অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰমত সুস্থ থাকো আহক :

গৰমত সুস্থ থাকো আহক :

 

গৰমৰ দিনকেইটাত ৰ’দৰ মাত্ৰা দিনে দিনে বাঢ়ি যায়। প্ৰচণ্ড গৰমত দিনৰ দিনটো অস্বস্তিতেই কাম-বনবোৰ কৰিব লগা হয়। গ্ৰীষ্মৰ এই প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পাবলৈ সময়োপযোগী কিছু পদক্ষেপ গ্ৰহণ কৰিব পাৰি। এই সময়ত বিশেষ সচেতনতাৰ প্ৰয়োজন। গৰমত সূৰ্যৰ অতি বেণ্ডনীয় ৰশ্মিয়ে আমাৰ ছাল বিবৰ্ণ কৰি তোলে। এই ৰশ্মিৰ প্ৰভাৱত কোষবোৰ মৰি গৈ ছালৰ স্বাভাৱিক উজ্জ্বলতা ম্লান কৰি পেলায়। সেয়ে গ্ৰীষ্মৰ গুৰুত্ব অনুভৱ কৰি ছালৰ যত্ন লোৱা উচিত। ৰ’দত ঘৰৰ বাহিৰ ওলোৱাৰ আধা ঘণ্টামানৰ পূৰ্বে মুখ, ডিঙি আৰু ভৰিৰ ওলাই থকা অংশত ছানস্ক্ৰীন লোচন লগাই ওলাব লাগে। ৰ’দৰ পৰা ছাল আৰু চুলিক বচাবলৈ ছাতি ব্যৱহাৰ কৰক। ৰ’দৰ পৰা আহি ফেচৱাচেৰে মুখ ধুই বিলাহী ৰস বা তৰমুজৰ ৰস মুখত ঘঁহিলে ৰ’দে পোৰা দাগ দূৰ হয়। ই ভাল ক্লিনজাৰৰ কামো কৰে। সকলো সময়তে ছাল পৰিষ্কাৰ কৰি ৰাখিব লাগে। ঘামিলে ছালৰ নোমৰন্ধ্ৰ খোল খাই যায়। ইয়াত ধূলি-বালি লাগি ব্ৰুন সৃষ্টি হয়। ব্ৰুনৰ সমস্যা হ’লে কেঁচা হালধি, নিমপাত, মচুৰ দাইল বটি মুখত পেক লগাই ৰাখিব লাগে। পঁচিশ মিনিটৰ পাচত পানীৰে ধুই দিব লাগে। সাধাৰণতে, যিসকল ব্যক্তিৰ ছাল অতি তৈলাক্ত গৰমত তেওঁলোকৰ ছাল বেছি তেলেতীয়া দেখায়।এই তেলেতীয়া ভাব দূৰ কৰিবলৈ তিয়ঁহ চকলিয়াই লগাব পাৰে ব তিয়ঁহৰ ৰস ঠাণ্ডা কৰি মুখত কিছুসময় লগাই ৰাখিব পাৰে। নিয়মিত এনে কৰিলে মুখৰ তেলেতীয়া ভাব দূৰ হৈ সতেজ দেখা যাব। গৰমৰ দিনত অতিৰিক্ত ঘাম বাহিৰ হোৱাৰ বাবে শৰীৰ ক্লান্ত দেখা যায়। একেদৰে ছাল ক’লা আৰু ক্লান্ত, নিষ্প্ৰাণ, নিৰ্জীৱ দেখা যায়। এই ক্লান্তি দূৰ কৰিবলৈ মাজে-সময়ে অলপমান ৰুপচৰ্চা কৰিব লাগে। গাজৰৰ ৰস আৰু মৌ মিলাই ছালত লগাব পাৰে। ই ছালখন সতেজ কৰি তোলে। চন্দনৰ গুৰি আৰু মৌ মিহলাই মুখত লগাই বিশ মিনিটৰ পাছত ধুই পেলাব। ই ছালখনক আৰাম প্ৰদান কৰে। চকুৰ ক্লান্তিভাব দূৰ কৰিবলৈ চকুকেইটা কিছুসময় জপাই ৰাখি তাত অলপমান ৰুকি লোৱা তিয়ঁহৰ প্ৰলেপ দিব পাৰে। ঠাণ্ডা পানীৰ সেক দিলেও চকুৰ ক্লান্তি ভব দূৰ হয়। সমপৰিমাণৰ গোলাপজল আৰু পানী মিহলাই ফ্ৰীজত ৰাখি থ’ব। মাজে মাজে সেই পানীত কপাহ তিয়াই চকু মুখ মোহাৰি থাকিব। গৰমত প্ৰতিদিনে চুলিত চেম্পু কৰিব পাৰে। সপ্তাহত দুদিন চুলিত তেল মালিচ কৰি এঘণ্টাৰ পাছত ধুই পেলাব লাগে। ঘামি মূৰত লেতেৰা জমা হৈ মূৰৰ তালুত সৰু সৰু টেমুনাসদৃশ হোৱা দেখা যায়। মূৰৰ ছাল ভালে ৰখিবলৈ সপ্তাহত দুই-তিনিদিন নিমপাত সিজোৱা পানীৰে মূৰ আৰু গা ধুব পাৰে।

গৰমৰ দিনকেইটা দিন ৰাতি উভয়ে পাতলীয়া মেকআপ ল’ব লাগে। মেকআপ কৰাৰ পূৰ্বে ভালদৰে মুখ ফেচৱাচেৰে ধুই ল’ব লাগে। এটুকুৰা বৰফ মুখ আৰু ডিঙিত ঘঁহি ল’ব পাৰিলে ভাল। এনে কৰাৰ ফলত ছালৰ নোমৰন্ধ্ৰ বন্ধ হৈ পৰে। কমকৈ ঘমা হয়। এটুকুৰা কপাহত এছট্ৰিনজেণ্ট লগাই মুখ আৰু ডিঙিত বুলাই ল’ব পাৰিলে ভাল। এছট্ৰিনজেণ্টে ঘাম আৰু তেল নিয়ন্ত্ৰণ কৰে। ছাল ৰুক্ষ আৰু শুকান হ’লেম মইশ্বৰাইজাৰ ব্যৱহাৰ কৰিব পাৰে। ছালৰ ধৰণ অনুসৰি ছানস্ক্ৰীন ব্যৱহাৰ কৰিব লাগে। ফাউণ্ডেচন বা পাতলকৈ কমপেক্ট পাউডাৰ লগাব পাৰে। লিপষ্টিক, কাজল, আইশ্বেডো সকলো পাতল আৰু মেটজাতীয় হ’লে ভাল। চুলি মেলি ৰখাতকৈ ওখকৈ বান্ধি বা পনিটেইল ষ্টাইলত ৰাখিলে অলপ আৰাম পোৱ যায়।

গ্ৰীষ্মত অতি আৰামদায়ক পোছাক পৰিধান কৰিব লাগে। গৰমত কপাহী কাপোৰৰ বিকল্প নাই। বিশেষ ডিজাইন বা গাঢ় ৰঙৰ কাপোৰ পৰিধান নকৰাই ভাল। লিলেন, ধূপিয়ান, মছলিন, চিকন আৰু তাঁতী কাপোৰ গৰমত বৰ উপযোগী।

উৎস: সাদিন

 

 

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate