অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰমত আপুনি বাৰু কিয় দৈ খোৱা উচিত?

গৰমত আপুনি বাৰু কিয় দৈ খোৱা উচিত?

আপোনাৰ শৰীৰটো সুস্থ হৈ থাকিলেহে আপুনি গৰমৰ দিনবোৰ উপভোগ কৰিব পাৰিব। গৰমত দৈ খালে শৰীৰটো শীতল হৈ থাকে। দৈৰ কিছুমান উপকাৰিতাৰ বিষয়ে জানি লওঁ আহকচোন:

  • দৈত থকা কেলচিয়াম, ভিটামিন ডি, ভিটামিন বি-১২, জিংক আৰু ফচফৰাছবোৰে আমাৰ শৰীৰটোৰ বাবে বৰ উপকাৰী।
  • দৈত কিছুমান উপকাৰী বেক্টেৰিয়া-অণু জীৱ থাকে। এই বেক্টেৰিয়াবোৰে আমাৰ খাদ্যবোৰ জীণ যোৱাত সহায় কৰে। ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বঢ়ায়।
  • দৈয়ে শৰীৰটোত অনিষ্টকাৰক কলেষ্ট'ৰেল সৃষ্টি হোৱা কার্যক প্ৰতিৰোধ কৰে। হৃৎপিণ্ডক সুস্থ ৰাখে আৰু তেজৰ চাপক সঠিকভাবে ৰখাত সহায় কৰে।
  • গৰমত আমি ক্লান্তি, অৱসাদ অনুভৱ কৰো। খাদ্য তালিকাত দৈ থাকিলে আমাৰ শৰীৰটো পাতল যেন অনুভৱ হয়। মন-মেজাজো ভালে থাকে। কেতিয়াবা নিজকে খুব ক্লান্ত অনুভৱ কৰিলে অলপ দৈ খাবচোন।
  • যিসকলে গাখীৰ খাই ভাল নাপায়, তেওঁলোকে দৈ, খাওক। দৈত গাখীৰৰ দৰেই পৰিপুষ্টি থাকে।
  • দৈয়ে হাড় আৰু দাঁতবোৰক সুস্থ কৰি ৰাখে। অষ্টিঅ’আৰ্থ্ৰাইটিছ আৰু অষ্টিঅপৰোছিছৰ দৰে হাড়ৰ অসুখবোৰক দৈয়ে প্রতিৰোধ কৰে।
  • গৰমত বহুতো লোকে ডিচেণ্ট্ৰী ৰোগত ভোগে৷ এক কাপ লৈ খালে আপুনি ডিচেণ্ট্ৰী ৰোগৰ পৰা উপশম পাব পাৰে।

গৰমৰ দিনবোৰত শৰীৰত পানীশূন্যতা (ডিহাইড্রেছন) হোৱাটো এটা ডাঙৰ সমস্যা। শৰীৰৰ পানী কমি গ’লে শৰীৰটো ক্লান্ত আৰু অৱসন্ন হৈ পৰে। সেয়েহে শৰীৰটোক সুস্থ ৰাখিবলৈ দৈৰ উপৰি তৰমুজ, ডাব নাৰিকলৰ পানী, কমলা অথবা তিয়ঁহৰ দৰে পানী সমৃদ্ধ ফল-মূল আৰু শাক-পাচলি আমি খোৱাটো উচিত।

উৎস: সাদিন।

শেহতীয়া উন্নীতকৰণ: : 2/26/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate