বহুতো ৰোগীয়ে প্ৰায়েই নিজৰ পৰিয়ালৰ সদস্যসকলৰ বিষয়ে গুৰুত্বপূৰ্ণ কথাবোৰ চিকিৎসকক ক’বলৈ পাহৰি যায়। ফলত ৰোগ নিৰ্ণয়, ৰোগৰ পৰিণাম নিৰ্ণয় আৰু ফলপ্ৰসূ সঠিক চিকিৎসাত আউল লাগিব পাৰে। ভালেমান ৰোগৰ অনুবংশীয় বা পৰিয়ালকেন্দ্ৰিক কাৰক থাকে, যেনে- হৃদৰোগ, উচ্চ ৰক্তচাপ, ষ্ট্ৰোক, ডায়েবেটিছ, মানসিক ৰোগ আৰু কেতবোৰ কেঞ্চাৰ আদি। চিকিৎসকক এইবোৰ কথা জনালে ৰোগ নিৰ্ণয়ত সুবিধা হয়। তদুপৰি আপোনাক চিকিৎসকে পৰামৰ্শ দিব পাৰিব কোনবোৰ লক্ষণৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে আৰু কি কি প্ৰতিষেধক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই সন্দৰ্ভত আপোনাৰ মনত প্ৰশ্নৰ উদয় হ’লে, কিবা জানিবলগীয়া থাকিলে চিকিৎসকৰ সৈতে আলোচনা কৰক। আপোনাৰ দেহত কিবা অস্বাভাৱিক পৰিৱৰ্তন লক্ষ্য কৰিলে তৎকালেই চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। উদাহৰণস্বৰূপে অগতানুগতিক টেমুনা, ঔষধ ব্যৱহাৰ কৰিও উপশম নোহোৱা বিষ, ঘামচি সদৃশ চৰ্মৰোগ আদি লক্ষ্য কৰিলে অৱহেলা নকৰিব। এই লক্ষণসমূহৰ কাৰণ সোনকালে নিৰ্ণয় কৰিব পাৰিলে গুৰুতৰ ৰোগৰ পৰা হাত সাৰিব পাৰিব।
যেতিয়া কোনো ৰোগৰ চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰলৈ যায়, সেই সময়ত যদি ষ্ট্ৰেছত ভুগি আছে বা কিবা কাৰণত ক্ষুব্ধ হৈছে, তেনেহ’লে চিকিৎসকক জনাবলৈ নাপাহৰিব। কিয়নো এনে পৰিস্থিতিয়ে কেতবোৰ ৰোগৰ সৃষ্টিত বা বৃদ্ধিত অৰিহণা যোগাব পাৰে। এই মানসিক অৱস্থাৰ কথা জানিলে চিকিৎসকে আপোনাক কেতবোৰ প্ৰয়োজনীয় পৰীক্ষা কৰাৰ পৰামৰ্শ দিব পাৰে। আপোনাৰ সৈতে দীঘলীয়া আলাপ-আলোচনা কৰি প্ৰাসংগিক তথ্য কিছুমান জানিবলৈ চিকিৎসকে চেষ্টা কৰিব পাৰে।
আপুনি যদি চিকিৎসকক আপোনাৰ ৰোগৰ লক্ষণসমূহ সঠিকভাৱে জনাব পাৰে, তেনেহ’লে ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ ক্ষেত্ৰত সহায়ক হ’ব। লক্ষণসমূহ বুজাওঁতে কেতিয়াবা অসুবিধা হয়। উদাহৰণস্বৰূপে মাথোন পেটৰ বিষ বুলি ক’লেই নহ’ব, কোনখিনিত বিষাইছে, কেনেধৰণৰ বিষ, বিষটো একেবাৰে থাকে নে মাজে মাজে বিষায়, খোৱা-বোৱাৰ সৈতে বিষৰ কিবা সম্পৰ্ক আছে নেকি- এইবোৰ চিকিৎসকক বুজাই ক’ব আৰু চিকিৎসকে সেই অনুসৰি পৰীক্ষা-নিৰীক্ষা কৰি ৰোগ নিৰ্ণয় তথা চিকিৎসা কৰিব পাৰিব।
চিকিৎসকৰ সৈতে মুক্তভাৱে, সহৃদয়তাৰে আলাপ কৰিব পাৰিলে অসন্তুষ্ট হোৱাৰ অৱকাশ নাথাকিব।
(উৎসঃ অসমীয়া খবৰ, ডাঃ জীৱন দত্ত বৰুৱা)।
শেহতীয়া উন্নীতকৰণ: : 2/22/2024