অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চুলি সৰিলে কি কৰিব ?

চুলি সৰিলে কি কৰিব ?

চুলি সৰাটো এটা অতি স্বাভাৱিক প্ৰক্ৰিয়া। গাৰ ছালখনৰো অজস্ৰ কোষ দিনে দিনে মৰি থাকে। তাৰ ঠাইত নতুন কোষৰ জন্ম হয়। এই প্ৰক্ৰিয়াটোৱেই ছালখনক নতুন আৰু সজীৱ কৰি ৰাখে। ঠিক সেইদৰে প্ৰতিদিনে এটা নিৰ্দিষ্টসংখ্যক চুলি সৰাটো প্ৰকৃতিৰ নিয়ম। সৰা চুলিৰ ঠাইত নতুনকৈ চুলি গজে। কিন্তু যেতিয়াই স্বাভাৱিক নিয়মত গজা চুলিতকৈ বহুত বেছিকৈ চুলি সৰে আৰু সেইবোৰৰ খালী ঠাই পূৰাবলৈ নতুন চুলি নগজে, তেতিয়াই সমস্যাৰ সৃষ্টি হয়। তপা হোৱা সমস্যা আৰু চুলি সৰা সমস্যা একে নহয়। অস্বাভাৱিকভাৱে চুলি সৰাৰ ফলত যেতিয়া চুলি পাতল হয়, তেতিয়া সৌন্দৰ্য-সচেতন মানুহে, বিশেষকৈ মহিলাৰ মূৰৰ কামোৰণি আৰম্ভ হয়। বংশানুক্ৰমিক কাৰণতো অকালতে চুলি সৰি বহুত মানুহৰ চুলি পাতল হয়। তাৰ কোনো প্ৰতিকাৰ নাই। কিন্তু চুলি গজাব নোৱাৰিলেও চুলিবোৰ ডাঠ হৈ থকা দেখুৱাবলৈ কেইটামান উপায় অৱলম্বন কৰিব পাৰি।

(১) প্ৰথমটো উপায় হ’ল চুলিত ৰং লগোৱা। চিকিত্সকসকলৰ মতে চুলিত ৰং লগালে প্ৰতিডাল চুলিয়েই অলপ ডাঠ বা শকত হয়। তেতিয়া চুলিবোৰ লেহুকা হৈ ইডালৰ ওপৰত সিডাল চুলি ঢলি নপৰে বা তালুত বাগৰি নপৰে। ফলত পাতল চুলিবোৰো দেখিবলৈ ডাঠ যেন হয়। কিন্তু চুলি খুব বেছিকৈ সৰিলে পাতলীয়া ৰং লগাব লাগে। ডাঠ ৰঙে চুলি আৰু তালুৰ মাজৰ পাৰ্থক্যটো বেছি প্ৰকট কৰি তোলে।

(২) পাতল চুলিৰ কাৰণে যিসকল মহিলা খুব বেছি চিন্তিত হয় তেওঁলোকে কৃত্ৰিমভাৱে চুলি কেঁকোৰা কৰি ল’ব পাৰে। কেঁকোৰা চুলিয়ে তালুখন ঢাকি ধৰে আৰু পাতল চুলিকো কিছু পৰিমাণে ডাঠ যেন দেখায়।

(৩) হেয়াৰ ড্ৰায়াৰ অৰ্থাত্ চুলি শুকুওৱা যন্ত্ৰৰে শুকুৱালে প্ৰত্যেকডাল চুলিকে দুই-তিনিগুণ ডাঙৰ যেন দেখায়। আনহাতে পানী বা তেলে চুলিবোৰ অতি মিহি আৰু ক্ষীণ কৰি পেলায়। চুলি শুকুৱালে মূৰৰ তালুৰ ক্ষতি হয়- কিন্তু তেনে ধাৰণা সম্পূৰ্ণ ভিত্তিহীন। বিশেষজ্ঞসকলে কয় যে ড্ৰায়াৰৰ সহায়েৰে চুলি শুকুৱালে প্ৰতিডাল চুলি কিছু পৰিমাণে ফুলি উঠে। ফলত গোটেই চুলিখিনিকে ডাঠ যেন দেখায়। কিন্তু এটা বিষয়ে সাৱধান হোৱা দৰকাৰ, ড্ৰায়াৰটো চুলিৰ খুব বেছি ওচৰলৈ নি চুলি শুকুৱালে চুলিবোৰ খুব বেছি শুকান হৈ যায়। সেইকাৰণে ড্ৰায়াৰটো চুলিৰ পৰা তিনি ইঞ্চিমান দূৰত ৰাখি ব্যৱহাৰ কৰিব লাগে। নিয়মিতভাৱে ড্ৰায়াৰৰ সহায়েৰে চুলি শুকুৱালে প্ৰতিবাৰ চুলি শ্বেম্পু কৰাৰ পিছত কণ্ডিশ্বনাৰ ব্যৱহাৰ কৰিব লাগে। তেতিয়া চুলিৰ স্বাস্থ্য ভালে থাকে।

(৪) চুলি তেলীয়া হ’লেও চুলিবোৰক পাতল দেখায়। প্ৰতিদিনে শ্বেম্পু কৰিলে প্ৰতিডাল চুলি অলপ ফুলি উঠে আৰু তাৰ ফলত গোটেই চুলিবোৰৰ পাতল ভাবটো নোহোৱা হয়। পাতল চুলিৰ মহিলাই নিয়মিতভাৱে প্ৰ’টিনযুক্ত শ্বেম্পু ব্যৱহাৰ কৰিলে যথেষ্ট সুফল লাভ কৰিব। কাৰণ প্ৰ’টিন শ্বেম্পুৱে প্ৰতিডাল চুলিৰ ব্যাসাৰ্ধ বঢ়াই দি চুলিবোৰক ভাঁজ কৰি তোলে।

(৫) পাতল চুলিৰ কাৰণে আটাইতকৈ ভাল শ্বেম্পুটো আছে আপোনাৰ পাকঘৰতে। বগা ভিনেগাৰে চুলিবোৰ শকত কৰি তোলে, এক টেবুল চামুচ ভিনেগাৰ আধা লিটাৰ পানীত মিহলি কৰি ল’ব। চুলি শ্বেম্পু কৰাৰ পিছত সেই পানীৰে চুলুখিনি মালিচ কৰিব। অৱশ্যে ভিনেগাৰেৰে চুলি ধোৱাৰ পিছত চাফা পানীৰে চুলিখিনি ধুবলৈ নাপাহৰিব। ভিনেগাৰৰ গোন্ধটো নোহোৱা কৰিবলৈ পানীৰে চুলিখিনি ধুব লগা হয়।

(৬) পাতল চুলিৰ আৰু এটা মহৌষধো আপোনাৰ পাকঘৰতে আছে। সেইটো হ’ল কণী। চুলি শ্বেম্পু কৰাৰ আগতে এটা কণী আপোনাৰ মূৰত ভাঙি দিয়ক। পাঁচ মিনিটৰ কাৰণে আপোনাৰ চুলিখিনি মালিচ কৰি পিছত পানীৰে চুলিখিনি ভালকৈ ধুই প্ৰ’টিন শ্বেম্পুৰে চুলিখিনি শ্বেম্পু কৰি দিয়ক।

চুলি সৰা বন্ধ কৰিবলৈ কোনো ঔষধ ওলোৱা নাই। কিন্তু ওপৰত দিয়া উপায়বোৰ অৱলম্বন কৰিলে পাতল চুলিকো ডাঠ যেন দেখুওৱাটো সম্ভৱ হয়।

জিএনআৰচি স্বাস্থ্য।

শেহতীয়া উন্নীতকৰণ: : 6/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate