অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰমৰ দিনত শৰীৰৰ দুৰ্গন্ধ কেনেকৈ আতঁৰাব?

গৰমৰ দিনত শৰীৰৰ দুৰ্গন্ধ কেনেকৈ আতঁৰাব?

  • ভৰিৰ আঙুলিৰ ফাঁকত মেডিকেটেড পাউদাৰ লগালে ভৰিৰ ঘামৰ দুৰ্গন্ধ নোহোৱা হ’ব।
  • ধূমপান আৰু মদ্যপান কৰাৰ পৰা বিৰত থাকক।
  • আনৰ ব্যৱহৃত কাপোৰ, চাবোন ব্যৱহাৰ নকৰাই উচিত।
  • গা ধোৱা পানীত নেমু ৰস আৰু নিমখ মিহলাই লওঁক। গাৰ দুৰ্গন্ধ আতঁৰিব।
  • গা ধোৱা পানীত অলিভ অইল মিহলাই ল’লে গাৰ দুৰ্গন্ধ আতঁৰিব।
  • গৰমৰ দিনত সদায় দুবাৰ গা ধুব। গুপ্তাংগসমূহ, কাষলতিৰ তল ভালদৰে পৰিষ্কাৰ কৰি ৰাখিব।
  • সদায় পৰিষ্কাৰ কাপোৰ পৰিধান কৰক।
  • এগিলাচ পানীত নেমুৰ ৰস এচামুচ, পদিনাৰ ৰস দুচামুচ, অকণমান নিমখ মিহলাই দিনে দুবাৰকৈ খাওক। গাৰ দুৰ্গন্ধ আতঁৰিব।
  • কপাহী কাপোৰ পৰিধান কৰিব লাগে।
  • মহানিমৰ পাতৰ ৰস আৰু ক’লা তুলসীৰ ৰস মিহলাই সেই পানীৰে গা ধোৱক।
  • গৰমৰ দিনত বেছিকৈ মছলাজাতীয় আহাৰ গ্ৰহণ কৰা অনুচিত। এইবোৰে শৰীৰটোক বেছিকৈ ঘমায় আৰু গাৰ দুৰ্গন্ধ কৰে।

শেৱালী দাস।

শেহতীয়া উন্নীতকৰণ: : 6/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate