অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘৰতে তৈয়াৰ কৰক ফেচপেক

ঘৰতে তৈয়াৰ কৰক ফেচপেক

নিজকে সজাই পৰাই দেখনিয়াৰ কৰাটো মানুহৰ সহজাত প্ৰবৃত্তি। আগৰ দিনৰ মানুহে প্ৰকৃতিৰ বুকুত পোৱা বিভিন্ন ফুল, পাত, শিপাৰ ৰস বা গুড়িৰ দ্বাৰা সৌন্দৰ্য চৰ্চা কৰিছিল। বৰ্তমান বিভিন্ন ৰাসায়নিক দ্ৰব্য মিশ্ৰিত প্ৰসাধন সামগ্ৰী বজাৰত পোৱা যায় আৰু সেইবোৰেৰে সৌন্দৰ্য চৰ্চা কৰা হয়। এনেধৰণৰ দ্ৰব্যবোৰ সহজতে কিনিব পোৱা যায় আৰু কায়িক শ্ৰম নকৰাকৈ ব্যৱহাৰো কৰিব পাৰি কাৰণে সকলোৰে মাজত জনপ্ৰিয়। কিন্তু প্ৰাকৃতিক দ্ৰব্যৰে সৌন্দৰ্য চৰ্চা কৰাটো স্বাস্থ্যসন্মত। এনেধৰণৰ প্ৰকৃতিৰ গছ-বনেৰে সৌন্দৰ্য চৰ্চা কৰিলে দেখনিয়াৰ হোৱৰ লগতে ৰোগ প্ৰতিৰোগ তথা নিৰাময়ো হয়। সাধাৰণতে ফেচপেক ছালৰ উজ্বলতা আনিবলৈ বয়সৰ বলিৰেখা আদিক বাধা দিবলৈ ব্যৱহাৰ কৰা হয়। বজাৰত পোৱা কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ সলনি ঘৰতে প্ৰকৃতিৰ বুকুত পোৱা পাচলি, ফলেৰে ফেচপেক বনাব পাৰি। এনেধৰণৰ ফেচপেকে ছালৰ কোনো ক্ষতি নকৰে।

ছাল উজ্জ্বল, সজীৱ আৰু মসৃণ কৰা কেইটামান ফেচপেকৰ বিষয়ে জানো আহকচোন-

  • নেমুৰ ৰস আধা চামুচৰ লগত দুই চামুচ মৌ মিহলাই মুখ, হাত আৰু ডিঙিত লগাওক। ১০-১৫ মিনিটৰ পিছত শীতল পানীৰে ধোৱক। ছাল উজ্বল হোৱাৰ লগতে সজীৱতা আহিব।
  • তুলসীৰ পাত পাঁচ-ছয়টা মিহলাই মুখত লগাওক। শুকালে শীতল পানীৰে ধুই দিয়ক। ছাল মসৃণ আৰু উজ্বল হ’ব।
  • সেউজীয়া বুটৰ গুড়ি, তুলসীৰ পাতৰ ৰস আৰু অকণমান গাখীৰ মিহলাই মিশ্ৰণখিনি মুখত লগাই দহ মিনিট পিছত মুখখন ধুই দিয়ক।
  • কমলা টেঙাৰ ৰস মুখ, হাত আৰু গলধনত লগাই ২০ মিনিট পিছত মুখখন ধুই দিয়ক।
  • কমলা টেঙাৰ ৰস মুখ, হাত আৰু গলধনত লগাই ২০ মিনিট পিছত কুহুমীয়া পানীৰে মুখ, ডিঙি, হাত, গলধন পৰিষ্কাৰ কৰক।
  • বেচন দৈৰ লগত মিহলাই সদায় মুখত লগালে মুখ পৰিষ্কাৰ আৰু উজ্জ্বল হৈ থাকে।
  • গাখীৰ মেথি গুড়িৰ লগত মিহলাই মুখত সানত। শুকালে পৰিষ্কাৰ গৰম (কুহুমীয়া) পানীৰে ধুই দিয়ক।
  • কণীৰ বগা অংশৰ লগত মৌ মিহলাই মুখত লগাই ১০-১৫ মিনিট পিছত শীতল পানীৰে পৰিষ্কাৰ কৰক। ছাল উজ্জ্বল হ’ব।
  • বাদাম তিনিটা গুড়ি কৰি, দৈ আৰু মৌৰ লগত মিহলাই পেষ্ট বনাই মুখত বিশ মিনিট ৰাখি শীতল পানীৰে মুখ পৰিষ্কাৰ কৰক।
  • নাৰিকলৰ পানীৰ লগত আনাৰসৰ ৰস মিহলাই মুখত লগালে ছাল সতেজ আৰু উজ্জ্বলতা বাঢ়ে।
  • এচামুচ বেচনৰ লগত এক চিকুট হালধি আৰু গাখীৰ মিলাই সেই পেষ্ট মুখত ১৫-২০ মিনিট পিছত শীতল পানীৰে ধুই দিয়ক।
  • এক চামুচ বাৰ্লি, এক চামুচ মৌ আৰু আধা চামুচ নেমুৰ ৰস মিহলাই মুখত লগাওক শুকালে পানীৰে ধুই দিয়ক। ছাল মসৃণ হৈ পৰিব।
  • ৰঙালাও মিহিকৈ পিহি, কণীৰ কুহুম আৰু গাখীৰৰ লগত মিহলাই পেষ্ট বনাই সেই পেষ্ট মুখত ২০ মিনিট ৰাখি ধুই দিয়ক। ছাল কোমল আৰু উজ্জ্বল হ’ব।
  • এচামুচ গাজৰৰ ৰসৰ লগত এচামুচ আনৰসৰ ৰস মিহলাই মুখত লগাওক। শুকালে ধুই দিয়ক।

ওপৰৰ টিপছ্‌বোৰৰ যিকোনো এটা ঘৰত যিদিনা যিবিধ পাচলি বা ফল থাকে তাৰে কৰিব পাৰি।

লিখকঃ ললিতা শৰ্মা লহকৰ, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/31/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate