অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰমক পৰাভূত কৰিবলৈ দুটিমান খুটি-নাটি

গৰমক পৰাভূত কৰিবলৈ দুটিমান খুটি-নাটি

কিছুমান সাধাৰণ ব্যৱস্থা গ্ৰহণেৰে দহি যোৱা গৰমৰ পৰা কিছু সকাহ পাব পাৰোঁ। প্ৰথমেই প্ৰচুৰ পৰিমাণে পানী খাব লাগে। গৰম বঢ়াৰ লগে লগে শৰীৰৰ পৰা ঘাম হৈ পানীভাগ ওলাই গৈ থাকে। উপযুক্ত পৰিমাণত পানী খাই ঘামত হেৰুওৱা পানীভাগ পূৰ নকৰিলে জলাল্পতা বা ডিহাইড্ৰেচন হৈ শৰীৰৰ উত্তাপ বাঢ়ে। পানী খালে জলাল্পতা ৰোধ হোৱাৰ লগতে বাষ্পীভৱনৰ যোগেদি তাপ ওলাই গৈ শৰীৰ শীতল হোৱাত সহায় কৰে। লগত সদায় এটা পৰিষ্কাৰ পানীৰ বটল লৈ থাকিব লাগে আৰু পিয়াহ লগালৈ অপেক্ষা নকৰি সময়ে সময়ে পানী খাই থাকিব লাগে। পিছে পনীয়া হ’ল বাবেই পানীৰ বিকল্প হিচাপে সুৰা, কফী বা চেনিযুক্ত মিঠা জুলীয়া দ্ৰব্য গ্ৰহণ কৰিব নালাগে। কিয়নো এইবোৰে জলাল্পতা বঢ়োৱাৰ উপৰি এইবোৰত থকা অধিক কেল’ৰীৰ দ্বাৰা শৰীৰৰ উত্তাপ বাঢ়ে। গৰমকালি লঘু আৰু সহজে হজম হোৱা আহাৰ গ্ৰহণ কৰা উচিত। ফলমূল, কেঁচা পাচলি, চালাদ আদি নিয়মীয়াকৈ উপযুক্ত পৰিমাণত গ্ৰহণ কৰা উচিত। তেল আৰু চৰ্বীযুক্ত খাদ্য, জ্বলা, মছলা, মাংস, ঘী, মাখন, ক্ৰীম আদি পৰাপক্ষত এৰাই চলাই ভাল। ৰন্ধা খাদ্যৰ সলনি ফলমূল, দৈ আদি সৰহকৈ খাবলৈ ল’লে জুহালৰ ব্যৱহাৰ কম হোৱা হেতুকে পাকঘৰ, খোৱাঘৰ আৰু সামগ্ৰিকভাৱে ঘৰখনৰে উত্তাপ কিছু হ’লেও হ্ৰাস পাব। বিজুীবাতি জ্বলি থকাৰ সময়ত তাপ উত্পন্ন হয়, যিয়ে পৰিৱেশ অধিক গৰম কৰে। সেয়ে অবাবত কেতিয়াও বিজুলীবাতি জ্বলাই ৰাখিব নালাগে। ঘৰৰ ফিলামেণ্টযুক্ত বাল্ববোৰ সলাই ফ্লঅ’ৰোচেণ্ট (চি এফ এল) বা এল ই ডি বাল্ব লগোৱা উচিত। যিবোৰ ফিলামেণ্টযুক্ত বাল্বতকৈ ৭০ শতাংশ পৰ্যন্ত কম তাপ উত্পন্ন কৰে। আমি সদায় মনত ৰখা উচিত যে পাংখাই বতাহ ঠাণ্ডা কৰিব নোৱাৰে। গতিকে নলগা সময়খিনি বিজুলী পাংখা চলাব নালাগে। চলি থকা পাংখাৰ পিছফালে বৰফ এটুকুৰা ৰাখিলে বৈ অহা বতাহখিনিও শীতল হৈ আহিব। কাপোৰ শুকাবলৈ ড্ৰায়াৰ ব্যৱহাৰ নকৰি বাহিৰত ৰ’দ বা বতাহত শুকাব দিয়া ভাল। ৰ’দত শুকাব দিয়া কাপোৰ আদি চিধাই ভিতৰলৈ নানি কিছুসময় বাহিৰৰ ছাঁতে জুৰ পৰিব দিব লাগে। টিভি, কম্পিউটাৰ আদি প্ৰায় সকলোবোৰ বৈদ্যুতিন সঁজুলিয়েই চলি থকা সময়ত বিভিন্ন হাৰত তাপ উত্পন্ন কৰে। সেয়ে এনেবোৰ সঁজুলিৰ ব্যৱহাৰ সম্ভৱ স্থলত কমাব লাগে। কম্পিউটাৰ ব্যৱহাৰকাৰীসকলে দহ মিনিটৰ অধিক সময় কম্পিউটাৰৰ পৰা আঁতৰি যাব লগা হ’লে তাক ছাট ডাউন কৰি যোৱা উচিত। শীত-তাপ নিয়ন্ত্ৰণ যন্ত্ৰ চলোৱাৰ সময়ত পাংখাখনো চলাই ৰাখিলে শীতানুভূতি অধিক হয় বাবে এয়াৰ কণ্ডিচনাৰৰ তাপমান সামান্য ওপৰত স্থিৰ কৰিলেও হয়। ফলত এয়াৰ কণ্ডিচনাৰৰ কামৰ বোজা লাঘৱ হয়। আমি মনত ৰাখিব লাগে যে এয়াৰ কণ্ডিচনাৰে যিমান শীতলতা আনে তাতকৈ অধিক উত্তাপ পৰিৱেশত এৰি দিয়ে। সাজ-পোছাকৰ সময় সাপেক্ষে পৰিৱৰ্তনে গৰমৰ দহনৰ পৰা আমাক কিছু সকাহ দিব পাৰে। জোতাৰ সলনি খুলি থ’ব পৰা চেণ্ডেল পিন্ধা উচিত। কিয়নো ইয়ে ভৰিৰ পৰা তাপ বা বাষ্পীভৱনৰ জৰিয়তে ওলাই যোৱাটো সম্ভৱ কৰে। ভৰিৰ ছাল আৰু ভৰিৰ সিৰাসমূহেৰে প্ৰৱাহিত ৰক্ত শীতল হয়। এই শীতল ৰক্তভাগ সিৰা-উপসিৰাৰে শৰীৰৰ আন আন অংশলৈও গৈ গোটেই দেহতে এক শীতলানুভূতি জগায়। নাইলন, টেৰিলিন আদি কৃত্ৰিম আঁহেৰে তৈয়াৰী কাপোৰতকৈ বগা বা পাতল ৰঙৰ কপাহী ঢিলা পোছাক এই কালছোৱাৰ বাবে উপযুক্ত। এনে পোছাকে ঘামৰ প্ৰত্যক্ষ বাষ্পীভৱন সুচল কৰি দেহৰ পৰা অতিৰিক্ত তাপভাগ ওলাই যোৱাটো সহায় কৰে। আজিকালি অৱশ্যে কুলমেকছ, নেনোটেকছ আদি শৰীৰ শীতল কৰি ৰাখিব পৰা কৃত্ৰিম আঁহৰ সংশ্লেষিত বস্ত্ৰও ওলাইছে। এইবোৰ খৰচী আৰু ক্ৰীড়াবিদসকলে সচৰাচৰ এনেবোৰ কাপোৰ ব্যৱহাৰ কৰে।

দিনত ৰ’দ পৰা খিৰিকীত উপযুক্ত পৰ্দা লগাই ঘৰৰ ভিতৰত ৰ’দ নপৰাৰ ব্যৱস্থা কৰিব লাগে। পৰ্দাবোৰৰ বাহিৰভাগ (য’ত ৰ’দ পৰে) বগা হোৱা ভাল, যাতে ৰ’দৰ তাপ কিছু পৰিমাণে প্ৰতিফলিত কৰি ঘূৰাই পঠিয়াব পাৰে। উপযুক্ত পৰ্দাৰ ব্যৱহাৰেৰে ৪৫ শতাংশলৈকে ৰ’দৰ উত্তাপ ৰোধ কৰিব পাৰি বুলি গৱেষকসকলে প্ৰমাণ কৰি দেখুৱাইছে। বাহিৰৰ বতাহ শীতল অথচ শুকান হ’লে বগা ৰঙৰ পাতল পৰ্দা এখন পানীত তিয়াই খিৰিকীত আঁৰি থব লাগে। ঘৰৰ বাহিৰৰ উত্তাপ ৭৭ ডিগ্ৰী ফাৰেনহাইটতকৈ বেছি তথা ঘৰৰ ভিতৰৰ উত্তাপ বাহিৰতকৈ কম হ’লে খিৰিকী আদি বন্ধ কৰি থোৱাই ভাল।

গৰমৰ ভাবটো মনলৈ সঘনাই নাহিবলৈ নিজকে বিভিন্ন ধৰণে ব্যস্ত ৰাখিব লাগে। খং, উত্তেজনা, উত্কণ্ঠা আদিৰ পৰা যথাসম্ভৱ দূৰত থাকিবলৈ যত্নপৰ হ’ব লাগে। মনোবিজ্ঞানীসকলে প্ৰকাশ কৰা মতে বৰফ, আইচক্ৰীম, চিনাকি চেঁচা ঠাই আদিৰ কথা একান্ত মনে ভাবি থাকিলেও মনলৈ এটা শীতল অনুভূতি আহে।

গৰমত টোপনি অহা নাই নেকি ? আহকচোন তেন্তে এবাৰ মনোবিজ্ঞানীসকলে কোৱা ‘চেল্ফ হিপনছিছ’ৰ আশ্ৰয় লওঁ। চকু মুদি এয়া শ্বিলং, ছিমলা পথেৰে গৈ আছোঁ...ইছ, বৰষুণেই দিলে...বৰষুণত তিতিলোঁ...তিতি তিতি গৈ আছোঁ...সমুখত এয়া ক’ৰবাৰ পৰা ডাঙৰ বৰফৰ টুকুৰা এটা...চুই চালো হাতেৰে...বৰফৰ টুকুৰা চুই চাইছোঁ...।

লেখক: ডাঃ ৰমেন কুমাৰ কাকতি, চিকিৎসা আৰু স্বাস্থ্য বিষয়া, তামুলপুৰ সামূহিক স্বাস্থ্যকেন্দ্ৰ, নিয়মীয়া বাৰ্তা।

শেহতীয়া উন্নীতকৰণ: : 4/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate