলাপ জল মুখখনত ঘূৰণীয়া আকাৰে লগাব। সতেজ অনুভৱ কৰিব।

গ্ৰীষ্মৰ সময়ছোৱাত ছালখনৰ লগতে শৰীৰটোক হাইড্ৰেট কৰি ৰাখিবলৈ প্ৰচুৰ পৰিমাণে পানী খাব লাগে।

নিতৌ ৰাতি ছালখনৰ পৰিচৰ্যাৰ বাবে এটুকুৰা কপাহ গাখীৰত তিয়াই ছালত লগাব। ই ছালত ক্লীণজাৰৰ কাম কৰে।

লেখিকাঃ স্বপ্না দেৱী

উৎস :অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 4/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate