অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰমৰ খোৱা-বোৱাত সতৰ্কতা

গৰমৰ খোৱা-বোৱাত সতৰ্কতা

গ্ৰীষ্মকাল অহাৰ লগে লগে বতৰৰ পৰিৱৰ্তন হয়। আগজাননী নিদিয়াকৈ প্ৰখৰ ৰ’দৰ পিছত বৰষুণ আহে। বতৰৰ দৰে এই কেইদিনত খোৱা-বোৱাৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আহি পৰে। অলপ সতৰ্ক নহ’লে বিভিন্ন ৰোগ হোৱাৰ সম্ভাৱনা থাকে। এই সময়ত আটাইতকৈ আমনি কৰা ৰোগটো হ’ল পেটৰ অসুখ। ইয়াৰ মূল কাৰণ পানী। গৰমত ঘমাৰ কাৰণে পানী পিয়াহ লাগি থাকে। পিয়াহত বাছ-বিচাৰ নকৰি য’ৰে-ত’ৰে পানী খোৱা হয় আৰু তাত থকা বীজাণুৱে বিভিন্ন ৰোগৰ সৃষ্টি কৰে। গৰমত বহুতে শৰীৰ শীতল কৰিবলৈ শীতল পানীয়ৰ আশ্ৰয় লয়। এই শীতল পানীয়ত থকা ৰাসায়নিক দ্ৰব্যবোৰে আমাৰ শৰীৰত যথেষ্ট ক্ষতিসাধন কৰে। সেয়ে গৰমত শীতল পানীয় খাই ৰোগক আমন্ত্ৰণ জনোৱাতকৈ আমাৰ হাতৰ কাষতে থকা বেল, নেমু, কৰ্দৈ, কুঁহিয়াৰ আদিৰ চৰ্বত খালে শৰীৰৰ উপকাৰ হয়। তদুপৰি ডাবৰ পানী নাইবা দৈৰ পৰা তৈয়াৰ কৰা লাচিও শৰীৰৰ বাবে উপকাৰী।


পুৱা-গধূলি লঘু আহাৰত চাওচাও, মেগী, লুচী আদিৰ সলনি চিৰা, দৈ, আখৈ, মুৰি, কোমল চাউল, শুকান ৰুটি বা বিভিন্ন ঘৰতে তৈয়াৰ কৰা পিঠা-পনা খাব পাৰি। এইবোৰে বদহজম, পেটৰ অসুখ আদিৰ পৰা শৰীৰক ৰক্ষা কৰিব। চাহ যিমান পৰা যায় কমাই খাব লাগে আৰু কফি পৰাপক্ষত নোখোৱাই ভাল। গৰমত দিনে কমেও দহ গিলাচ পানী খোৱা উচিত।

গৰমৰ দিনত বহুতে গৰমৰ কাৰণে ভাত খাব নিবিচাৰে। কিন্তু ভাত বা ৰুটি হৈছে আমাৰ মুখ্য আহাৰ গতিকে ভাত বা ৰুটি গ্ৰহণ নকৰিলে আমাৰ শৰীৰ দুৰ্বল হৈ পৰিব আৰু দুৰ্বল শৰীৰত ৰোগে সহজে আক্ৰ্মণ কৰিব পাৰে। বৰং এই কেইটা দিনত মাছ, মাংস, কণী, মছলা কমাই খাব লাগে। বিশেষকৈ মাংস গৰম বস্তু হোৱাত ই সহজে শৰীৰক উত্তেজিত কৰে। ইয়াৰ সলনি দাইল, সেউজীয়া শাক-পাচলি আৰু চালাড প্ৰচুৰ পৰিমাণে খাব লাগে। হোটেল, ৰেষ্টুৰাত খোৱাৰ অভ্যাস থকাসকলে গৰমৰ দিনকেইটা এই অভ্যাস পৰিত্যাগ কৰাই শ্ৰেয়। গৰমত শৰীৰ শীতল আৰু সুখৰ জুতি আনিবলৈ বিভিন্ন টেঙাৰ জোল খাব পাৰি। নেমু পেটৰ কাৰণে বৰ উপকাৰী। প্ৰতি সাঁজত নেমু খালে পেট ভালে থকাৰ লগতে ছাল চুলিও উজ্জ্বল হ’ব। কেতিয়াবা পুৰণা থেকেৰাৰ আঞ্জাও খাব পাৰি। ঘৰত পতা দৈ প্ৰতি সাঁজত নোৱাৰিলেও এদিন বাদে এদিন দুপৰীয়াৰ মুখ্য আহাৰৰ লগত খাব পাৰিলে ভাল। দৈয়ে পেট ঠাণ্ডা কৰাৰ লগতে বিভিন্ন ৰোগৰ বীজাণুও ধ্বংস কৰে। মাজে মাজে ভেদাইলতা, মচন্দৰি, মাণিমুনি, টেঙেচি আদি খাকে পেটো ভালে থাকিব আৰু দুগৰাহ ভাত বেছিকৈ খাব পাৰি।

গৰমৰ দিনত আম, কঁঠাল, প্লাম, লেতেকু আদি পোৱা যায়। ফলমূলে আমাৰ শৰীৰত শক্তিৰ যোগান ধৰাৰ লগতে প্ৰচুৰ পৰিমাণে আঁহ জাতীয় উপাদানো দিয়ে। ফলত কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰিব পাৰি। এই সময়ত ওলোৱা তৰমুজে অনবৰত পানী খাবলৈ মন যোৱা ভাৱ নোহোৱা কৰে আৰু শৰীৰ শীতল কৰে। তদুপৰি বাৰ মাহে পোৱা কলবোৰটো আছেই। গতিকে নিজক সুস্থ আৰু কাৰ্যক্ষম কৰি ৰাখিবলৈ ফল-মূল খোৱা উচিত।

লেখিকা: ললিতা শৰ্মা লহকৰ, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate