অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘৰত স্প্ৰেৰ ব্যৱহাৰে হাওঁফাওঁৰ ক্ষতি কৰিব পাৰে :

ঘৰত স্প্ৰেৰ ব্যৱহাৰে হাওঁফাওঁৰ ক্ষতি কৰিব পাৰে :

 

ঘৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ প্ৰতি প্ৰত্যেক গৃহস্থই হ’লেও চকু দিয়ে। ঘৰৰ মজিয়া, দেৱাল, চিলিং আদিৰ লগতে ভিতৰৰ আচবাব পত্ৰবোৰো পৰিষ্কাৰ কৰি ৰখাৰ বাবে  আজিকালি বিভিন্ন ধৰণৰ স্প্ৰে ওলাইছে আৰু এইবিলাক ব্যৱহাৰ ব্যৱহাৰ কৰি সহজে ঘৰখন পৰিষ্কাৰ  কৰি ৰাখিব পাৰি।

কেৱল এয়াই নহয়, ঘৰৰ ভিতৰত আশ্ৰয় লৈ মানুহক আক্ৰমণ কৰি মানুহৰ গালৈ ৰোগ বিয়পোৱা মহ মাখি আদি কীট-পতংগকো আঁতৰাই পঠাবলৈ বা ধ্বংস কৰিবলৈ বিভিন্ন ধৰণৰ স্প্ৰে ব্যৱহাৰ কৰা হয়। কিন্তু এই স্প্ৰেবিলাকে ঘৰখন পৰিষ্কাৰ কৰি ৰখাত যিমানেই সহায় নকৰক লাগে, এইবিলাকৰ নিয়মীয়া বুয়ৱহাৰে মানুহৰ হাওঁফাওঁৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। এই কথা অলপতে চলোৱা এটা অধ্যয়নত প্ৰকাশ পাইছে।

এনেধৰণৰ হানিকাৰক স্প্ৰেৰ দ্বাৰা আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হ’ব পাৰে ঘৰখনৰ মহিলাসকল। কাৰণ ঘৰখন চাফ-চিকুণকৈ ৰখাত আটাইতকৈ বেছিকৈ ব্যৱহাৰ কৰে এই স্প্ৰেবোৰ।

গৱেষণাটোত পোৱা ফলাফলৰ পৰা জানিব পৰা গ’ল যে মহিলাসকলৰ হাওঁফাওঁত স্প্ৰেৰ সংস্পৰ্শৰ ফলত যথেষ্ট বেছি ক্ষতি হোৱাৰ আশংকা থাকে। গৱেষণাটোত আৰু এটা কথা লক্ষ্য কৰা গ’ল যে ঘৰখন চাফ-চিকুণ কৰাৰ পৰা বিৰত থকা মহিলাতকৈ নিয়মীয়াকৈ চাফ-চিকুণ কৰাত ব্যস্ত থকা মহিলাসকলৰ মাজত এই সমস্যা বেছিকৈ হয়।

নৰৱেৰ ইউনিভাৰচগিটি অব বৰ্জনৰ চেছাইল স্বেন্স নামৰ গৱেষকগৰাকীয়ে প্ৰকাশ কৰিছে যে ঘৰ পৰিষ্কাৰ কৰি ৰখাৰ বাবে ব্যৱহাৰ কৰা স্প্ৰেত থকা ৰাসায়নিক উপাদানবিলাকে হাপানি ৰোগ বৃদ্ধিত ক্ষন্তেকীয়া প্ৰভাৱ পেলায়। অৱশ্যে দীৰ্ঘকালীন প্ৰভাৱৰ বিষয়ে এতিয়াও বিশেষ তথ্য পোৱা হোৱা নাই।

ঘৰ চাফা কৰাত স্প্ৰে ব্যৱহাৰ নকৰা মহিলাতকৈ স্প্ৰে ব্যৱহাৰ কৰা মহিলা সকলৰ ওপৰত ১২.৩ শতাংশ বেছি প্ৰভাৱ পৰে বুলি গৱেষণাটোত প্ৰমাণ পোৱা গ’ল। এই অধ্যয়নৰ সবিশেষ ‘আমেৰিকান জাৰ্ণেল অব ৰেচপিৰেটৰী এণ্ড ক্ৰিটিকেল কেয়াৰ মেডিচিন’ত অলপতে প্ৰকাশ পাইছে।

উৎস: দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate