চোম পৰা সমস্যাৰ ঘৰুৱা দিহা
মানুহৰ ছালত চোম পৰা সমস্যাই বহুতকে অস্বস্তিত পেলায়। বিশেষকৈ এই সমস্যা ৮-১২ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত অধিক হোৱা দেখা যায়। এই সমস্যা প্ৰতিৰোধৰ বাবে নিয়মিত যত্ন ল’লে অতি কম দিনৰ ভিতৰতে এই সমস্যা দূৰ হ’ব। ইয়াৰ বাবে ঘৰুৱা দিহা আগবঢ়োৱা হ’ল-
- ছালকুঁৱৰীৰ ৰস সংক্ৰমিত অংশত লগাই ১০-১৫ মিনিটমান সময় ৰাখিব। প্ৰত্যেক তিনি ঘন্টাৰ মূৰে মূৰে এই ৰস ব্যৱহাৰ কৰিব।
- গা ধোৱা পানীত কেঁচা যৱধানৰ গুড়ি তিয়াই ৰখাৰ পিচত সেই পানী শৰীৰৰ চোম পৰা অংশত বাদাম তেল নাইবা জলফাই তেল লগাই আঙুলিৰে মালিচ কৰি ১-২ ঘন্টা থৈ পানীৰে ধুই দিব।
- অলপ বেকিং পাউদাৰ সংক্ৰমিত অংশত লগাই থ’ব। পাঁচ মিনিটৰ পিচত ঠাণ্ডা পানীৰে ধুই দিব।
- ১৫-২০ টা মান তুলসীৰ পাত বটি তাৰ লগত ১ চামুচ জলফাইৰ তেল’ ২ ফোটা নহৰু বটা, অকণমান নিমখ, ৪ টা মান জালুক এই আটাইখিনি পিহি অলপ গৰম কৰি চোম পৰা অংশত দিনে দুবাৰকৈ লগাব।
উৎস: সম্ভাৰ।
শেহতীয়া উন্নীতকৰণ: : 4/25/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.