অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চোম পৰা

চোম পৰা

দেখা যায় ৮/১২ বছৰ বয়সীয়া ল’ৰা-ছোৱালীৰ বহুতৰে মুখত ‘চোম’ পৰে| এই সমস্যা যত্ন ল’লে অতি কম দিনৰ ভিতৰতে দূৰ হ’ব| ইয়াৰ বাবে কেইটামান দিহা দিয়া হ’ল-

  • ‘চোম’ পৰা অংশত বাদাম তেল নাইবা জলফাই তেল লগাই আঙুলিৰে মালিচ কৰি আধা ঘণ্টা থৈ পুনৰ পানীৰে ধুই দিব দিনটোত এবাৰকৈ|
  • অলপ বেকিং পাউদাৰ সংক্ৰমিত অংশত লগাই থ’ব| ৫ মিনিটৰ পিচত ঠাণ্ডা পানীৰে ধুই দিব|
  • ছালকুঁৱৰীৰ ৰস সংক্ৰমিত অংশত লগাই ১০-১৫ মিনিটমান ৰাখিব| প্ৰত্যেক তিনি ঘণ্টাৰ মুৰে মুৰে|
  • গা ধোৱা পানীত কেঁচা যৱধানৰ গুড়ি তিয়াই ১৫-২০ মিনিট সেই পানী গাত বা বগা পৰা ঠাইত ডুবাই ৰাখিব|
  • ১৫-২০ টামান তুলসীৰ পাত বটি তাৰ লগত ১ চামুচ জলফাইৰ তেল, ২ ফোটা নহৰু বটা, অকণমান নিমখ, চাৰিটামান জালুক- আটাইখিনি পিহি অলপ গৰম কৰি ‘চোম’পৰা অংশত দিনে দুবাৰকৈ লগাব|

লেখক:- বৰ্ণালী ভট্টাচাৰ্য

উৎস:- সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate