অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰম কালিৰ অস্বস্তিকৰ সমস্যা: কৰঙণৰ খজুৱতি

গৰম কালিৰ অস্বস্তিকৰ সমস্যা: কৰঙণৰ খজুৱতি

গৰমকালি পুৰুষ বা নাৰী উভয়ে মুখামুখী হোৱা এক অস্বস্তিকৰ স্বাস্থ্য-সমস্যা হ’ল কৰঙণৰ খজুৱতি। কৰঙণ (Groin) অংশৰ ছাল প্ৰথমতে ৰঙা পৰি (কামৰুপী অসমীয়াত যাক অমি ‘চহ্‌ৰা পৰা’ বুলি কওঁ) খজুৱতি উঠে আৰু সময়ত বৰ বিপাঙত পেলায়। আমাৰ দেহৰ ছালখনত কেবাধৰণৰ ভেঁকুৰ থাকে যাক আমি ‘চৰ্ম-ভেকুৰ’ (Dermaatophytes)বুলি কওঁ। সাধাৰণ অৱস্থাত অৰ্থাৎ যেতিয়ালৈকে ইহঁতে আমাৰ অসুবিধা নকৰে এনে ভেকুৰবোৰৰ অৱস্থিতি সম্পৰ্কে আমি সচেতন নহওঁ। গৰমকালি উষ্ণতা অধিক হোৱাৰ লগতে পৰিৱেশো সেমেকা হয় আৰু এনে গৰম অথচ সেমেকা পৰিৱেশত এই ভেঁকুৰবোৰে দ্ৰুত গতিত বংশবৃদ্ধি কৰে। মূৰকত মানুহজনৰ খজুৱতি, জ্বলন আদি অস্বস্তিকৰ অনুভূতি হয়। টিনিয়া, কেণ্ডিডা আদি ভেঁকুৰে এনে অসুবিধা কৰিব পাৰে যদিও ‘টিনিয়া ক্ৰুৰিজ’(Tinea Cruris) নামৰ চৰ্ম-ভেঁকুৰৰ প্ৰজাতিটোৱেই প্ৰধান।

টিনিয়া ক্ৰুৰিজ প্ৰজাতিৰ ভেঁকুৰে কৰঙণ(Groin) আৰু উৰু(Thigh) অংশৰ ভিতৰ ভাগত মূলত: আক্ৰমণ কৰে তথা তলপেট আৰু তপিনালৈও বিস্তৃতি লাভ কৰিব পাৰে। মহিলাৰ ক্ষেত্ৰত স্তনৰ তলৰ অংশ আক্ৰান্ত হ’ব পাৰে। পুৰুষাংগ, যোনি বা শৌচদ্বাৰৰ চাৰিওকাষৰ অঞ্চল সচৰাচৰ আক্ৰান্ত হোৱা দেখা নাযায়। প্ৰথমাৱস্থাত আক্ৰান্ত ঠাইখিনি ৰঙা পৰে। ইয়াৰ পিছত নেৰানেপেৰা খজুৱতি আৰম্ভ হয়। খজুৱতি পিছলৈ গৈ জ্বলা-পোৰা হ’ব পাৰে। লাহে লাহে চকলা-চকলকৈ ফাটিব পাৰে আৰু এৰা খাই আহিব পাৰে। শাৰীৰিক পৰিশ্ৰম, ব্যায়াম আদিৰ ফলত চহৰা পৰা বেছি হ’ব পাৰে। এই পৰ্যায়ত চিকিত্সাবিহীন হৈ থাকিলে ৰঙা পৰি থকা ছালৰ ৰং ক্ৰমশ: ক’লা হ’ব ধৰে আৰু বহু ক্ষেত্ৰত ই স্থায়ী হয়।

টিনিয়া ক্ৰুৰিজ আদি যিবোৰ ভেঁকুৰে কৰঙণৰ এনে খজুৱতি কৰে, সেইবোৰ আমাৰ ছালত স্বাভাৱিকভাৱেই থাকে বুলি কৈ অহা হৈছে। এই ভেঁকুৰবিধ খুবেই স্ংক্ৰামক আৰু স্ংস্পৰ্শৰ দ্বাৰা প্ৰত্যক্ষভাৱে বা কাপোৰৰদ্বাৰা পৰোক্ষভাৱে ই এজনৰ পৰা আনজনলৈ বিয়পিব পাৰে। সেয়ে টাৱেল আদি সকলোৰে বাবে আচুতীয়া হোৱাই ভাল।

কিছুমান ব্যৱস্থা আমি নিজেই গ্ৰহণ কৰি কৰঙণৰ এই অস্বস্তিকৰ খজুৱতিৰ পৰা পৰিত্ৰাণ পাব পাৰো। প্ৰথমতে আমি নিৰ্দিষ্ট ঠাইসমূহ যথাসম্ভৱ পৰিস্কাৰ আৰু শুকানকৈ ৰখাৰ যত্ন কৰিব লাগে। দিনটোত কমেও দুবাৰকৈ ভাল বীজানুনাশক চাবোন ব্যৱহাৰ কৰি নিয়মিয়াকৈ গা ধুব লাগে আৰু কৰঙণ অংশৰ পৰিচ্ছনতাৰ প্ৰতি বিশেষ মনোযোগ দিব লাগে। ঠইখিনি শুকানকৈ ৰাখিবলৈ গা ধুৱাৰ পিছতে আচুতীয়া টাৱেলেৰে কৰঙণ অংশ ভালকৈ মচিব লাগে আৰু শুকান পৰিস্কাৰ কাপোৰ পৰিধান কৰিব লাগে। শুকানকৈ মঁচাৰ পিছত বজাৰত উপলব্ধ Canesten, Fungikem আদি ভেঁকুৰনাশক পাউদাৰ আক্ৰান্ত হ’ব পৰা সম্ভাৱ্য ঠাইবোৰত প্ৰয়োগ কৰিব পৰা যায়। মেদবহুলসকলে ওজন কমোৱাৰ চেষ্টা কৰিব লাগে, মেদবহুল ব্যক্তিৰ ছালৰ ফাঁক (fold) বোৰ বেছি দ’ হয় যাৰ বাবে ভেঁকুৰৰ বংশ বৃদ্ধি অধিক সুচল হয়। চেনি বা অইন মিঠা আহাৰ পৰিহাৰ কৰাই ভাল। কপাহী কাপোৰ পৰিধানত গুৰুত্ব দিব লাগে। কিয়নো স্ংশ্লেষিত (চিন্থেটিক) কাপোৰে ঘাম শুকুৱাত বাধা প্ৰদান কৰি পৰিৱেশটো দীৰ্ঘসময়লৈ সেমেকা হৈ থকাত অৰিহণা যোগায়। ঢিলা পোছাক পৰিধান কৰিলে ছালৰ স’তে ঘঁহনি খোৱা ৰোধ হোৱাৰ লগতে ঘামত বা অইন ধৰণে ভিজি থকা কাপোৰে ছালক প্ৰত্যক্ষভাৱে সেমেকাই ৰখাৰ সম্ভৱনা নোহোৱা হ’ব। বতাহ আৰু পোহৰ সোমাব নোৱাৰা পশ্চিমীয়া সাজ-পোছাকতকৈ আমাৰ পৰম্পৰাগত সাজ যেনে- মেখেলা-চাদৰ, ধূতি, গামোচা আদিয়ে বতাহৰ আহ-যাহ সুচল কৰি ৰাখি ঠাইবোৰ শুকান হৈ থকাত অৰিহণা যোগায়। ৰ’দ আৰু পোহৰৰ পৰিৱেশত ভেঁকুৰে বংশ বৃদ্ধি কৰাত অসুবিধা পায়। ভিজি থকা অন্তৰ্বাস বা অইন যিকোনো কাপোৰ কাহানিও পিন্ধিব নালাগে। অন্তৰ্বাস নিয়মীয়াকৈ ধুব লাগে আৰু ধুৱাৰ পিছত ৰ’দত ভালকৈ শুকাব লাগে। পুৰুষৰ ক্ষেত্ৰত ‘ভি’(V) আকৃতিৰ চুটি(Brief) অন্তৰ্বাসতকৈ কিছু দীঘল ৱেষ্ট(Vest) বোৰে যথেষ্ট সকাহ দিব পাৰে। ৰাতি অন্তৰ্বাস পৰিধান কৰি শুব নালাগে। এনেবোৰ সাবধানতা সত্বেও খজুৱতিয়ে দেখা দিলে মিকোনাজ’ল, ক্লোট্ৰাইমাজ’ল, বাট’লনাফ্‌টেট আদি ঔষধযুক্ত মলম বা স্প্ৰে’ ব্যৱহাৰ কৰিব লাগে। বেছিভাগ ক্ষেত্ৰতে এনেবোৰ ঔষধী মলম সঠিকভাৱে ব্যৱহাৰ কৰাৰ কিছুদিনৰ ভিতৰতে উপসম পোৱা যায়। খজুৱতি কমাৰ লগে লগে মলমৰ ব্যৱহাৰ বন্ধ কৰিব নালাগে, দুই-তিনিদিনমান পিছলৈ মলম লগাই থাকিব লাগে। ঘৰুৱা নিৰাময় হিচাপে নহৰু বা পিয়াঁজ বটি লেপ লগাই আধাঘণ্টামানকৈ কিছুদিন ৰাখিলে সুফল পোৱা যায় বুলি কোৱা হৈছে। এই ব্যৱস্থাসমূহ গ্ৰহন কৰাৰ দুসপ্তাহৰ পিছতো যদি কোনো সকাহ পোৱা নাযায়, তেতিয়া চিকিত্ৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত কিয়নো ভেঁকুৰৰ উপৰি ঠাইটুকুৰাত বেক্টেৰিয়াজনিত স্ংক্ৰমণ হ’ব পাৰে। যাৰ বাবে বিশেষধৰণৰ চিকিত্সা আৰু ঔষধৰ প্ৰয়োজন হ’ব পাৰে। তদুপৰি চ’ৰিয়াচিচ(Psoriasis), ইৰীথ্ৰাজ্‌মা(Erythrasma) আদি অন্য ধৰণৰ অসুখো হ’ব পাৰে যাৰ বাবে স্ক্ৰেপিং(Scrappings) পদ্ধতিৰে ছালৰ পৰীক্ষা বা তেজৰ পৰীক্ষা আদিৰ প্ৰয়োজন হ’ব পাৰে। ভেঁকুৰৰ স্ংক্ৰমণ খুব বেছি বা ছালৰ গভীৰলৈ হ’লে অকল লগোৱা মলমেৰে চিকিত্সা সম্ভৱ নহ’ব পাৰে- ফ্লুকোনজ’ল, ইট্ৰাকোনোজ’লৈ, টাৰ্বিনাফিন আদি মুখেৰে খাব লগা ভেঁকুৰ নিধনকৰী ঔষধ ব্যৱহাৰৰ প্ৰয়োজন হ’ব। এনেবোৰ ঔষধৰ কিছুমান পাৰ্শ্চক্ৰিয়া থাকে আৰু সেয়ে চিকিৎসকৰ পৰামৰ্শ অবিহনে এনে ঔষধ ব্যৱহাৰ কৰিব নালাগে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা(Immunity) পৰ্যালোচনাৰ প্ৰয়োজন আহিব পাৰে।

ডায়েবেটিছ বা ৰোগ প্ৰতিৰোধ ক্ষমতা কমোৱা অন্য ৰোগত নুভুগিলে কৰঙণৰ খজুৱতি প্ৰতিৰোধ কৰা বৰ কঠিন নহয়। ইয়াৰ বাবে সহজ নিয়ম কিছুমান নিয়মীয়াকৈ পালন কৰাৰ অভ্যাস এটা গঢ়ি তুলিব লাগে মথোন।

ডা: ৰমেন কুমাৰ কাকতি, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate