অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰমৰ দিনত পৰিহাৰ কৰিবলগীয়া কেতবোৰ খাদ্যদ্ৰব্যঃ

গৰমৰ দিনত পৰিহাৰ কৰিবলগীয়া কেতবোৰ খাদ্যদ্ৰব্যঃ

গৰমৰ দিনত গৰমৰ পৰা ৰক্ষা পৰিবলৈ কেতবোৰ খাদ্যদ্ৰব্য খায়। এই খাদ্যদ্ৰব্যৰ বেছিভাগেই বীজাণুযুক্ত হয়। ফলত জণ্ডিচ, টাইফয়েড, বেক্টেৰিয়াজনিত গ্ৰহণী, এমিবিক গ্ৰহণী, পেলু আদি ৰোগ হ’ব পাৰে।

প্ৰথমেই আহিছো কুঁহিয়াৰ ৰসলৈ। এই ৰস অতি জনপ্ৰিয়। সম্প্ৰতি গুৱাহাটীৰ অলিয়ে-গলিয়ে ৰাস্তাৰ দাঁতিত কুঁহিয়াৰৰ ৰস তৈয়াৰ কৰা যন্ত্ৰ এটা লৈ ৰৈ থকা দেখা যায়। কুঁহিয়াৰবোৰ ৰাস্তাৰ ধূলি-মাকটি পৰি লেতেৰা হৈ থাকে। ধূলি-মাকটিত উৰু ফুৰা বীজাণুবোৰ কুঁহিয়াৰত লাগি থাকে। তাতে কুঁহিয়াৰ চেপি ৰস উলিয়াই আৰু বৰফৰ টুকুৰা ভাঙি কুঁহিয়াৰৰ ৰসত দি ৰস ঠাণ্ডা কৰে। এই বৰফো বীজাণুমুক্ত নহয়। যিবোৰ গিলাচত ৰস খাবলৈ দিয়ে, সেইবোৰো পৰিষ্কাৰ পানীৰে ধোৱা নহয়, সাতে সোতৰই মিলি কুঁহিয়াৰৰ ৰস বিষতুল্য হয় আৰু নানাবিধ ৰোগৰ সৃষ্টি হয়।

আন এবিধ জনপ্ৰিয় খাদ্যদ্ৰব্য হ’ল ফলৰ ৰস। এইবোৰো ৰাস্তাৰ দাঁতিৰ দোকানত উপলব্ধ। পৰিৱেশ লেতেৰা। ব্যৱহাৰ কৰা বৰফ অস্বাস্থ্যকৰ। খাবলৈ দিয়া গিলাচ বা মগো পৰিষ্কাৰ নহয়। এনে ৰস খালে ৰোগ হোৱাটো নিশ্চিত। অগত্যা ফলৰ ৰস খাব খুজিলে পৰিষ্কাৰ-পৰিচ্ছন্ন দোকানলৈ গৈ খাওক। ফলৰ ৰসত বৰফ মিহলাব নিদিব। তৰমুজ ৰসেৰে ভৰপূৰ। গতিকে তৰমুজ খালে গৰমৰ পৰা পৰিত্ৰাণ পাব পাৰি। কিন্তু চিন্তাজনক কথাটো হৈছে সম্প্ৰতি তৰমুজ সোৱাদযুক্ত কৰিবলৈ ৰাসায়নিক দ্ৰব্যৰ বেজী দিয়া হয়। ফলত তৰমুজৰ সাহ আকৰ্ষণীয় আৰু মিঠা হয়। এনে তৰমুজ খোৱাটো স্বাস্থ্য হানিকাৰক। তৰমুজত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাটো নিশ্চিত হলেহে তৰমুজ খাব।

আন এবিধ জনপ্ৰিয় খাদ্য হ’ল ঠেলা গাড়ীত লৈ ফুৰা আইচক্ৰীম। এনে আইচক্ৰীম পৰিষ্কাৰ-পৰিচ্ছন্নভাৱে তৈয়াৰ নহয়। ফলত নানাবিধ ৰোগৰ বীজাণু আইচক্ৰীমত থাকি যায়। আইচক্ৰীম খাব খুজিলে বিশ্বাসযোগ্য দোকানলৈ গৈ খাব।

অসমত ইমান জনপ্ৰিয় নহয় যদিও উত্তৰ প্ৰদেশত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কেঁচা মূলা আৰু গাজৰ বহুতেই খায়। এইবোৰ পৰিষ্কাৰ পানীৰে ধোৱা হৈছে নে নাই জনাৰ উপায় নাই। তদুপৰি ৰাস্তাৰ দাঁতিত থিয় হৈ থাকোঁতে মূলা-গাজৰত ধূলি পৰে। এনে মূলা আৰু গাজৰে বিশেষকৈ পেটৰ অসুখৰ সৃষ্টি কৰে। আন এবিধ জনপ্ৰিয় খাদ্যদ্ৰব্য হ’ল তিয়ঁহ। তিয়ঁহৰ বাকলি গুচাই দীঘলীয়াকৈ কাটি ট্ৰে এখনত ৰাখি এই তিয়ঁহ বিক্ৰী কৰা হয়। তিয়ঁহ কাটোতে ভালদৰে হাত ধুই লয় যেন নালাগে। তদুপৰি কটা তিয়ঁহত ধূলিও পৰি থাকে। এনে তিয়ঁহ খালে ঘাইকৈ পেটৰ অসুখ হয়।

ওপৰত উল্লেখ কৰা আটাইকেইবিধ খাদ্যদ্ৰব্য বিভিন্ন ৰোগৰ সৃষ্টিকাৰক হ’ব পাৰে। এইবোৰ সম্পূৰ্ণৰূপে পৰিহাৰ কৰক। যদি গৰমৰ উত্পাতৰ পৰা ৰক্ষা পাবলৈ কিবা খাব খোজে তেনেহ’লে ডাব নাৰিকলৰ পানী খাওক। ই অতি সুস্বাদু আৰু বীজাণুমুক্ত।

লেখকঃ ডাঃ জীৱন দত্ত বৰুৱা

উৎস: অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 6/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate