অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চুলিৰ ঘৰুৱা পৰিচৰ্চা

চুলিৰ ঘৰুৱা পৰিচৰ্চা

ছালৰ যত্নৰ সমান্তৰালকৈ চুলিকোছাৰ যত্ন লোৱাটো অপৰিহাৰ্য| ৰাসায়নিকযুক্ত প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰেৰে চুলিৰ যত্ন লোৱাতকৈ কিছুমান প্ৰাকৃতিক উপকৰণেৰে চুলিৰ যতন লোৱা উচিত| ঘৰতে প্ৰস্তুত কৰি ল’ব পৰা তেনে কেইটামান উপকৰণৰ বিষয়ে জানোচোন আহক-

. দুশ-তিনিশ গ্ৰাম মনিছাল, আমলখি, শিকাকাই সমপৰিমাণে একেলগে গোটেই নিশা পানীত ডুবাই ৰাখিব| পিচদিনা পুৱা সেয়া পানী সিজাই ঠাণ্ডা হবলৈ দিব| ইয়াৰ পিছত সেই মিশ্ৰণত টি ট্ৰি অইল মিহলাব| ইয়াক চুলিৰ ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে| বাৰিষাৰ বতৰত মূৰৰ ছালত হোৱা খজুৱতি বা যিকোনো বীজাণুৰ সংক্ৰমণ হ’লে এই ক্লিনজাৰ ব্যৱহাৰৰ ফলত উপকৃত হ’ব| কেমে’মাইল টি, ভিনেগাৰ আৰু নেমুপানী মিহলাই এই মিশ্ৰণ চুলিত সানিলে চুলি উজ্বল হৈ উঠিব|

. সাধাৰণতে যাৰ চুলি শুকান, তেওঁলোকে চুলিত গোলাপজল ব্যৱহাৰ কৰিব পাৰে|

. এটা পাত্ৰত মৌৰ সৈতে জলফাই তেল মিহলাই ল’ব| পিচত ইয়াৰ লগত পকা অমিতা পিটিকি লৈ সেই প্ৰলেপ চুলিত ব্যৱহাৰ কৰিব পাৰে| এঘণ্টাৰ পিছত শ্বেম্পুৰে চুলিখিনি ধুই পেলাব|

. চুলি সৰিলে কেষ্টৰ অইল অথবা আলমণ্ড অইল ব্যৱহাৰ কৰি চাব পাৰে সপ্তাহত তিনিবাৰকৈ| মূৰৰ ছাল সদায় পৰিস্কাৰকৈ ৰখা উচিত|

উৎস: অসমীয়া প্ৰতিদিন, সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 1/24/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate