অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘামৰ দুৰ্গন্ধ আৰু ইয়াৰ প্ৰতিকাৰ

গৰমত আমাৰ শৰীৰ ঘামে। এই ঘামৰ ফলত অনেকৰ শৰীৰৰ পৰা দুৰ্গন্ধ ওলায়। গৰমত যেতিয়া শৰীৰৰ তাপমান ৯৮.৬ ডিগ্ৰী ফাৰেনহাইটতকৈ বৃদ্ধি পায়, তেতিয়া শৰীৰে তাপমান নিয়ন্ত্ৰণ কৰিবৰ বাবে ঘাম বাহিৰ কৰি দিয়ে, যাতে শৰীৰটো ঠাণ্ডা হয়। নাৰ্ভাচ হৈ গ’লে, ভয় খালেও শৰীৰৰ পৰা ঘাম ওলায়, ব্যায়াম কৰোতেও ঘাম নিৰ্গত হয়। ঘাম বাষ্প ৰূপে শৰীৰৰ পৰা ওলাই যোৱাৰ লগে লগে শৰীৰৰ তাপমানো কমিব ধৰে। ঘামত ৯৯ শতাংশ পানী থাকে, খুব কম পৰিমাণৰ চডিয়াম ক্লোৰাইড আৰু পটাচিয়াম থাকে, যি গোন্ধহীন। এপোক্ৰাইন গ্ৰন্থিয়ে ঘামৰ পৰা দুৰ্গন্ধ নিৰ্গত কৰে। ইয়াৰ পৰা গাখীৰৰ দৰে দ্ৰব্যৰ সৃষ্টি হয়, য’ত প্ৰ’টিন আৰু ফেটি এচিড অধিক মাত্ৰাত থাকে। প্ৰ’টিনযুক্ত এই দ্ৰব্যত বেক্টেৰিয়া আৰু ভেঁকুৰৰ প্ৰৱেশ ঘটে তেতিয়াই শৰীৰৰ পৰা দুৰ্গন্ধ ওলাব ধৰে।

শিশুসকলৰ শৰীৰৰ পৰা দুৰ্গন্ধ নোলায়, কাৰণ শিশুসকল পূৰ্ণবয়স্ক নোহোৱালৈকে তেওঁলোকৰ এপোক্ৰাইন গ্ৰন্থি সুপ্ত অৱস্থাত থাকে সেয়ে বেক্টেৰিয়াই দুৰ্গন্ধ সৃষ্টি কৰিব নোৱাৰে। যিসকল মানুহৰ শৰীৰত নোম অত্যাধিক মাত্ৰাত থাকে, তেওঁলোকৰ ঘাম অধিক ওলায়। স্বাস্থ্যৱান লোকৰ কম তাপমানতো ঘাম নিৰ্গত হয়। গৰমৰ দিনত খেলুৱৈ তথা কাম বন কৰা লোকৰ অত্যাধিক ঘাম ওলায়। অধিক ঘাম ওলোৱা ব্যক্তিৰ ঘাম ওলোৱা ছিদ্ৰ ক্ৰমশ: বহল হৈ পৰে। মহিলাতকৈ পুৰুষৰেই অধিক ঘাম ওলায়। কিয়নো পুৰুষ হৰমোন টেষ্টোষ্টেৰণে অধিক ঘাম বাহিৰ কৰিবলৈ এপোক্ৰাইনক উচটায়। বয়সস্থ লোকৰ শৰীৰত নানিয়ল নামৰ দ্ৰব্যৰ সৃষ্টি হয়, যিয়ে ঘামক অধিক দুৰ্গন্ধময় কৰি তোলে।

অনেকৰ ঘাম মাত্ৰাধিক ওলায়। জিন অৰ্থাৎ বংশগত কাৰণ, শকত হোৱা অৱস্থা, মানসিক উদ্বেগ আদি অধিক ঘাম ওলোৱাৰ প্ৰধান কাৰণ। ঘাম অত্যাধিক মাত্ৰাত ওলালে কোনো ক্ষতি নহয়। যদি ঘাম ৰোধ কৰা এন্টিপাস্পিৰেন্ট প্ৰডাক্ট ব্যৱহাৰৰ ফলতো ঘাম নিৰ্গত হোৱাটো বন্ধ নহয় তেন্তে চিকিৎসকৰ পৰামৰ্শ ল’ব।

দুৰ্গন্ধ ৰোধ কৰিব কেনেকৈ?

  • ছালত এন্টিবায়টিক পাউদাৰ যেনে- নিয়োমাইচিন, জেন্টামাইচিন, জেন্টামাইচিন আৰু ক্লিণ্ডামাইচিনযুক্ত ক্ৰীম সানিব।
  • চিকিৎসকৰ পৰামৰ্শ মতেই এন্টিপাস্পিৰেন্ট কিনিব।
  • ৰাতি শোঁওতে এলুমিনিয়াম ক্লোৰাইড বা মেথেনমাইন চলিউচন লগাব।
  • যি ঠাইৰ পৰা ঘাম অধিক ওলায় সেই ঠাইত বোট্ৰাক্স ইঞ্জেকচন লগালে ঘাম কম নিৰ্গত হয়।
  • চিকিৎসকৰ পৰামৰ্শত এন্টিএঞ্জাইটি ড্ৰাগছ ল’লে ইয়াৰ প্ৰকোপ কমিব।
  • ‘ইণ্টোফোৰেচিচ’ নামৰ একপ্ৰকাৰৰ বৈদ্যুতিক চিকিৎসাৰ দ্বাৰা ঘামৰ প্ৰকোপ কমাব পাৰি যদিও ইয়াৰ বাবে অভিজ্ঞ চিকিৎসকৰ সহায় ল’ব লাগে। প্ৰতি সপ্তাহত দুইবাৰকৈ চাৰি সপ্তাহ একেৰাহে এই চিকিৎসা লব লাগে।

অন্য উপায়

লিপোচাক্সন

এই প্ৰক্ৰিয়াৰ দ্বাৰা কাষলতিৰ তলৰ কেতবোৰ গ্ৰন্থি উলিয়াই দিয়া হয়।

চিম্পোথক্টমী

হাতৰ তলুৱাৰ ঘামৰ বাবে দায়ী গ্ৰন্থিক এই প্ৰক্ৰিয়াৰ দ্বাৰা নি:শেষ কৰি দিয়া হয়, কিন্তু এনে কৰিলে শৰীৰৰ অন্য অংগত ঘাম অত্যাধিক বৃদ্ধি পায়।

স্প্ৰে আৰু ৰোল

ঘামৰ পৰা নিষ্কৃতি পাবলৈ বজাৰত ডিয়োডৰেন্ট আৰু এন্টিপাৰ্স্পিৰেন্টযুক্ত বিভিন্ন সুগন্ধি পাব পাৰি। যেনে-গোলাপ, চন্দন, চী-ব্ৰীজ আদি।

ডিয়োডৰেন্ট

ফেটি এচিডক নিষ্ক্ৰিয় কৰিবলৈ ইয়াত বেকিং এচিড পাউদাৰ মিহলোৱা থাকে। ই ঘামৰ দুৰ্গন্ধ দূৰ কৰাৰ লগতে ইথাইলেক্সাইল গ্লাইছেৰান, ট্ৰাই-ইথাইল চাইট্ৰেটৰ গোন্ধৰো উপশম ঘটায়। কটা ছিঙা ছালত ইয়াৰ ব্যৱহাৰ নকৰিব। এন্টিবেক্টেৰিয়েল চাবোন ব্যৱহাৰ কৰিলেও দুৰ্গন্ধৰ পৰা হাতসাৰি থাকিব পাৰিব।

এন্টিপাৰ্স্পিৰেন্ট

ইয়াৰ ব্যৱহাৰৰ ফলতো ঘামৰ পৰা নিস্তাৰ পোৱা যায়। ই বেক্টেৰিয়াক দমন কৰি ৰাখে।

পৰিস্কাৰ পৰিচ্চন্নতাইও আপোনাৰ শৰীৰৰ দুৰ্গন্ধ কমাব পাৰে। নিতৌ দুবাৰ গা ধুব। ব্যায়াম কৰাৰ পাছতো গা ধুব লাগে। গা ধোৱাৰ অন্তত শৰীৰ ভালকৈ শুকুৱাই লৈ টেলকম পাউদাৰ ব্যৱহাৰ কৰিব পাৰে। মহিলাসকলে যোনিদ্বাৰৰ আশে পাশে পাউদাৰ নলগাব, চিষ্ট হবগৈ পাৰে।

  • কটনৰ অন্তৰ্বাস পিন্ধিব। এবাৰ পিন্ধা অন্তৰ্বাস নুধুৱাকৈ পুনৰ নিপিন্ধিব।
  • গৰমৰ দিনত সূতাৰ ঢিলা কাপোৰেহে পিন্ধিব।
  • গৰমৰ দিনত জীৱ-জন্তুৰ কলিজা, হাওঁফাওঁ আদি নাখাব। এই বিলাকত কোলাইনৰ মাত্ৰা অধিক থাকে, যিয়ে দুৰ্গন্ধৰ সৃষ্টি কৰে।
  • মহিলাসকলে অন্তৰ্বাসৰ লগত টিচু পেপাৰ লগাই লব পাৰে। টিচু পেপাৰে ঘাম শুহি লয়।
  • গা নুধুৱাকৈ পাউদাৰ নাসানিব, উৎকট দুৰ্গন্ধৰহে সৃষ্টি হব।
  • চাহ, কফি, চকলেট আদিৰ সেৱন কমকৈ কৰিব।
  • পানীযুক্ত তৰল পদাৰ্থ অধিক খাব। নহৰু, পিয়াঁজ, জিৰা আৰু মেথিৰ সেৱন কমকৈ কৰিব।
  • যদি আপুনি ডিয়োডৰেন্ট আৰু এন্টিপাৰ্স্পিৰেন্ট ব্যৱহাৰ কৰিবলৈ নিবিচাৰে তেন্তে বগা বৰিক এচিড পাউদাৰ ব্যৱহাৰ কৰিব পাৰে। গা ধোৱাৰ পিছত এই পাউদাৰ সানিব। পাউদাৰ কিন্তু কমকৈহে সানিব।
  • কাষলতিৰ নোমবিলাক পৰিষ্কাৰকৈ ৰাখিব।

কেনেকৈ আতঁৰাব ঘামৰ দাগ

ঘামৰ দাগ আতঁৰাবলৈ হেভি ডিউটি লিকুইড ডিটাৰজেন্ট ব্যৱহাৰ কৰিব। কাপোৰ ২০/৩০ মিনিট সময় কুহুমীয়া গৰম পানীত ডিটাৰজেন্ট দি তিয়াই থৈহে ধুব। অন্তৰ্বাস ধুই এচামুচ বগা ভিনেগাৰ আৰু একাপ পানীৰে স্পঞ্জ কৰি পৰিষ্কাৰ পানীত জুবুৰিয়াই ৰ’দত দিব।

লিখক: এম.এ. ছাত্তাৰ, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

শেহতীয়া উন্নীতকৰণ: : 4/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate