অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰম, প্ৰখৰ ৰ’দত খাওক চৰ্বত-ফলৰ ৰস

গৰম, প্ৰখৰ ৰ’দত খাওক চৰ্বত-ফলৰ ৰস

  • মিঠা আঙুৰ, লিচুৰ ৰস পান কৰিব পাৰে, আনকি পকা বিলাহীৰ ৰস ভালকৈ চেকি পান কৰিব পাৰে। গৰমত হোৱা অৰুচি ই দূৰ কৰে।
  • গৰমত ডাব নাৰিকলৰ পানী সকলো সময়তে পান কৰিব পাৰে। ই সকলোতকৈ বিশুদ্ধ পানী আৰু দীৰ্ঘদিনীয়া পেটৰ ৰোগ ভাল হয়।
  • ফলৰ ৰসত গ্লুক’জ মিহলাই খাওক, বেছি কৰ্মদক্ষতা লাভ কৰিব।
  • চৰবতত অতিৰিক্ত চেনি মিহলোৱাৰ পৰিৱৰ্তে ভাল গুড়ৰ বাতাচা বা ভাল চাকিৰ গুড় (মিঠৈ) দি পাতলকৈ চৰ্বত পান কৰিব পাৰে। শৰীৰ বেছি শীতল হ’ব।
  • ফলৰ ৰসত অলপ নিমখ, অলপ ভজা জিৰাৰ গুড়ি, আদা, পদিনাৰ ৰস, সামান্য তেঁতেলীৰ ৰস মিহলাই পান কৰক। গোন্ধে-সোৱাদে অতুলনীয় হ’ব। হজম ক্ষমতাও বাঢ়িব, কোষ্ঠকাঠিন্য দূৰ হ’ব।
  • ফলৰ ৰস এণ্টিঅক্সিডেণ্ট গুণযুক্ত, চৰ্দি-জ্বৰত উপকাৰী। আনকি চৰ্দি বহি গ’লেও ই ভাল কাম দিয়ে। সেয়ে ফলৰ ৰস বিনা দ্বিধাই পান কৰিব পাৰে।

অলপ সাৱধানতা

  • ফলৰ ৰস পান কৰাৰ বিকল্প নাই যদিও গোটেই দিন পান নকৰিব।
  • কেইবাদিনৰ আগেয়ে উলিয়াই থোৱা ফলৰ ৰস পান নকৰিব। ওজনৰ সমস্যা থাকিলে চৰ্বতত চেনি বেছি নিদিব। উচ্চ ৰক্তচাপ থাকিলে নিমখ নিদিব।
  • পচা,  দাগ লগা, গেলা ফলৰ ৰস পান নকৰিব।
  • ভৰা পেটত ফলৰ ৰস বা চৰ্বত পান নকৰিব।
  • গতিকে ভাত খোৱাৰ দুঘণ্টাৰ আগত বা পাছত পান কৰক।
  • পথৰ কাষত বিক্ৰী কৰা ফলৰ ৰস, চৰ্বত পান নকৰিব।
  • ফলৰ ৰস বা চৰ্বত ঘৰত পৰিষ্কাৰকৈ তৈয়াৰ কৰি পান কৰাই উচিত।

উৎস: নিয়মীয়া বাৰ্তা।

শেহতীয়া উন্নীতকৰণ: : 9/23/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate