অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চুলি নসৰিবলৈ যত্ন লওক :

চুলি নসৰিবলৈ যত্ন লওক :

 

আমি চুলি সৰিলে সকলোৱেই চিন্তিত হৈ পৰো। বিশেষকৈ আমাৰ মানসিক হেঁচা, শাৰীৰিক হেঁচা, খং, অপুষ্টিকৰ খাদ্য। হজম শক্তি দুৰ্বলতাৰ বাবে, লেতেৰা চুলিৰ গুৰি, উফি, শক্তিশালী ঔষধ আদিৰ বাবে আমাৰ চুলি সৰিবলৈ লয়। টাইফয়ড হ’লে চুলি সৰিবই। চুলি সৰাৰ প্ৰধান কাৰণ হৈছে পিত্ত দোষ। দূষিত খাদ্য, অপুষ্টিকৰ খাদ্য আৰু মানসিক হেঁচাৰ বাবে পিত্ত দোষহয়। অতিৰিক্ত চাহ, কফি, মদ, মাংস, ভজা-পোৰা, জ্বলা খাদ্যই পিত্ত দোষৰ কাৰণ। আজিৰ দিনত কম টোপনি, হ’ৰম’নৰ সালসলনি, ডায়েবেটিছৰ বাবেও চুলি সৰা দেখা যায়।

চুলি সৰাৰ কাৰণ উলিয়াই আমি চিকিৎসা, খাদ্যৰ ওপৰত বিশেষ মন দিব লাগে। মহাভৃংগৰাজ আৰু আমলখিৰ তেল সমানে মিহলাই চুলিৰ গুৰিত লগাব লাগে। এই তেল লগালে চুলিৰ গুৰিৰ পৰা লেতেৰাবোৰ পৰিষ্কাৰ হয়। মনটো শীতল কৰি টোপনি অহাত সহায় কৰে।

মহাভৃংগৰাজ তেলৰ লগত আমলখি, তুলসী আৰু শিলিখা পিহি মিহলাই ১০/১৫ দিন মান থৈ দিয়াৰ পাছত চুলিত আধা ঘন্টাৰ বাবে লগাব আৰু পাছত চেম্পু কৰি দিব।

আমলখিৰ ৰস আৰু মৌ এচামুচ মিহলাই নিতৌ খাব। ই আপোনাৰ হজম শক্তি সঠিক কৰিব। ফলত চুলি সৰাটো কমি যাব। আমলখি আৰু দুবৰি বন মিহলাই চৰবত কৰি খাব। ই চুলিৰ গঠন সঠিক কৰিব। শিলিখা আৰু আমলখিৰ ৰস সমানে মিহলাই চুলিৰ গুৰিত লগাব। ই চুলিৰ গুৰি সবল কৰি চুলি সৰাটো বন্ধ কৰিব। চুলিৰ গুৰিৰ পৰা উফিও নাইকিয়া কৰিব।

আমলখি, শিলিখা আৰু মহাভৃংগৰাজ পাত বা তেল মিহলাই মিক্সিত পেষ্ট কৰি লগাব। কম দিনৰ ভিতৰতেই চুলি সৰা বন্ধ কৰিব। চুলি সবল আৰু গজাত সহায় কৰিব।

অশ্বগন্ধাও চুলিৰ বাবে উত্তম। ই চুলি গজাত যথেষ্ট সহায় কৰে। অশ্বগন্ধা আৰু কেষ্টৰ অইল নতুবা অশ্বগন্ধাৰ তেলো ব্যৱহাৰ কৰিব পাৰিব। ই এন্টি-অক্সিডেন্ট আৰু ৰক্ত সঞ্চালনত সহায় কৰে। মেলালিন উৎপন্ন কৰাত সহায় কৰে। উফি নাইকিয়া কৰে। চুলিৰ গুৰি পৰিষ্কাৰ কৰে।

অশ্বগন্ধা পাউডাৰ দুচামুচ আৰু সম পৰিমাণৰ নৰসিংহ পাউডাৰ, তুলসীৰ পাউডাৰ, সৰু ৰঙা পিয়াঁজ, আমলখি- এই আটাইখিনি মিহলাই চুলিৰ গুৰিত মালিচ কৰি থৈ দিব। আধা ঘন্টাৰ পাছত ধুই দিব। সপ্তাহত এবাৰকৈ কৰিব। ই চুলি সৰা নাইকিয়া কৰি চুলিৰ স্বাস্থ্য ভাল কৰিব। চুলি গজাতো সহায় কৰিব। টোপনিৰ অসুবিধা থাকিলে নিয়মিত ৰাতি শোৱাৰ আগেয়ে এচামুচ অশ্বগন্ধাৰ ৰস খাই শুই থাকিব। চিকাকাই, নাৰিকলৰ গাখীৰ, পিয়াঁজৰ ৰস আৰু কেষ্টৰ অইল মিহলাই পেষ্ট কৰি চুলিৰ গুৰিত লগাব। এইখিনি লগোৱাৰ ৩০/৪০ মিনিট পাছত ধুই দিব। ফলত চুলিৰ অৱস্থা ক্ৰমান্বয়ে ভাল হ’ব।

আমি নিয়মিত আমাৰ শুকান চুলিৰ বাবে ভিটামিন আৰু প্ৰ’টিনযুক্ত আহাৰ গ্ৰহণ কৰিব লাগে।

তেলেতীয়া চুলিৰ বাবে বেছি তেলেতীয়া ভজা-পোৰা, তেলাল খাদ্য খাব নালাগে।

খুব বেছি চুলি সৰি থাকিলে তাৰ কাৰণ উলিয়াই ল’ব। পুৱা ব্ৰাহ্মী শাকৰ ৰস মৌৰ লগত খাব। ই আমাৰ স্নায়ুৰ বাবে টনিক। মনৰ চিন্তা, খং, ৰাগ, হেঁচা আদি দূৰ কৰাত সহায় কৰে।

মিথি ৰাতি তিয়াই পুৱা তাৰ পানীখিনি খাব আৰু গুটিখিনি নৰসিংহৰ পাতৰ লগত পেষ্ট কৰি চুলিৰ গুৰিত লগাব। প্ৰায় ছমাহমান কৰিলে ভাল ফল পাব। ই চুলি সৰা বন্ধ কৰে, চুলি গজে আৰু স্বাস্থ্যৱান চুলিৰ অধিকাৰী হ’ব পাৰি।

ছালকুঁৱৰীৰ ৰসত আধা চামুচ জিৰা মিহলাই দিনটোত দুবাৰকৈ খালে চুলি সৰা বন্ধ হয়।

নিম পাত, তিল আৰু আঁহত গছৰ শিপা, কৰবী ফুলৰ শিপা পিহি চুলিৰ গুৰিত সপ্তাহত এবাৰকৈ লগালে ভাল ফল পাব।

আসন আৰু মেডিটেচন কৰি মন সুস্থ কৰি ৰাখিব।

মদ্গ, কফি, চাহ, চিগাৰেট নাখাব।

পানী সঠিক পৰিমাণে খাব।

গাজৰ, বীটৰ ৰস খাব।

ভজা-পোৰা খাদ্য নাখাব।

ক্ৰমেও ৮ ঘন্টা শুব।

বতৰৰ ফল-মূল, পাচলি খাব।

এইদৰেই চুলিৰ যত্ন লৈ সুস্থ শৰীৰ আৰু স্বাস্থ্যৱান চুলিৰ অধিকাৰী হৈ থাকিব। আপুনি নিজৰ ইচ্ছাৰেই যত্ন কৰি নিজৰ চুলি ভাল স্বাস্থ্যৱান কৰি ৰাখিব পাৰিব।

লেখিকা: ভানু শৰ্মা(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 5/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate