অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চকুৰ সাধাৰণ যতন কেনেদৰে ল’ব ?

চকুৰ সাধাৰণ যতন কেনেদৰে ল’ব ?

১) গ্ৰীষ্মকালত চকুৰ কেনেকুৱা ধৰণৰ ৰোগ হ’ব পাৰে ?

চকুৰ যিকোনো ৰোগ বছৰটোৰ যিকোনো সময়তেই হ’ব পাৰে যদিও চকু ৰঙা পৰা ৰোগবোৰ সাধাৰণতে গৰমকালি বেছিকৈ হোৱা দেখা যায় । ভাইৰাছৰ কাৰণে হোৱা ৰোগবোৰ সাধাৰণতে গৰম আৰম্ভ হোৱাৰ লগে লগেই আৰম্ভ হয় । অন্যহাতে ভেঁকুৰজাতীয় বীজাণুৰ দ্বাৰা হোৱা ৰোগবোৰ খেতিৰ দিনত বেছিকৈ হোৱা পৰিলক্ষিত হয় । কৰ্নিয়া আৰু কনজাংটিভাৰ বেমাৰবোৰ গৰমকালিয়েই প্ৰায় দেখা যায় । চকুৰ এলাৰ্জীও যিহেতু নতুনকৈ ফুলা ফুলৰ ৰেণু, জন্তুৰ নোম, ধূলি-বালি আদিৰ পৰা হয়, সেয়েই প্ৰায়েই গ্ৰীষ্মকালতেই বেছিকৈ প্ৰত্যক্ষ কৰা হয় ।

২) কনজাংটিভাইটিছ (চকু ৰঙা পৰা) এই ৰোগটো কি কি কাৰণত হয় ? এই ৰোগ হোৱা মানুহে সাংঘাতিক ধৰণেৰে কষ্ট পায় । ইয়াক প্ৰতিৰোধ কৰিবলৈ কেনে ব্যৱস্থা ল’ব লাগে অলপ কওকচোন ?

কনজাংটিভা হ’ল চকুৰ বাহিৰৰ আৱৰণখন, পাতল আৱৰণখন চকুৰ ভিতৰৰ পৰা আৰম্ভ কৰি গোটেই চকুটোৰ ওপৰত মেল খাই থাকে । চকু ৰঙা পৰাটো যি কাৰণেই নহওক সাধাৰণতে মানুহে চকু ৰঙা পৰিলেই জয়-বাংলা হৈছে বুলি কয় । চিকিৎসা-বিজ্ঞানৰ পৰিভাষাত ইয়াক কোৱা হয় কনজাংটিভাইটিছ । কম-বেছি পৰিমাণে শিশুৰ পৰা আৰম্ভ কৰি বয়স্ক লোকলৈকে সকলোকে এই ৰোগে আক্ৰমণ কৰা দেখা যায় । এই ৰোগ হ’লে চকু ৰঙা পৰাৰ উপৰি আঠাযুক্ত পানী ওলায়, ফেচকুৰি ওলায়, অলপ বিষ হয়, চকু ফুলি যায় আদি যথেষ্ট কষ্টৰ সন্মুখীন হয় । সাধাৰণতে বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হ’লে চকুৰ ফেচকুৰি আৰু পানী বেছিকৈ ওলায় । চকু ৰঙা পৰাৰ ক্ষেত্ৰত এলাৰ্জীৰ প্ৰভাৱো মন কৰিবলগীয়া । কনজাংটিভাইটিছ এবিধ সংক্ৰামক ৰোগ । সাধাৰণতে ৰোগীৰ ব্যৱহাৰ কৰা কাপোৰ, গামোচা, ৰুমাল আদি আচবাববোৰৰ যোগেদি এজনৰ পৰা আন এজনলৈ বিয়পে । প্ৰবাদ আছে যে এই ৰোগ হোৱা মানুহৰ চকুলৈ চালেই এই ৰোগ হয় । কিন্তু এইটো ভিত্তিহীন কথা । এই ৰোগ হ’লে মানুহে চকুত পানী মাৰে, কিন্তু বেছি পানী মাৰিলে উপকাৰতকৈ অপকাৰহে বেছি হয় । চকুৰ পানীত লাইছ’জাইম নামৰ এবিধ জীৱাণুনাশক দ্ৰব্য থাকে-যিয়েই জীৱাণুৰ পৰা চকুক ৰক্ষা কৰে । বহুতে তামৰ পাত্ৰত পানী থৈ বা গোলাপজল কিনি আনি চকুত দিয়ে, কিন্তু সেইবোৰৰ একো সু-প্ৰভাৱ দেখা পোৱা নাযায় । ৰোগীয়ে চকু স্পৰ্শ কৰাৰ আগত আৰু পিছত ভালদৰে হাত ধুব লাগে । হাত নুধুলে সংক্ৰমণৰ আশংকা বৃদ্ধি পাব। এনে ৰোগত আক্ৰান্ত হ’লে শিশুক বিদ্যালয়লৈ পঠিয়াব নালাগে বা অন্য শিশুৰ পৰা আঁতৰত ৰাখিব লাগে । ধূলি-বালিৰ পৰা হাত সাৰিবলৈ গাগলছ আদি ব্যৱহাৰ কৰিব লাগে । চিকিৎসকৰ পৰামৰ্শ মতে মলম আৰু ড্ৰপ ব্যৱহাৰ কৰিব লাগে ।

৩) কিছুসংখ্যক মানুহৰ অনবৰতে চকু খচখচাই থাকে, চকুৰ পৰা পানী ওলাই থাকে । চকুযুৰি ফুলি থাকে, চকুৰ পৰা সঘনাই ফেচকুৰি ওলাই থাকি চকুকেইটা জালি পাতি থকাৰ দৰে হয়, কিয় এনে হয় ?

চকু খচখচাই থকাৰ বহুত কাৰণ আছে। প্ৰথমেই কওঁ যে চকুত কিবা অকণমান বস্তু এটা বা সামান্য বালি-ধূলি আদি সোমালে তৎক্ষণাৎ খচখচাবলৈ আৰম্ভ কৰে । চকুৰ পৰা পানী ওলায় আৰু যেতিয়ালৈকে বস্তুটো ওলাই নাযায় তেতিয়ালৈকে বস্তুটো ওলাই নাযায় তেতিয়ালৈকে উপশম নাপায় । দ্বিতীয়তে, চকুৰ সামান্য অসুখৰ পৰা আৰম্ভ কৰি ডাঙৰ কিবা হোৱালৈকে সকলোতে চকু খচখচোৱা আৰু পানী ওলোৱা দেখ যায় । কিছুমান মানুহৰ চকুৰ পৰা নাকলৈ যোৱা নেক্ৰনলীডাল বন্ধ থাকিলে অনবৰতে পানী ওলাই থাকে । খুব বেছি গাড়ী-মটৰ চলালে, কম্পিউটাৰ চলাই থাকিলে, কিছুমান দৰৱ সেৱন কৰিলে আদি নানা কাৰণত চকুৰ পানীটো কমি যায়, যাক কোৱা হয় ড্ৰাই-আই ছিণ্ড্ৰম (Dry-Eye Syndrom) । সেইবোৰ কাৰণত চকুটো জালি পাতি থকাৰ দৰে অসুবিধাৰ সন্মুখীন হৈ চকু খচখচায় আৰু পানী ওলাই থাকে । ‘ক’ ভিটামিনৰ অভাৱত, টোপনি অহা ঔষধ আদি ব্যৱহাৰ কৰিলে, বহুত সময় শীত-তাপ নিয়ন্ত্ৰিত কোঠাত থাকিলে, কম্পিউটাৰ বা টেলিভিছন বেছিকৈ চাই থাকিলে চকু শুকান (ড্ৰাই-আই) হয়, ফলস্বৰুপে বতাহ সহ্য কৰিব নোৱাৰা হয় আৰু চকু খচখচাবলৈ ধৰে । চকুৰ পতাত আচিনাই জাতীয় কিবা উঠা বা চকুৰ কিবা ৰোগৰ কাৰণেও চকু ফুলি উঠে আৰু ৰঙা পৰে আৰু খচখচায় ।

৪) কিছুমান মানুহৰ চকুত আচিনা হৈ বহুত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়, আনকি কিছুমান এনে ৰোগীৰ আচিনা অপাৰেচন পৰ্যন্ত কৰিবলগীয়া হোৱা দেখা যায় ।কিয় এনে হয় ?

চকুৰ পতাকেইখনে চকু বন্ধ কৰা আৰু খোলা কামত সহায় কৰে । চকুৰ পতাকেইখনে চকুটো বাহিৰৰ আঘাতৰ পৰা ৰক্ষা কৰে । পতাকেইখনত বিভিন্ন ধৰণৰ গ্লেণ্ড থাকে । সেই গ্লেণ্ডবোৰে ৰস নি:সৰণ কৰাৰ কাৰণে আমাৰ চকুটো অনবৰতে তিতি থাকে আৰু চকুটো লৰচৰ কৰাত অসুবিধা নহয় । চকু তিতি নাথাকিলে চকুত বহুত আহুকাল হ’ব আৰু চকু নষ্টও হৈ যায় । চকুৰ পতাৰ কাষত থকা গ্লেণ্ডবোৰক বীজাণুৱে আক্ৰমণ কৰাৰ ফলত আচিনা হয় । এই আচিনা বহুত ধৰণৰ আছে আৰু কিছুমানত অসহ্য বিষ হয় । টাৰচেল গ্লেণ্ডবিলাকৰ ইনফেকচন হৈ ফুলি উঠিলে তাক ইণ্টাৰনেল হৰডিয়’লাম বোলে । কেতিয়াবা মেইবমিয়ান গ্লেণ্ডৰ নলীডাল বন্ধ হৈ গ’লে গ্লেণ্ডটো ফুলি উঠে আৰু সেইটো বেছি ডাঙৰ হৈ অপাৰেচন পৰ্যন্ত কৰিবলগীয়া হয় । ইয়াক কালাজিয়ন (Chalazion) বুলি কয় ।

৫) যিহেতু এটা শিশুৱে চকুৰ কিবা সমস্যা হ’লে বা কম দেখিলে শিশুটিয়ে ক’ব নোৱাৰে, তেনে অৱস্থাত এটি শিশুৰ কিমান বছৰ বয়সত চকু পৰীক্ষা কৰিব লাগে ?

এটি শিশুৱে কম দেখিলে বা কিবা অসুবিধাত পৰিলে সি ক’ব নোৱাৰে, কিন্তু তাৰ মাক-বাপেকে বা তাৰ লগতে থকা কোনোবাই তাৰ অসুবিধাবোৰ প্ৰত্যক্ষ কৰে । সাধাৰণতে কিছুমান শিশুৰ সৰু কালত চকুৰ পৰা পানী ওলায়, কিয়নো সিহঁতৰ নেত্ৰনলীডাল বন্ধ হৈ থাকিব পাৰে । সেইটো ৪ মাহ মান বয়সৰ পৰা দেখা পোৱা যায় । শিশুৰ ৫ মাহ মান বয়সলৈ চকুৰ পানী নোলায়, সেই কাৰণে শিশুৱে কান্দিলেও চকুপানী দেখা নাযায় । নেত্ৰনলী বন্ধ হৈ থাকিলে কেতিয়াবা নিজে নিজেই খোল খাই যায় বা সাধাৰণ অপাৰেচনৰ দ্বাৰা খেলাব পাৰি । শিশুৰ চকু ৰঙা পৰিলে বা ফেচকুৰি ওলালে, অন্য মানুহে প্ৰত্যক্ষ কৰিলে চিকিৎসকৰ ওচৰ চাপিব লাগে । শিশুৰ ক্ষেত্ৰত অন্য এটা কথা হ’ল শিশুৱে কম দেখা বা চকুৰে নেদেখা । তিনিমহীয়া শিশু এটাই মাকৰ ফালে চায়, হাঁহি মাৰে, পোহৰ চায়, কিন্তু কিছুমান শিশুৱে যদি পোহৰ নাচায় বা সঁহাৰি নিদিয়ে, তেতিয়া শিশুৰ চকুৰ বিষয়ে সন্দেহ কৰিব লাগে । শিশুৰ কিছুমান জন্মগত ৰোগ আছে । যিবোৰ কাৰণে শিশুৱে কম দেখে বা অলপ নেদেখে । অলপ ডাঙৰ হ’লেতো তাক দেখা-নেদেখাৰ সুবিধা পাৰি বা পৰীক্ষা কৰিব পাৰি । কেতিয়াবা কিছুমান শিশুৰ ৰেটিনা পৰীক্ষা কৰিবৰ কাৰণে বা চকুৰ প্ৰেছাৰ চাবৰ কাৰণে জেনেৰেল এনাস্থেছিয়া দি হ’লেও পৰীক্ষা কৰা হয় । কিবা সন্দেহ হ’লেই তৎক্ষণাৎ চিকিৎসকৰ ওচৰলৈ লৈ গৈ পৰামৰ্শ কৰা নিতান্তই প্ৰয়োজন । এই ক্ষেত্ৰত মাক-বাপেক বা অভিভাৱক সতৰ্ক হৈ থকা দৰকাৰ ।

৬) দেখা যায় আজিকালি কিছুসংখ্যক শিশুৱে চকুৰে কম দেখাৰ বাবেই খুব উচ্চ ক্ষমতাসম্পন্ন চশমা ব্যৱহাৰ কৰিবলগীয়া হয় । কিহৰ বাবে এনেবোৰ শিশুৱে চশমা ব্যৱহাৰ কৰিবলগীয়া হয় এই বিষয়ে অলপ কওকচোন ?

কিছুমান কম বয়সীয়া ছাত্ৰ-ছাত্ৰী বা শিশুৱে কম বয়সৰ পৰা চশমা ব্যৱহাৰ কৰা দেখা যায় । সেইবোৰ শিশুৱে দূৰত দেখাত অসুবিধা পায় । আজিকালি বুলি কথা নহয়, আগতেও তেনেকৈ বেছি পাৱাৰৰ চশমা পিন্ধা মানুহ দেখা যায় । কিন্তু আজিকালি মানুহবোৰ সজাগ হোৱাৰ কাৰণে অলপ অসুবিধা যেন দেখিলেই মানুহবোৰ ডাক্তৰৰ ওচৰ চাপে । শিশুৰ এই দূৰত দেখা দিগদাৰি পোৱাটোক মায়’পিয়া বুলি কয় । শিশুটোৱে কিবা এটা বস্তু ল’লে বা কিতাপ পঢ়িলে বস্তুটো তেনেই চকুৰ ওচৰলৈ আনি লয় । টেলিভিচন চালে সি ঘৰৰ অন্য মানুহতকৈ আগলৈ গৈ চায়গৈ । এনেকুৱা বিসংগতি দেখিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে । এই মায়’পিয়া হ’লে ৰেটিনাত পৰিব লগা প্ৰতিবিম্বটো ৰেটিনাত নপৰি কিছু আগত পৰে । চিকিৎসকে উপযুক্ত পাৱাৰৰ কনকেভ লেন্স দি প্ৰতিবিম্বটো ৰেটিনাত পেলাই দিয়ে আৰু ৰোগীজনে ভালকৈ দেখা পায় । সেইদৰে অন্য কিছুমান গণ্ডগোল, যেনে-হাইপাৰমেট্ৰ’পিয়া, এক্সিছৰ গণ্ডগোল আৰু এমব্লায়’পিয়া বা লেজী আই আদি থাকিলেও চকুৰ কমকৈ দেখা পায় আৰু চশমা ল’ব লগাত পৰে । সেয়েহে স্কুললৈ যোৱাৰ আগতে শিশুটোৰ চকু পৰীক্ষা কৰোৱা ভাল ।

৭) ডায়েবেটিছ ৰোগীয়ে চকুৰ কেনেদৰে যত্ন ল’ব ? এনে ৰোগীয়ে বছৰটোত চকু কেইবাৰ দেখুৱাব লাগে ?

ডায়েবেটিছ ৰোগীসকলৰ যদি তেজত শৰ্কৰাৰ পৰিমাণ যিমান থাকিব লাগে সিমানতে সদায় থাকে, তেতিয়া চকুৰ ওপৰত ডায়েবেটিছৰ একো বেয়া প্ৰভাৱ নপৰে । যদি তেজত শৰ্কৰাৰ পৰিমাণ সদায় বাঢ়ি থাকে বা নিয়ন্ত্ৰণ নথকা ডায়েবেটিছ আৰম্ভ হোৱাৰ পৰা ৮/১০ বছৰৰ পিছত চকুৰ ৰেটিনা নষ্ট কৰে । ডায়েবেটিছে অকল চকুৰে নহয়, চকুৰ লগে লগে বৃক্ক, হৃদযন্ত্ৰ আৰু অন্যান্য অংগবোৰতো তাৰ প্ৰভাৱ পৰি নষ্ট হ’বলৈ ধৰে । চকুৰ ক্ষেত্ৰত তেজৰ সিৰাবোৰ গৈ থকাটো আমি দেখা পাওঁ কাৰণে কিমান অনিষ্ট হৈছে আমি জানিব পাৰো । ইনডাইৰেক্ট অপথালম’স্ক’পৰ সহায়েৰে চকু পৰীক্ষা কৰিলে চকুৰ ৰেটিনাৰ লগতে সিৰা-উপসিৰাবোৰ দেখা পোৱা যায় আৰু কিমান অনিষ্ট কৰিছে গম পোৱা যায় । সেয়েহে ডায়েবেটিছ নিয়ন্ত্ৰনত ৰখাৰ ওপৰতে চকুৰ স্বাস্থ্য নিৰ্ভৰ কৰে । প্ৰথম অৱস্থাত এক-দুই বছৰৰ মূৰে মূৰে চকু দেখুৱালেও পিছলৈ প্ৰায় ছমাহৰ মূৰে মূৰে চকু দেখুৱাব লাগে ।

৮) বয়স বাঢ়ি অহাৰ লগে লগে এজন মানুহে যেনেকৈ স্বাস্থ্য পৰীক্ষা কৰাব লাগে, ঠিক তেনেকৈ চকু পৰীক্ষা কৰাটোও অতি প্ৰয়োজনীয় কথা । এজন বয়সস্থ মানুহে কিমান বয়সৰ পৰা চকু চিকিৎসা কৰাব লাগে ?

বয়স বাঢ়ি অহাৰ লগে লগে এজন মানুহে যেনেকৈ স্বাস্থ্য পৰীক্ষা কৰাব লাগে, ঠিক তেনেকৈ চকুও পৰীক্ষা কৰাব লাগে । প্ৰথম অৱস্থাত মূৰ বিষোৱা, মূৰ ঘূৰোৱা আদি অসুবিধা পালে চকু দেখুওৱাটো অনিবাৰ্য । আনহাতে ব্লাড প্ৰেছাৰ, ডায়েবেটিছ আদি ৰোগীয়েতো ছমাহ-এবছৰৰ মূৰে মূৰে চকু পৰীক্ষা কৰাব লাগে । ৪০ বছৰ বয়সৰ পৰা সকলো মানুহৰে ওচৰত দেখাটো কম-বেছি পৰিমাণে কমি আহে । পঢ়া-শুনা বা জোপা কাম কৰিবলৈ অসুবিধা পায়, সেয়েহে ৪০ বছৰ বয়সৰ পৰা সকলো মানুহে চকু দেখুৱাব লাগে । বয়সত হোৱা আৰু এটা মাৰাত্মক অসুখ হ’ল গ্লুক’মা । চকুৰ প্ৰেছাৰ বাঢ়ি যোৱা এই অসুখটো একেবাৰে গম নোপোৱাকৈ মানুহৰ চকুত থিতাপি লয় আৰু চকুটোৰ আপ্টিক নাৰ্ভডাল নষ্ট কৰি মানুহজনে চিৰদিনলৈ দৃষ্টি হেৰুৱাই পেলায় । গ্লুক’মা পৰীক্ষা কৰোতে এপ্লেনেচন টন’মিটাৰ নামৰ এবিধ সঁজুলিয়ে চকুৰ আভ্যন্তৰীণ চাপ পৰীক্ষা কৰে আৰু চকুৰ মণিটো বহল কৰি আপ্টিক নাৰ্ভডাল পৰীক্ষা কৰে । ৪০ বছৰ বয়সৰ পৰা এই ৰোগৰ পৰীক্ষা কৰোৱাটো যুগুত ।

৯) সাধাৰণতে দেখা যায় যে খেতিপথাৰত কাম কৰি থকা খেতিয়কজনে দিনৰ দিনটো বোকা-পানী আৰু গোবৰৰ সংস্পৰ্শত কাম কৰি থাকিলেও তেওঁ যদি চকুৰে কিবা অসুবিধা পায়, সেই খেতিয়কজনে চকুত ঠাণ্ডা পানী অলপ মাৰি দিলেই আৰাম অনুভৱ কৰে, কিন্তু কল-কাৰখানাত কাম কৰা শ্ৰমিকসকলে চশমা ব্যৱহাৰ কৰিলেও তেওঁ অসুবিধা পাই চকু পৰ্যন্ত নষ্ট হৈ যায় । এই দুই কামৰ মাজত পাৰ্থক্য কি ? অলপ কওকচোন ?

কল-কাৰখানাত কাম কৰি থকা মানুহৰ সাধাৰণতে লোহাৰ গুড়ি উফৰি আহি চকুত সোমায় । চকুত লোহাৰ গুড়ি সোমালে খুব কষ্ট অনুভৱ কৰে, যিহেতু ঘূৰি থকা মেচিনৰ পৰা জোৰত আহে আৰু কৰ্নিয়াৰ ভিতৰলৈ সোমাই যায় । কেতিয়াবা এনে হয় যে ই চকুৰ ভিতৰলৈকো সোমাই যাব পাৰে, যিটোৰ কাৰণে জৰুৰী অস্ত্ৰোপচাৰ পৰ্যন্ত কৰিব লগাত পৰে । চকুত খোঁচ খাই চকুৰ মণি ফুটি যাবও পাৰে । এচিড আৰু খাৰজাতীয় বস্তু চকুত লাগি বহুত অনিষ্ট কৰিব পাৰে । চকুৰ কৰ্নিয়াখন ভগৱানে এনেকৈ বনাইছে যে কৰ্নিয়াখনত যদি ঘা নালাগে তাত বোকা-পানী গোবৰ যিয়েই নপৰক একো ক্ষতি কৰিব নোৱাৰে । কৰ্নিয়াৰ উপৰিভাগৰ এপিথেলিয়াম নামৰ আৱৰণখন এনেদৰে সৃষ্টি কৰিছে যে সাধাৰণ অৱস্থাত ইয়াক ভেদ কৰি যিকোনো সাধাৰণ জীৱাণুৱে কৰ্নিয়া আক্ৰমণ কৰিব নোৱাৰে । কৰ্নিয়াক ভেদ কৰিব নোৱাৰিলে জীৱাণু চকুৰ ভিতৰলৈ সোমাব নোৱাৰে । কৰ্নিয়াৰ এপিথেলিয়ামখন সুৰক্ষিত অৱস্থাত থকা কাৰণেই বোকা-পানী লাগিলেও কৰ্নিয়া বা চকুটোৰ একো নহয়, কিন্তু খেতিৰ দিনত খেতি কৰি থকা মানুহৰ কেনেবাকৈ যদি কৰ্নিয়াত ঘা লাগে, ফাংগেল আলচাৰ হৈ কৰ্নিয়াখনক নষ্ট কৰি দুই-তিনিদিনৰ ভিতৰতে চকু নষ্ট হৈ যোৱাৰ উদাহৰণো নথকা নহয় ।

১০) আমাৰ চকুৰ সাধাৰণতে কেনেধৰণৰ এলাৰ্জী বা ফাংগাচে দেখা দিব পাৰে ?

চকুৰ এলাৰ্জী বুলি ক’লে সাধাৰণতে কনজাংটিভাৰ এলাৰ্জীহে বুজা যায় । এই এলাৰ্জী সাধাৰণতে তিনি প্ৰকাৰৰ হয় । সাধাৰণ এলাৰ্জী- যিটো চকু খজুৱায়, ৰঙা পৰে, দ্বিতীয়তে ফ্লিকটেনুলাৰ সাধাৰণতে গাৰ ভিতৰৰ কিছুমান এলাৰ্জেনৰ কাৰণে হোৱা ৰোগ দেখা যায় আৰু তৃতীয়টো হ’ল স্প্ৰিং কেইটাৰ বা ভাৰনেল কনজাংটিভাইটিছ । ইয়াৰ প্ৰাদুৰ্ভাৱ সাধাৰণতে গৰমকালি বেছি হয় । উঠি অহা ল’ৰা-ছোৱালীৰ চকু খজুৱায়, পানী ওলায়, ৰঙা পৰে, কেতিয়াবা পোহৰ চাবলৈ অসুবিধা পায় আৰু সূতাৰ দৰে ফেচকুৰি নি:সৰণ হয় । ইয়াৰে দুটা ভাগ পালপ্ৰবেল ফৰ্ম আৰু বালবাৰ ফৰ্ম, উপযুক্ত চিকিৎসাৰে সকলো এলাৰ্জীৰ পৰা পৰিত্ৰাণ পাব পাৰে । চকুৰ কৰ্নিয়াখনত ঘা লাগিলে ফাংগাচৰ বলি হয় । এই ফাংগাচ বৰ মাৰাত্মক । কৰ্নিয়াত হোৱা ঘা ফাংগাচৰ দ্বাৰা আক্ৰান্ত হৈ দুই-তিনি দিনৰ ভিতৰতে কৰ্নিয়াখন নষ্ট কৰি দিব পাৰে । সেয়েহে খেতিৰ দিনত কৰ্নিয়াত ঘা লাগিলে সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱাটো একান্তই প্ৰয়োজন ।

১১)  শেষত আমি চকুকেইটা ভালকৈ ৰাখিবলৈ কি কি কৰিব লাগিব  ?

পঞ্চ ইন্দ্ৰিয়ৰ ভিতৰত এটা চকুৱে আমাক চাৰিওফালৰ পৰিৱেশৰ লগত পোনপটীয়া সংযোগ ঘটোৱাৰ বাবে ইয়াৰ অবিহনে জীৱন ধাৰণ কৰা কষ্টকৰ । গতিকে সকলো পৰিৱেশতে চকুৰ যত্ন লোৱা অতি প্ৰয়োজন । চকুকেইটা ভালদৰে ৰাখিবলৈ হ’লে আমি নিয়মিত চকু পৰিষ্কাৰ কৰি ৰাখিব লাগে । লেতেৰা হাতেৰে চকু কেতিয়াও চুব নালাগে । চকুত কিবা এটা সোমালে কেতিয়াও মোহাৰি দিব নালাগে । বৰঞ্চ পৰিষ্কাৰ পানীৰে ধুই দিয়াটো যুগুত । এনেকুৱা কৰিলে বস্তুটো ওলাই যাবও পাৰে । বেছি অসুবিধা পালে চিকিৎসকৰ পৰামৰ্শ লোৱাটো দৰকাৰ । দৈনন্দিন জীৱনৰ জটিলতা বৃদ্ধিৰ লগে লগে চকুৱে যিকোনো মুহূৰ্ততে দুৰ্ঘটনাৰ মুখামুখি হ’ব পাৰে । কৃষকে খেতিৰ পথাৰত যেনেকৈ আঘাত পাব পাৰে, তেনেকৈ কল-কাৰখানা বা বাটে-পথে দুৰ্ঘটনাত চকু নষ্ট হ’ব পাৰে । চকুৰ সামান্য আঘাতৰ বাবেও জৰুৰী চিকিৎসাৰ প্ৰয়োজন । চকুত দুখ পালে আমি আনৰ উপদেশ মতে কিছুমান বস্তু চকুত দিওঁ । বনদৰব আদি দিলে ভেঁকুৰজাতীয় বীজাণুৰ দ্বাৰা চকু আক্ৰান্ত হৈ পৰিব পাৰে । চকুত চূণ পৰাৰ পৰা সাৱধান হৈ থকা দৰকাৰ । চূণ গলাওঁতে চকুলৈ চূণ উফৰি আহি চকু নষ্ট হোৱাৰ উদাহৰণ অসংখ্য । বহু সময়ত গলাই থোৱা চূণ কেঁচুৱাৰ চকুত পৰি অনিষ্ট কৰে । চূণৰ দৰে এচিডো চকুৰ কাৰণে বিপজ্জনক । চূণ বা অন্য খাৰ আৰু এচিডজাতীয় বস্তু পৰিলে লগে লগে পৰিষ্কাৰ পানীৰে ধুব লাগে । দূৰৰ পৰা কিবা বস্তু দলিয়াই দিওঁতে যাতে চকুত নপৰে তালৈ মন কৰিব লাগে । কাঁড়, টাংগুটি, পুতলা বন্দুক আদি খেলোতে চকুত পৰি যাতে চকুৰ অনিষ্ট নহয় তাৰ ওপৰত নজৰ ৰাখিব লাগে । চকুপানী ওলাই থাকিলে , ৰঙা পৰিলে, দেখা কম হৈ আহিলে বা হঠাতে নেদেখা হ’লে ততাতৈয়াকৈ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে । ৪০ বছৰ হোৱাৰ লগে লগেই চকু পৰীক্ষা কৰাব লাগে । চশমা আৰু লগতে গ্লুক’মা কেটেৰেক্ট আদি অসুখ আছে নেকি ডাক্তৰৰ লগত পৰামৰ্শ কৰিব লাগে । বহুত বয়সস্থ মানুহে কেটেৰেক্ট পৰি নেদেখা হ’লে বুঢ়া কালত কি অস্ত্ৰোপচাৰ কৰাওঁ বুলি ভাবি কষ্ট কৰিয়েই চলি থাকিবলৈ বিচাৰে । তেনেক্ষেত্ৰত তেখেতসকলক অস্ত্ৰোপচাৰ কৰি ল’বলৈ বুজাব লাগে । এনেকুৱাও দেখা যায় যে বুঢ়া কালত কণা হ’লে ধৰি ফুৰিবলৈ মানুহৰ অভাৱৰ কাৰণে জীয়াতু ভুগিব লগাত পৰে । কেতিয়াবা আকৌ লেন্সখন ভাগি গৈ গ্লুক’মাৰ সৃষ্টি হ’ব পাৰে আৰু অসহ্য বিষ হয়- যি ক্ষেত্ৰত অপাৰেচন নকৰিলে বিষৰ উপশম নহয় আৰু দৃষ্টিও ঘূৰাই নাপায় । সেয়েহে সময় থাকোতেই ডাক্তৰৰ পৰামৰ্শ লোৱা যুগুত । ডায়েবেটিছ ৰোগীয়ে অন্য অংগৰ লগতে চকুও নিয়মিতভাৱে পৰীক্ষা কৰাব লাগে । সুষম আহাৰ চকুৰ বাবে প্ৰয়োজনীয় । বহু মানুহে বিষাক্ত দ্ৰব্য সেৱন কৰে । বিষাক্ত মদ খাই বহু মানুহে মুহূৰ্তৰ ভিতৰতে দৃষ্টিশক্তি হেৰুৱাব পাৰে । শিশুৰ হাতত চোকা অস্ত্ৰ, জোঙা বস্তু আদি দিব নালাগে । গৰমত বিচি থকা বিচনীৰ নালেনেও চকুৰ অনিষ্ট হয় । চকুত আম পৰা, তামোল পৰা, বাটলুগুটি পৰা আদি সঘনাই ঘটে । মুঠতে সাৱধানৰ মৰণ নাই । এই অমূল্য সম্পদ চকুযুৰিৰ যত্ন লৈ চকুযুৰি ভালে ৰখাটো আমাৰ সকলোৰে কাম্য ।

লেখিকা :- ডা: নিজৰা বৰঠাকুৰ

উৎস :- জি এনআৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate