অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰমৰ দিনত মহিলাসকলৰ কৰণীয়

গৰমৰ দিনকেইটা সকলো মানুহৰ কাৰণে অতি আমনিদায়ক। এইখিনি সময়ত খোৱা-লোৱাৰ পৰা পিন্ধা-উৰালৈকে সকলো ফালৰ পৰা যত্ন ল’ব লাগে। কিন্তু গৰম বুলিলেই আজিৰ আধুনিক যুগৰ নাৰীসকল ঘৰত সোমাই থাকিব নোৱাৰে। ঘৰত জুইশাল কামৰ বাহিৰে বিভিন্ন কাম-বন কৰি অতাই বাহিৰলৈ ওলাই যাব লাগে। এই গৰম দিনকেইটা কেনেকৈনো কষ্টৰ পৰা ৰেহাই পাব পাৰি তাৰে কিছু আলোচনা কৰোঁহক।

খোৱা বোৱা

গৰমৰ দিনত পানী বেছি পৰিমাণৰ নাখালেই নচলে, কাৰণ গৰমত মানুহৰ গাৰ পৰা বহুত পৰিমাণৰ ঘাম নিগৰে। আমি যদি পানী পৰ্য্যাপ্ত পৰিমাণৰ নাখাওঁ তেতিয়া ডিহাইড্ৰেছন হোৱাৰ ভয় থাকে। পানী য’ৰে ত’ৰে খোৱা উচিত নহয়। সদায় বিশুদ্ধ পানী খাব লাগে। কামৰ তাগিদাত অ’ত ত’ত যাব লগা হ’লে সদায় ঘৰৰ পৰা খোৱা পানীৰ বটল লৈ যাব লাগে। গৰমত গ্লুক’জ মিহলি পানী খালে ভাল। গৰমৰ দিনত ঘৰৰ বাহিৰৰ পৰা আহিয়েই ফ্ৰিজৰ পানী খাব নালাগে, অলপ ৰৈ খোৱা উচিত। গৰমৰ দিনত নেমু চৰবত মানুহৰ দেহৰ কাৰণে অতি উপকাৰী, সেই কাৰণে নেমুৰ চৰবত খোৱাৰ উপৰিও বতৰৰ সতেজ ফল-মূল খাব লাগে। তৰমুজ, ডাব নাৰিকলৰ পানী, তিয়ঁহ, দৈ, কুহিয়াৰৰ ৰস, কৰ্দৈৰ ৰস আদি যথেষ্ট পৰিমাণে খাব লাগে। গৰমত বেছি মছলাযুক্ত আহাৰ খাব নালাগে। ৰেডমিট নাখালেই ভাল।

শৰীৰত কি সানিব

গৰমৰ দিনত শীতকালিৰ দৰে মুখত প্ৰ্সাধন কৰিব নোৱাৰি, কিয়নো মুখত ঘাম বাৰে বাৰে ওলাই থাকে, আৰু মুখখন মচি থাকিব লগা হয়। সেই কাৰণে প্ৰসাধন কৰাৰ আগতে মুখখন বৰফৰ পানীৰে ধুই লৈ প্ৰসাধন কৰিব লাগে। যিসকলৰ মুখৰ ছাল তেলেতীয়া তেওঁলোকে গৰমৰ দিনত বাহিৰলৈ ওলালে বেছি সচেতন হ’ব লাগে। নহ’লে ছালত নানা ধৰণৰ এলাৰ্জি, ব্ৰ’ণ আদি হ’ব পাৰে। ইয়াৰ পৰা বাচি থাকিবলৈ গোলাপজল মুখত লগাব লাগে; চাবোনৰ পৰিৱৰ্তে ‘অইল ফ্ৰি ফেচৱাছ’ লগাই মুখখন ধুব লাগে। মুখত ক্ৰিম লগাওতে বিবেচনা কৰিহে লগাব লাগে। যিকোনো প্ৰয়োজন নোহোৱা প্ৰসাধন কৰিব নালাগে। গৰমত পাতল মেকআপ কৰিব লাগে। পাতলীয়া পাউদাৰ, পাতল ৰঙৰ লিপষ্টিক, সামান্য কাজল বা আইব্ৰ’ লগাব। গৰমৰ দিনত ক’ৰবালৈ গ’লে সদায় কমপেক্ট পাউদাৰ বেগত লৈ যাব লাগে। কমপেক্ট পাউদাৰে মানুহৰ মুখত সতেজতা আনি দিয়ে।

কি কাপোৰ পিন্ধিব

গৰমৰ দিনত সদায় ঢিলা আৰামদায়ক পাতল ৰঙৰ পোছাক পিন্ধিব লাগে। কপাহী কাপোৰে আমাৰ শৰীৰৰ পৰা নিগৰা ঘাম টুকি লয়। গৰমৰ দিনত সুন্দৰ ডিজাইন কৰা কপাহী শাৰী বা মেখেলা-চাদৰ পিন্ধিব পাৰে। যিসকলে পছিমীয়া বা বিভিন্ন মেটেৰিয়েলৰ পোছাক পিন্ধিব বিচাৰে তেওঁলোকে শ্লিভলেছ শ্বৰ্ট স্পাগেটি টপ পিন্ধিব পাৰে, নহ’লে জিনছ পেন্ট বা থ্ৰি কোৱাৰ্টাৰ্ছ, লগত খাদী কাপোৰৰ টপ বা পাঞ্জাৱীও পিন্ধিব পাৰে। ই গৰমত যথেষ্ট আৰাম দিয়ে। আজিকালি বজাৰত বিভিন্ন প্ৰদেশৰ কপাহী কাপোৰৰ চুৰিদাৰ, নতুন ডিজাইন কৰা ধুনীয়া ধুনীয়া কাপোৰ পোৱা যায়। সেইবোৰ কাপোৰেও গৰমৰ দিনকেইটা সুকলমে পাৰ কৰাত সহায় কৰে।

লেখিকা: হৰিপ্ৰিয়া কাশ্যপ, প্ৰিয় সখী।

শেহতীয়া উন্নীতকৰণ: : 9/13/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate