অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰ্ভধাৰণত জটিলতা আনিব পাৰে শীতল পানীয়ই :

 

মাত্ৰাধিক শীতল পানীয় গ্ৰহণ কৰাটো হ’ব পাৰে আমাৰ স্বাস্থ্যৰ পক্ষে অত্যন্ত ক্ষতিকাৰক। শেহতীয়া গৱেষণাৰ তথ্য অনুসৰি শীতল পানীয় নিয়মিত গ্ৰহণ কৰাৰ ফলত গৰ্ভধাৰণৰ ক্ষমতা কমি যাব পাৰে। বিশেষকৈ পুৰুষসকলে ক্ষেত্ৰত এয়া অত্যন্ত ভয়ংকৰ ব’ষ্টন ইউনিভাৰ্ছিটী স্কুল অৱ মেডিচিনৰ গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি অতিৰিক্ত শীতল পানীয়ই মহিলাসকলৰ গৰ্ভধাৰণৰ ক্ষেত্ৰত জটিলতা আনিব পাৰে। লগতে পুৰুষসকলৰ ক্ষেত্ৰতো সন্তান জন্ম দিয়াৰ ক্ষমতাত বাধা হ’ব পাৰে। গৱেষক এলিজাবেথ হাছে প্ৰকাশ কৰিছে যে গৰ্ভ ধাৰণৰ ক্ষমতাৰ গতিকে যিসকলে সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰে তেওঁলোকে শীতল পানীয় কমকৈ গ্ৰহণ কৰাটো প্ৰয়োজনীয়। এই সমীক্ষা কৰা হৈছিল ৪ হাজাৰ মহিলা আৰু এহাজাৰ পুৰুষৰ মাজত।

নিয়মিত দৈ গ্ৰহণ হৃদৰোগৰ বাবে উপকাৰী -

দৈ স্বাস্থ্যৰ পক্ষে অতিশয় উপকাৰী বুলি আমি সকলোৱে জানো। নিয়মিত দৈ গ্ৰহণে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পাৰে । শেহতীয়াকৈ এক তথ্যত প্ৰকাশ হৈছে যে সপ্তাহত অন্তত দুবাৰকৈ দৈ গ্ৰহণ কৰিলে হৃদৰোগ তথা ষ্ট্ৰ’ক প্ৰতিৰোধ কৰা সম্ভৱ। আমেৰিকান জাৰ্নেল অৱ হাইপাৰ টেনছনত প্ৰকাশ হৈছে যে- দৈ খালে কাৰ্ডিঅ’ভ্যাচকুলাৰ ৰোগৰ প্ৰকোপ ক্ৰ্মাৎ কমি যায়। এইখিনিতে উল্লেখনীয় হ’ব যে কাৰ্ডিঅ’ভ্যাচকুলাৰ ৰোগৰ এটা অন্যতম কাৰণ হ’ল উচ্চ ৰক্তচাপ তথা হাইপাৰ টেনছন। আলোচনীখনত প্ৰকাশ পোৱা সমীক্ষাৰ তথ্যত স্পষ্ট হৈছে যে সপ্তাহত দুদিনকৈ দৈ খোৱৰ ফলত হৃদৰোগ তথা ষ্ট’কৰ সম্ভাৱনা ২০ শতাংশলৈ হ্ৰাস পায়। গতিকে সকলোৱে কোনো চিন্তা নকৰাকৈ নিয়মিত দৈ খোৱা অভ্যাস গঢ়ি তুলিব পাৰে।

একেৰাহে বহি কাম কৰাটো শৰীৰৰ বাবে ক্ষতিকাৰক -

একেৰাহে ঘণ্টাৰ পিছত ঘণ্টা বহি কাম কৰি থকাটো কিমান মাৰাত্মক সেই বিষয়ে ইতিমধ্যে বহু চিকিৎসা বিজ্ঞানীয়ে সতৰ্ক কৰি দিছে। এইবাৰ পুনৰ এই বিষয়ে সকলোকে সজাগ কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেচনেল কেঞ্চাৰ ইনষ্টিটিউটৰ চিকিৎসা গৱেষকে। এসময়ত গৱেষকে দাবী কৰিছিল যে দিনত একেৰাহে এঘণ্টা বহি টিভি চোৱাৰ ফলত স্তন কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। এইবাৰ চিকিৎসা বিজ্ঞানীয়ে আশংকা ব্যক্ত কৰিছে যে একেৰাহে কেইবাঘণ্টা বহি কাম কৰাৰ ফলত হাঁওফাওঁ আৰু ডিঙিৰ কৰ্কট ৰোগৰ লগতে আন ৯ ধৰণৰ কৰ্কট ৰোগৰ সম্ভাৱনা বহু গুণে বৃদ্ধি পায়। নেচনেল কেঞ্চাৰ ইনষ্টিটিউটৰ চিকিৎসা বিজ্ঞানী চাৰ্লছ ম্যথুই প্ৰকশ কৰিছিল যে আজিকালিৰ যুগত আমাৰ সামান্য শাৰীৰিক পৰিশ্ৰম তথা বাহিৰলৈ যোৱাৰ প্ৰধান বাধা হ’ল টিভিটো। গতিকে ইয়াৰ পৰা আমি নিজেই পৰিত্ৰাণ পাব লাগিব। উল্লেখনীয় যে দিনটোত কমেও ৫ ঘণ্টা শাৰীৰিক পৰিশ্ৰম কৰাটো অত্যন্ত জৰুৰী।

অতিৰিক্ত মাংসই আনিব পাৰে বিপদ -

যিসকলৰ নিয়মিত  ভোজনৰ সৈতে মাংস খোৱা অভ্যাস আছে তেওঁলোকে শীঘ্ৰে এই অভ্যাস বাদ দিয়াটো অত্যন্ত প্ৰয়োজনীয়। কিয়নো, এই খাদ্যাভ্যাসতেই লুকাই থাকে অসুস্থতাৰ বিভিন্ন কাৰণ। সম্প্ৰতি এক সমীক্ষাত প্ৰকাশ হৈছে যে অতিৰিক্ত মাংস তথ্য উচ্চ কেলৰিযুক্ত পানীয়ই পুৰুষ তথা মহিলা উভয়ৰ ক্ষেত্ৰতে কৰ্কট ৰোগ মাতিব পাৰে। জামা অংকোলজী জাৰ্নালত প্ৰকাশ পোৱা তথ্য অনুসৰি উচ্চ কেলৰিযুক্ত পানীয় আৰু  অতিৰিক্ত মাংস প্ৰতিদিনে ভোজন কৰিলে কলোৰেক্টেল কৰ্কট ৰোগৰ সম্ভাৱনা বঢ়াব পাৰে।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 3/1/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate