অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চিপচ, কুৰকুৰে, চাওমিনৰ বিষয়ে কিছু কথা

চিপচ, কুৰকুৰে, চাওমিনৰ বিষয়ে কিছু কথা

 

(১)আজিৰপৰা কিছুবছৰ আগতে ঘৰলৈ আলহী আহিলে হাতত বিস্কুট বা মিঠাইৰ টোপোলা লৈহে আহিছিল; কিন্তু আজিকালি লৈ আহে বিভিন্ন ৰং বিৰঙৰ চিপচ,ৰিংছ অথবা কুৰকুৰেৰ পেকেট | আমি নিজেও যেতিয়া অতিথি হৈ কাৰোবাৰ ঘৰত যাও সেইবোৰেই লৈ যাও | কিয় নো লৈ নাযাম য'ত ভাল বিস্কুট বা মিঠাই কিনিলে হয়তো এশ টকা লাগিলহেতেন তাৰ ঠাইত ২০ টকাতে চিপচৰ ৰঙচঙীয়া ডাঙৰ পেকেট এটা পাও | কিন্তু এইসকল ব্যক্তিয়ে নিজৰ সন্তানক এইবোৰ খুৱাই জানো? নিশ্চয় নুখুৱাই| কিয় নুখুৱাই, কিয় আমিও খুৱাব বা খাব নালাগে?

মই নিজে এগৰাকী শিশুৰোগ বিশেষজ্ঞ নহয় যদিও মোৰ বিচাৰত দৈনন্দিন বহিঃবিভাগত শিশুসকল বিশেষকৈ, ৫ ৰ পৰা ৬/৭ বছৰৰ শিশুসকলে সঘনাই চিকিতসালয়ত আহিবলগীয়া বিভিন্ন কাৰণৰ ভিতৰত মুখ্য কাৰণ কিছুমান হ'ল পেটৰ বিষ,পাইখানা খোলোচা নোহোৱা,খাবলৈ ইচ্ছা নকৰা ইত্যাদি ইত্যাদি আৰু ৰোগ পুংখানুপুংখ অধ্যয়নৰ পিছত দেখিছো যে অধিকাংশৰে ৰোগৰ কাৰণ হৈছে ওপৰোক্ত বস্তুসমূহৰ মাত্ৰাধিক গ্ৰহণ| উল্লেখনীয় যে পুষ্টীকৰ উপাদানৰ ফালৰপৰা চাবলৈ গ'লে এইধৰণৰ সামগ্ৰীত কোনোধৰণৰ ভিটামিন আৰু খনিজ পদাৰ্থৰ দৰে কোনো লাগতিয়াল উপাদান দেখা পোৱা নাযায়| তাৰ পৰিবৰ্তে অতিমাত্ৰা লৱণ(Salt)আৰু চৰ্বি(Fats) থাকে যাৰ দৈনিক ভোজনে এজন ব্যক্তিক চিৰ ৰুগীয়া কৰিবলৈ যথেষ্ট| গৱেষণাৰপৰা দেখা গৈছে যে ১৫ ৰপৰা ২০ খন(এপেকেট চিপচ)চিপচত প্ৰায় ১০ গ্ৰাম চৰ্বি (Fat) আৰু প্ৰায় ১৫০ কেলৰি থাকে| যাৰ দৈনিক ভোজনৰ ফলত উচ্চ ৰক্তচাপ তথা হৃদৰোগ, অতিস্হৌল্যতা (Obesity) ইত্যাদি সমস্যাই দেখা দিব পাৰে| তদুপৰি এইবোৰত ব্যৱহৃত মছলা জাতীয় বস্তুৰ বাবে বুকু জ্বলাপোৰা(gastritis), বমি ভাব (Nausea or vomiting) আদিও হোৱা পৰিলক্ষিত হয়| মছলাসমূহ খাদ্যনলীৰ ভিতৰত(Intestinal wall) লাগি ধৰে যিবোৰে অনবৰত খাদ্যনলীটোক irritate কৰি থাকে যাৰ ফলত ভোক নলগা,পেট ফুলা,পেটৰ বিষ,শৌচ খোলোচা নোহোৱা সমস্যাসমূহে দেখা দিয়ে|

(২)চাওমিন খাই ভাল নোপোৱা ব্যক্তি হয়তো নোলাব| স্বাস্হ্যৰ প্ৰতি অত্যন্ত সজাগ ব্যক্তি এজনেও চাওমিন জাতীয় ফাষ্ট ফুডবোৰ দেখিলে হয়তো সকলোবোৰ পাহৰি যায়| কিন্তু গৱেষণাৰ পৰা দেখা গৈছে যে উঠি অহা যুৱচামৰ মাজত মেদবহুলতা,উচ্চ ৰক্তচাপ আদিৰ দৰে সমস্যাই গা কৰি উঠাৰ মূলতে হৈছে এইধৰণৰ ফাষ্ট ফুডৰ জনপ্ৰিয়তা| উল্লখনীয় যে চাওমিনৰ দৰে খাদ্যবোৰৰ প্ৰস্তুতকৰণত এনে এবিধ উপাদান ব্যৱহাৰ হয় যিটোয়ে নিৰৱ ঘাতক (Silent killer)হিচাপে আমাক আক্ৰমণ কৰি আছে,যাক আমি সকলোৱে Ajinomoto বা MSG বুলি সকলোৱে জানো | MSG( Monosodium Glutamate) এবিধ মানৱদেহৰ বাবে অতিশয় ক্ষতিকাৰক উপাদান| ইয়াৰ ব্যৱহাৰ খাদ্যবস্তুৰ সোৱাদ বঢ়াবলৈ ব্যৱহাৰ কৰা হয়,যিয়ে আমাৰ জিভাৰ স্বাদকোষবোৰক উত্তেজিত (Stimulate) কৰে |যাৰ ব্যৱহাৰৰ বাবেই চাওমিন জাতীয় বস্তুবোৰ বেছিপৰিমাণে খাব পৰা যায়| প্ৰায়বোৰ চাইনিজ ফুডতে MSG ব্যৱহাৰ হয়|

Journal of Nutrition and Metabolism ৰ গৱেষণা অনুসৰি অতিমাত্ৰা MSG সেৱনে কলেষ্টেৰ'লৰ বৃদ্ধি, উচ্চ ৰক্তচাপ, ডায়েবেটিচ, মেদবহুলতা, কিডনী বিকল হোৱা আদি বিভিন্ন প্ৰাণঘাতক সমস্যাই দেখা দিয়ে| ইয়াৰোপৰি হাত মুখৰ পোৰণি, শ্বাসকষ্ট, মুৰৰ বিষ, বমি ভাৱ, বুকুৰ ধপধপনি আদি লক্ষণসমূহ দেখা দিব পাৰে যিবোৰক Chinese restaurant syndrome বুলি কোৱা হয়| মহিলাৰ ক্ষেত্ৰত MSG ৰ ব্যৱহাৰে প্ৰজনন ক্ষমতাৰ হ্ৰাস কৰে | গতিকে এইবোৰ জানি শুনিও এইধৰণৰ খাদ্যবস্তু খোৱাটো নিশ্চয়কৈ বুধিয়কৰ কাম নহ'ব।

লেখিকা: ডাঃ মেদিণী বৰ্মণ

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 2/20/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate