অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চুলিৰ উৎকৃষ্ট উপচাৰ, আয়ুৰ্বেদিক তেল

চুলিৰ উৎকৃষ্ট উপচাৰ, আয়ুৰ্বেদিক তেল

 

আমলখিৰ তেল -

চুলি সৰা, অকালতে চুলি পকা আৰু আন বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত অমলখিৰ তেল যথেষ্ট উপকাৰী । ই চুলিৰ বাবে অতি উৎকৃষ্ট আয়ুৰ্বেদিক উপচাৰ । আমলখি তেলত নিহিত ভিটামিন চি আৰু আইৰন, কেলচিয়াম, ফছফৰাছৰ দৰে পোষক তত্ত্বই চুলি আৰু তালুক সবল কৰি তোলাত সহায় কৰে । প্ৰথমাৱস্থাত মহিলাসকলে আমলখিক প্ৰাকৃতিক ডাই হিচাপে ব্যৱহাৰ কৰিছিল । আমলখিৰ ৰস অথবা তেল ব্যৱহাৰ কৰাৰ ফলত পকা চুলি ক’লা হোৱাত সহায় হয়।

প্ৰস্তুত কৰাৰ বিধি -

আমলখি তেল প্ৰস্তুত কৰাৰ বাবে প্ৰথমে কেইটামান আমলখি সৰু সৰুকৈ কাটি পেষ্ট তৈয়াৰ কৰি ল’ব । এই পেষ্ট যিকোনো হেয়াৰ অইল বা নাৰিকল তেলৰ লগত মিহলাই এই মিশ্ৰণ্টো এটা আইনাৰ বটলত ভৰাই ৰাখিব । আমলখিৰ তেল ভালদৰে মিহলাবলৈ হ’লে এক সপ্তাহ সময় লাগিব । এক সপ্তাহৰ পিচত তেলটো ছেকি লৈ অন্য এটা পৰিষ্কাৰ বটলত ভৰাই ৰাখিব । এই তেল সপ্তাহত আপুনি এবাৰ বা দুবাৰকৈ চুলিত লগাব । হাতৰ আঙুলিৰে লাহে লাহে ঘঁহি এই তেল চুলিত সানিব । চুলি ধোৱাৰ ৪০ মিনিটমানৰ আগতে এই তেল চুলিত লগাব । ভৃংগৰাজ তেল :-

আয়ুৰ্বেদত চুলিৰ বাবে ভৃংগৰাজ তেল অতি উপকাৰী বুলি বিবেচিত হৈ আহিছে । চুলি সৰা সমস্যাৰ ক্ষেত্ৰত ভৃংগৰাজ তেল ঔষধি গুণসম্পন্ন । ভৃংগৰাজ তেলেৰে নিয়মিত চুলি মালিচ কৰাৰ ফলত চুলি ক’লা আৰু ঘন হয় । তদুপৰি চুলি সৰা সমস্যাও দূৰ হয় । এই তেল ব্যৱহাৰে মূৰ শীতল কৰি ৰাখে ।

প্ৰস্তুত কৰাৰ বিধি -

পোনপ্ৰথমে ভৃংগৰাজ পাতৰ ৰস উলিয়াই ল’ব আৰু সেই পাতৰ ৰসত সম পৰিমাণে নাৰিকল তেল মিহলাই কম মাপৰ জুইত কিছু দেৰি ৰাখিব । কেৱল তেল ৰৈ যোৱাকৈ ইয়াক ঠাণ্ডা কৰি ল’ব । উল্লেখ্য যে কম জুইৰ উত্তাপত ৰখাৰ পূৰ্বে এই মিশ্ৰণত আমলখিৰ ৰস যদি মিহলাই লোৱা হয় , তেন্তে এই তেল চুলিৰ বাবে অধিক ফলপ্ৰসূ হয় ।

উৎস: দেওবৰীয়া সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 2/16/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate