অসমৰ দৰে উচ্চ আৰ্দ্ৰতাৰ জলবায়ুসমৃদ্ধ ঠাইসমূহৰ বাসিন্দাসকলৰ বাবে গৰমকালি অসুবিধাৰ সৃষ্টি কৰা এক স্বাস্থ্যজনিত সমস্যা হ’ল ঘামচি। চালত খজুৱতিযুক্ত সৰু সৰু ফোঁহা হিচাপে দেখা দিয়া ঘামচি একপ্ৰকাৰ চৰ্মৰোগ। যিকোনো বয়সৰ লোকেই ঘামচিৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে যদিও অবিকশিত আৰু অপৈণত ঘৰ্মগ্ৰন্থিৰ বাবে শিশু বা কেঁচুৱাৰ ক্ষেত্ৰত ই বেছিকৈ হয়।
আমি জানো যে আমাৰ চালত অসংখ্যক ঘৰ্মগ্ৰন্থি আছে। চালৰ মৃত কোষ তথা ষ্টেফাইলোৰ্ককাছ এপিডাৰ্মাছিছ আদি বেক্টেৰিয়াৰ দ্বাৰা চালৰ ঘৰ্মগ্ৰন্থিবোৰৰ মুখ নলিকাসমূহ সময়ত সোপা লাগি বন্ধ হৈ পৰে। তেতিয়া আবদ্ধ ঘামৰ দ্বাৰা খজুৱতিৰ লগতে বেজিয়ে বিন্ধাৰ দৰে পোৰণি উঠে আৰু ৰঙা পৰি খুব সৰু সৰু ফোঁহাৰ সৃষ্টি হয়। শৰীৰৰ বিশেষ এঠাইত বা একেসময়তে কেবাঠাইতো ঘামচি ওলাব পাৰে। সচৰাচৰ কপাল, ডিঙি, মহিলাৰ স্তনৰ তলৰ অংশ, পুৰুষৰ অণ্ডকোষৰ তলৰ অংশ, চালৰ ফাঁক আদিৰ লগতে কাপোৰৰ স’তে ঘ’হনি লাগি থকা পিঠি, বুকু, পেট, কৰঙণ আদি ঠাইত ঘামচিৰ প্ৰাদুৰ্ভাৱ বেছি দেখা যায়। ঘৰ্মগ্ৰন্থিৰ আক্ৰান্ত অংশৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি চিকিৎসাশাস্ত্ৰৰ ফালৰ পৰা কেবাটাও ভাগত ভাগ কৰা হৈছে। ঘৰ্মগ্ৰন্থিৰ একেবাৰে বাহিৰৰ অংশত বাধাপ্ৰাপ্ত হৈ যোৱা খামচিত সৰু সৰু ফোঁহা হয় যদিও ৰঙা নপৰে। ইয়াক চিকিৎসাবিজ্ঞানৰ ভাষাত “মিলিয়াৰিয়া ক্ৰিষ্টেলিনা” বোলা হয়। ঘৰ্মগ্ৰন্থিৰ নলিকা সোপা মাৰি ধৰাৰ ফলত ঘাম বাহিৰলৈ অহাৰ সলনি চালৰ গভীৰতৰ স্তৰলৈ নিগৰিলে ঠাইখণ্ডত প্ৰদান হয়, ফলস্বৰূপে ৰঙা পৰে আৰু বেজীয়ে বিন্ধাৰ দৰে অনুভৱ হয় আৰু খজুৱতি হয়। বিভিন্ন প্ৰকাৰৰ ঘামচিৰ ভিতৰত ‘মিলিয়াৰিয়া ৰুব্ৰা’ নামেৰে পৰিচিত এই শ্ৰেণীৰ ঘামচিয়েই সৰ্বাধিক হাৰত হোৱা দেখা যায়। ঘৰ্মগ্ৰন্থিৰ নলিকাৰ বাধা বেছি গভীৰৰ ফালে হ’লে, নি:সৰিত খনিজ পদাৰ্থ মিশ্ৰিত পানীভাগ চালৰ বাহিৰৰ আৰু ভিতৰৰ তৰপ দুটাৰ মাজত সোমাই পৰে। ‘মিলিয়াৰিয়া প্ৰ’ফাণ্ডা’ নামকৰণ কৰা হোৱা এই শ্ৰেণীৰ ঘামচিৰ পৰা উষ্ণতাজনিত অৱসাদগ্ৰস্ততা হোৱাৰ সম্ভাৱনা খুবেই বেছি। বন্ধ ঘৰ্মগ্ৰন্থিসমূহ বীজাণুৰ দ্বাৰা আক্ৰান্ত হ’লে ঘামচিবোৰৰ ভিতৰত পূঁজ জমা হয় আৰু এনেবোৰ ঘামচিক ‘মিলাৰিয়া পুষ্টুলোছা’ বোলা হয়।
ঘামচি প্ৰতিৰোধৰ বাবে গ্ৰীষ্মকালি সম্ভাব্য উপায়েৰে ৰ’দ আৰু উত্তাপৰ পৰা শৰীৰটোক বচাই ৰাখিব লাগে। দিনত ওলাঁওতে ৰ’দৰ পৰা বাচিবলৈ ছাতি ব্যৱহাৰ কৰিব লাগে। কোঠাৰ ভিতৰৰ বায়ুৰ উষ্ণতা পৰিমিত ৰাখিবলৈ সম্ভাব্য ক্ষেত্ৰত, ভেন্টিলেটৰ আদি খোলা ৰাখিব লাগে যাতে বাহিৰৰ শীতল বতাহ সহজে ভিতৰ সোমাব পাৰে। ওচৰে-পাজৰে ছাঁ দিয়া গছ থাকিলে খুবেই ভাল। চহৰাঞ্চল গছ-গছনি কম আৰু গাড়ী, মটৰ, কাৰখানা অধিক হোৱা বাবে উত্তাপ গ্ৰামাঞ্চলতকৈ বেছি হয়। গতিকে এনে অঞ্চলত প্ৰয়োজনবোধ শীত-তাপ নিয়ন্ত্ৰণৰ যন্ত্ৰ ব্যৱহাৰ কৰা যুগুত। বেছি গৰম পৰা কেইদিন শৰীৰৰ আভ্যন্তৰীণ উত্তাপ বঢ়াব পৰা খাদ্য (মাদক দ্ৰব্য, চৰ্বিযুক্ত খাদ্য আদি) বা কাৰ্য (কঠোৰ শাৰিৰীক পৰিশ্ৰম বা ব্যায়াম আদি) পৰিহাৰ কৰাই বুধিয়কৰ কথা হ’ব। পাতল ৰঙৰ, ঢিলা কপাহী কাপোৰ পৰিধান কৰা উচিত, পলিয়েষ্টাৰ বা নাইলন আদি কৃত্ৰিম সূতাৰে তৈয়াৰী কাপোৰ অপকাৰী। শীতল পানীৰে মৃদু চাবোন ব্যৱহাৰ কৰি দিনটোত অন্তত: দুবাৰ গা ধোৱা ভাল। মাজে সময়ে বীজাণুনাশক দ্ৰব্য থকা চাবোন ব্যৱহাৰ কৰিলে ভাল হয় ফল পোৱা যায়। গা ধুৱাৰ আগতে নেমুটেঙাৰ ৰস ছালত প্ৰয়োগ কৰিলেও বীজাণু নাশ আৰু ছিদ্ৰবোৰ মুকলি ৰখাত সহায়ক হয়। শৰীৰ জুৰ পেলাবলৈ বেছি সময় তিতা গাৰে বা তিতা কাপোৰ পিন্ধি থাকিলে ছালৰ ভিতৰত ঘাম জমা হৈ ঘামচি বেছি হ’ব পাৰে। মহিলাসকলে অলংকাৰ আদি কমকৈ পৰিধান কৰা ভাল। বজাৰত উপলব্ধ টেল্ক, লেবিলিন, ট্ৰাইক্লোচান, মেন্থল আদিৰ সংমিশ্ৰণৰ ‘ঘামচি’ ৰ ‘পাউদাৰ’ৰ ব্যৱহাৰে সাময়িক সকাহ দিব পাৰে। ট্ৰাইক্লোচানে অনিষ্টকাৰী অণুজীৱৰ বৃদ্ধি ৰোধ কৰে মেন্থলে ছাললৈ শীতল ভাব আনি খোঁচা-বিন্ধা আৰু পোৰণি কমাই ৰাতি টোপনি অহাত সহায় কৰে। নিয়মীয়াকৈ দীৰ্ঘকালৰ বাবে এনে ঘামচিৰ পাউদাৰ ব্যৱহাৰ কৰি থাকিলে পিছে অনিষ্ট হোৱাৰহে সম্ভাৱনা। চন্দন কাঠৰ লেপ বা এল’ভেৰাৰ যোগাত্মক গুণ আছে বুলি কিছুমানে কয়। ভিটামিন-এ আৰু ভিটামিন-চি ৰো ঘামচি নাশক গুণৰ কথা কিছুমানে কয় যদিও বিজ্ঞানসন্মতভাৱে প্ৰমাণ কৰিব পৰা হোৱা নাই।
ঘামচিৰ ফোঁহাবোৰ ডাঙৰ হ’লে, পুঁজ জমা হ’লে বা অতিপাত ৰঙা পৰিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ঔষধ ব্যৱহাৰ কৰিব লাগে। কেতবোৰ ভাইৰাছজনিত ৰোগত (সৰু আই) চালত ঘামচি সদৃশ লক্ষণ দেখা দিয়ে। ঘামচিৰ স’তে এনেবোৰ ৰোগৰ পাৰ্থক্য এয়ে যে এনেবোৰ ভাইৰাছজনিত ৰোগত শৰীৰৰ বিশেষ এটা ফালহে আক্ৰান্ত হয়। এনে ক্ষেত্ৰত সন্দেহ হ’লে চিকিৎসকৰ স’তে পৰামৰ্শ কৰি ভাইৰাছ ধ্বংসকাৰী এন্টিৱাইৰেল ঔষধ ব্যৱহাৰ কৰা উচিত।
লিখক: ডা: ৰমেন কুমাৰ কাকতি, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 4/21/2020