অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চৰ্দি, জ্বৰৰ বাবে বিশেষ আহাৰ

চৰ্দি, জ্বৰৰ বাবে বিশেষ আহাৰ

আটাইবোৰ ঋতুৰ ভিতৰত শীত এনে এটা ঋতু, যিটোৱে প্ৰাকৃতিক ভাৱে আমাৰ শৰীৰক পোষণ প্ৰদান কৰে আৰু শৰীৰৰ বল বীৰ্য বৃদ্ধি কৰে। এই ঋতুত আহৰণ কৰা শক্তি বছৰটোলৈ শৰীৰত সঞ্চিত হয়।

এই ঋতুত শৰীৰৰ ভিতৰত উষ্ণতাই পেটত স্থিত জঠৰাগ্নি বৃদ্ধি কৰি প্ৰবল কৰি তোলে, যাৰ বাবে স্বাস্থ্যবান আৰু বলবান ব্যক্তিৰ পাচনতন্ত্ৰৰ বল বৃদ্ধি কৰে। ই গধুৰ আৰু অধিক মাত্ৰাৰ ভোজন পাচন কৰাবলৈ সমৰ্থ হয়। সেয়ে শীত ঋতুত পৌষ্টিক আহাৰ বিশেষ ভাৱে সেৱন কৰা উচিত। আহাৰত এনে দ্ৰব্য সন্নিবিষ্ট কৰা উচিত যিবোৰ চৰ্বি যুক্ত, মধুৰ, লৱণ আৰু আম্লৰস যুক্ত পৌষ্টিক আৰু শৰীৰত বল প্ৰদানকাৰী হয়।

ঘেঁহু, বজ্ৰা, মাকৈ, বুট, মগু, মচুৰ আদি হিতকাৰী। লগতে গাখীৰ, ঘিউ, খীৰ, মাখন আৰু অনেক মিষ্টান্নও শক্তি বৰ্ধক। গাজৰৰ হালোৱা, তিল আৰু গুড়েৰে তৈয়াৰ কৰা খাদ্য উপকাৰী। বাদাম, খেজুৰ, অমিতা, কল, আপেল, ডালিম আদি ফল লাভ দায়ক। ৰাতি আহাৰ খোৱাৰ দুঘণ্টা পিছত গাখীৰত খেজুৰ মিহলাই খোৱাটো অতি লাভ দায়ক। ৰন্ধনত নহৰু প্ৰয়োগ কৰা ভাল। এই বতৰত গাজৰ, মূলা, বিলাহী তিঁয়হ আদিৰ কেঁচা চালাড অৱশ্যেই খোৱা উচিত।

চৰ্দি জ্বৰ

ঋতু সলনি হোৱাৰ সময়ত আমি প্ৰায় সকলোৱে ভোগা এটি ৰোগ হ’ল চৰ্দি জ্বৰ। এনে সময়ত কাহ, এলাৰ্জি আৰু শ্বাস কষ্টও দেখা দিয়ে। চৰ্দিক আওকাণ কৰিলেও জ্বৰ হয় আৰু কফ বৃদ্ধি হৈ শ্বাস ৰোগে দেখা দিয়ে। শাৰীৰিক ভাৱে দুৰ্বল ব্যক্তিৰ ওপৰত চৰ্দিৰ দুষ্প্ৰভাৱ বেছিকৈ পৰে। ঠাণ্ডাত হৃদৰোগো বঢ়াৰ সম্ভাৱনা থাকে কাৰণ এই সময়ত চৰ্দিৰ বাবে হৃদযন্ত্ৰ সংকুচিত হয়।

চিকিৎসা শাস্ত্ৰ পুথিত চৰ্দি জ্বৰৰ কোনো চিকিৎসা নাই। এনে ৰোগৰ বাবে যিবোৰ ঔষধ খোৱা হয় সেইবোৰে কেৱল ৰোগ দমাই ৰাখে। চৰ্দিত বন্ধ নাক খোলাৰ বাবে যিবোৰ দৰব ব্যৱহাৰ কৰা হয়, তেনে দৰবত ৰক্তচাপ বৃদ্ধি কৰাৰ পাৰ্শ্বক্ৰিয়া থাকে। চৰ্দি আৰু জ্বৰ হ’লেই সকলো মানুহে এক অস্থিৰ বিড়ম্বনাত ভোগে। যথাযোগ্য আহাৰৰ যোগেদি ইয়াক বহু খিনি নিৰ্মূল কৰিব পাৰি। যদিহে এই ৰোগৰ বাবে অন্য কোনো চিকিৎসা কৰি থকা হয় তেন্তে এনে আহাৰ চিকিৎসাওৰ্সমান্তৰালভাৱে চলাই থাকিব পাৰি।

জ্বৰৰ কাৰণ

(ক) পূৰ্বসঞ্চিত দোষ

কোষ্ঠকাঠিন্য, টনচিল বৃদ্ধি, শ্বাসকষ্ট, দুৰ্বলতা আদি।

(খ) তৎকালিক উত্তেজক প্ৰভাৱ

বৰষুআন্ত তিতা, ঠাণ্ডা লগা, কঢ়া ৰ’দত ঘূৰা-পকা কৰা আৰু ৰ’দৰ পৰা আহি লগে লগে ঠাণ্ডা পানী খোৱা, ঠাণ্ডা পানীৰে গা ধোৱা, শীতল পদাৰ্থ সেৱন আদি।

নিষেধ

চৰ্দি জ্বৰত গাখীৰ, দৈ খোৱা অনুচিত। গাখীৰ খাব লগীয়া হ’লে ডাঙৰ ইলাচিৰ দুটা গুটি অথবা চাৰিটা খেজুৰ গাখীৰত উতলাই খাব লাগে।

চৰ্দি জ্বৰ নিৰাময়ৰ বাবে ভিটামিন ‘চি’ সেৱন কৰাটো সৰ্বোত্তম উপায়। আদা আৰু মৌও উপকাৰী। তৎকালিক কাৰণৰ বাবে চৰ্দি জ্বৰ হ’লে গৰম পানী সেৱন কৰিলে আৰু উপবাসে থাকিলে ৰোগ সোনকালে আৰোগ্য হয়।

এই ৰোগ নিৰাময়ৰ বাবে যিবোৰ আহাৰ খোৱা উচিত সেই দ্ৰব্যবোৰ এনে ধৰণৰ –

গুড়

(১) গুড় আৰু ক’লা তিলেৰে তৈয়াৰী কৰা লাৰু চৰ্দি, কাহ, জ্বৰৰ বাবে উপকাৰী। বতৰ সলনিৰ সময়ত হোৱা এনে ৰোগৰ বাবে সেয়ে গুড় আৰু তিল খোৱা উচিত।

(২) বহুদিন ধৰি চৰ্দি হৈ থাকিলে পুৰণি গুড় ৩০ গ্ৰাম, দৈ ৬০ গ্ৰাম আৰু জালুক ৬ গ্ৰাম পিহি, ৰাতিপুৱা শুই উঠি আৰু সন্ধিয়া সময়ত পাঁচ দিন খাব লাগে। ইয়াৰ ফলত অৰুচি, কফ, কাহ, নাকৰ দুৰ্গন্ধ যুক্ত স্ৰাৱ আদি হোৱাৰ ভয় নাথাকে।

সুমথিৰা

চৰ্দি কাহ হ’লে গৰম দিনত ঠাণ্ডা পানী আৰু ঠাণ্ডা দিনত গৰম পানীৰে সুমথিৰাৰ ৰস পান কৰিলে সুফল পোৱা যায়। এটা সুমথিৰাৰ বাকলি সৰু স্ৰুকৈ টুকুৰা কৰি এগিলাচ পানীত উতলাই আধা গিলাচ হ’লে নমাই লৈ দিনত দুবাৰকৈ খাব লাগে। ভৱিষ্যতে ব্যৱহাৰ কৰিব পৰাকৈ সুমথিৰাৰ বাকলি ছাঁত সুকুৱাই সাঁচি থ’বও পাৰি।

আপেল

দুৰ্বল মস্তিষ্কৰ বাবে কিছুমান মানুহৰ বছৰৰ প্ৰায় সকলো সময়তে চৰ্দি জ্বৰ লাগি থাকে। এনে ৰোগীৰ চৰ্দি জ্বৰত ঔষধে বিশেষ কাম নিদিয়ে। সেয়ে আহাৰৰ আগতে নিয়মিত ভাৱে এটা আপেল বাকলিৰে সৈতে খাব লাগে।

আমলখি

প্ৰায়ে চৰ্দি হৈ থকা লোকে আমলখিৰ প্ৰয়োগ অধিক মাত্ৰাত কৰিব লাগে।

আঙুৰ

নিতৌ ৫০ গ্ৰাম আঙুৰ খালে বাৰে বাৰে জ্বৰ উঠা বন্ধ হয়।

নহৰু

একেৰাহে চাৰি-পাঁচ দিনলৈ জ্বৰ উঠি থাকিলে নহৰু খোৱা ভাল।

চাহ

যদি ঠাণ্ডা লাগি জ্বৰ হয়, চকু আৰু নাকেৰে পানী ওলাই থাকে তেন্তে চাহ খোৱাটো উপকাৰী। ইয়াৰ ফলত ঠাণ্ডা ভাৱ আঁতৰে আৰু আৰাম অনুভৱ হয়। কিন্ত যদি জ্বৰৰ লগতে কফ গাঢ়, হালধীয়া বৰণৰ, গোন্ধযুক্ত হয় আৰু মূৰৰ বিষ আৰু বিবৰ প্ৰদাহ বা চাইনাচাইটিছ থাকে তেন্তে চাহ পান কৰাটো হানি কাৰক।

পানী

নাকেৰে পানী বৈ আহিলে গৰম পানীৰ ভাপ নাকেৰে শুঙি ল’লে পানী ওলোৱা বন্ধ হয়।

ধনিয়া

১২৫ গ্ৰাম ধনিয়া কুটি ৫০০ গ্ৰাম পানীত সিজাই চাৰি ভাগৰ এভাগ পানী হ’লে নমাই লৈ ১২৫ গ্ৰাম মিচিৰি মিহলাই পুনৰ গৰম কৰিব লাগে। মিশ্ৰণটো ঘন হৈ পৰিলে নমাই লৈ দহ গ্ৰাম মাত্ৰাত কেই দিন মান খালে মস্তিষ্কৰ দুৰ্বলতাৰ বাবে হোৱা জ্বৰ আৰোগ্য হয়।

গাজৰ

গাজৰ ৰস ৩১০ গ্ৰাম পালেং শাকৰ ১২৫ গ্ৰাম ৰসৰ লগত মিহলাই খালে চৰ্দি জ্বৰ হ্বাল হয়।

চফ

১৫ গ্ৰাম চফ, ৫ টা লং আধা লিটাৰ পানীত উতলাই চাৰি ভাগৰ এভাগ পানী হ’লে নমাই লৈ চেনি মিহলাই পি খাব লাগে।

হালধি

(১) যদি জ্বৰ, হাঁপানিত কফ ওলায় তেন্তে নিতৌ তিনিবাৰ এচামুচ পিহা হালধি গৰম পানীৰে খাব লাগে।

(২) হালধি পুৰি তাৰ ধোঁৱা শুঙিলে কফ্ৰ বাহিৰলৈ ওলায় আহে। ইয়াৰ পিছত আধা ঘণ্টা সময় পানী নালাগে।

(৩) একাপ গৰম গাখীৰত ১০ টা পিহি লোৱা জালুক, আধা চামুচ পিহা হালধি মিহলাই খালেও চৰ্দি জ্বৰত সুফল পোৱা যায়।

নিমখ

সৈন্ধৱ নিমখ এভাগ, চেনি চাৰি ভাগ মিহলাই পিহি লৈ আধা চামুচকৈ দিনত তিনিবাৰ গৰম গাখীৰৰ সৈতে খালে জ্বৰ ভাল হয়।

নেমু

(১) কুহুমীয়া পানীত নেমুৰ ৰস মিহলাই খালে জ্বৰ ভাল হয়। তীব্ৰ জ্বৰ হ’লে এগিলাচ উতলা পানীত এটা নেমু চেপি লৈ ইচ্ছানুসাৰে মৌ মিহলাই ৰাতি খাব লাগে।

(২) এচামুচ মৌ, নেমুৰ ৰস আৰু সামান্য আদাৰ ৰস এগিলাচ গৰম পানীত মিহলাই খাব লাগে। ইয়াৰ পিছত চাহ বা কফি খাব নালাগে।

মৌচম্বী

বাৰে বাৰে চৰ্দি জ্বৰ হৈ থকা ব্যক্তিয়ে একেৰাহে কেই দিন মান মৌচম্বীৰ ৰস খালে স্থায়ী ভাৱে ইয়াৰ নিষ্কৃতি পাব পাৰে।

ডাঙৰ কিচমিচ

(১) জ্বৰৰ বাবে কিচমিচ লাভপ্ৰদ। ১১ টা কিচমিচ, ১১ টা জালুক, ৫ টা বাদাম পানীত তিয়াই পিহি লৈ ২৫ গ্ৰাম মাখন মিহলাই ৰাতি শোৱাৰ সময়ত খাব লাগে। ৰাতি পুৱা গাখীৰত কিচমিচ, জালুক, শুকান আদা উতলাই কেই মাহ মান খালে চৰ্দি জ্বৰ স্থায়ী ভাৱে নাইকিয়া হয়।

(২) ৬ টা বাদাম, ৬ টা কিচমিচ, ৬ টা পেস্তা, এটা লং ৰাতিপুৱা পানীত তিয়াই থৈ দিব লাগে। পানী এনেদৰে দিব লাগে যাতে সেই খিনি পানীৰে বস্ত্ত কেই পদ পিহি ল’ব পাৰি। সন্ধিয়া কিচমিচৰ বীজ উলিয়াই লৈ বস্ত্ত খিনি পিহি ল’ব লাগে। এখন তিতা মোটা কাপোৰত মিশ্ৰণটো টোপোলা বান্ধি তাৱা এখনত সেকি লৈ ৰাতি শোৱাৰ সময়ত খাব লাগে আৰু তাৰ পিছত পানী খাব নালাগে। জ্বৰ ভাল হৈ পৰে।

সৰিয়হৰ তেল

পুৰণি চৰ্দি জ্বৰত নাকৰ পৰা দুৰ্গন্ধ ওলালে ১৫ ফোঁটা সৰিয়হৰ তেল ৭ ফোঁটা পানীত ভালদৰে মলি লৈ নাকত লগাব লাগে।

হিং

হিঙৰ ঘোল শুঙিলে নাকত জমা হোৱা কফ, শ্লেষ্মা বাহিৰলৈ ওলাই আহে আৰু দুৰ্গন্ধ নাশ হয়।

পিঁয়াজ

কেঁচা পিঁয়াজ খালে হয়। ঠাণ্ডা লাগি হোৱা জ্বৰত ই লাভ দায়ক। জ্বৰ হৈ নাকৰ পৰা পানী ওলালে পিঁয়াজৰ ৰস শুঙাব লাগে।

পদিনা

জ্বৰ আৰু কাহ দুয়োটাতে পদিনাৰ চাহত সামান্য নিমখ মিহলাই খালে আৰাম পোৱা যায়।

আজোৱান বা জনি

(১) আজোৱানৰ বড়ি তৈয়াৰ কৰি সেৱন কৰিলে সুফল পোৱা যায়।

(২) ৬ গ্ৰাম আজোৱান হাতৰ তলুৱাত ঘৰ্ষণ কৰি বাৰে বাৰে শুঙিলে জ্বৰ আঁতৰে।

আদা

(১) শুকান আদা আৰু গুড় অথবা চেনি পানীত মিহলাই উতলাই ল’ব লাগে। চাৰি ভাগৰ এভাগ পানী থাকিলে মিশ্ৰণটো নমাই চাহৰ দৰে গৰমে গৰমে দিনত তিনি বাৰ খাব লাগে।

(২) এচামুচ আদাৰ ৰসৰ লগত স্বাদ অনুসৰি সৈন্ধৱ নিমখ মিহলাই গৰম কৰি দুই-তিনি দিন একেৰাহে খাব লাগে।

(৩) চৰ্দিৰ লগতে ডিঙিৰ বিষ হ’লে এখন পাণত এটুকুৰা সৰু আদা আৰু দুটা লং মুখত সুমুৱাই লাহে লাহে চোবাই ৰস খিনি খাব লাগে।

তুলসী

দহটা তুলসী পাত, পাঁচটা জালুক পানীত মিহলাই চাহৰ দৰে উতলাই লৈ পিছত সামান্য গুড় আৰু দেশী ঘিউ মিহলাই খালে জ্বৰ আৰোগ্য হয়। শিশুক তুলসী পাত গাখীৰত উতলায়ো দিব পাৰি।

মৌ

(১) দুচামুচ মৌ, ২০০ গ্ৰাম কুহুমীয়া গাখীৰ, আধা চামুচ খোৱা চ’ডা- এই আটাইবোৰ মিহলাই ৰাতিপুৱা গধুলি খাব লাগে। এনে মিশ্ৰণে ঘাম নিষ্কাশিত কৰে। ঘাম ওলালে বতাহ ল’ব নালাগে। জ্বৰ, ফ্লু সোনকালে আৰোগ্য কৰে।

(২) ৩০ গ্ৰাম মৌ, দুচামুচ আদাৰ ৰসৰ লগত মিহলাই খাব লাগে।

জায়ফল

জায়ফল পানীৰ সৈতে পিহি মৌ মিহলাই ৰাতিপুৱা গধুলি শিশুক খাবলৈ দিলে বাৰে বাৰে হোৱা চৰ্দি জ্বৰৰ পৰা শিশুক বচাব পাৰি।

জালুক

ৰাতি শোৱাৰ সময়ত দহটা জালুকৰ গুড়ি গৰম কৰি গাখীৰত মিহলাই খাব লাগে।

তেতেলি

হঠাৎ চৰ্দি লাগিলে তেতেলিৰ পাত পানীত সিজাই চেকি লৈ একাপ ৰস দিনত দুবাৰকৈ খাব লাগে।

টাইফয়েড

টাইফয়েড ৰোগত গ্লাইকোডিন তীব্ৰ গতিত অপচয় হয় আৰু দেহৰ জলীয় অংশৰ সমতা নষ্ট হয়। অন্ত্ৰৰ নলী ফুলি যায়। সেয়ে এনে ৰোগীক কণী, মাংসৰ দৰে উচ্চ প্ৰোটিন যুক্ত আহাৰ খাবলৈ দিয়া অনুচিত। টাইফয়েড আক্ৰান্ত ৰোগীক তৰল পাচন যোগ্য কাৰ্বোহাইড্ৰেট দিয়া উচিত। পাচলিৰ সুৰুহা আৰু ফলৰ ৰস এনে ৰোগীৰ বাবে অতি উপকাৰী।

জ্বৰ ভাল হোৱাৰ পিছত দুৰ্বলতা আঁতৰাবলৈ আৰু শৰীৰ নষ্ট হোৱা তন্ত্তৰ পূৰ্তিৰ বাবে প্ৰচুৰ মাত্ৰাত প্ৰোটিন খাবলৈ দিয়া উচিত।

কিচমিচ

পশ্চিমৰ এক বৈজ্ঞানিক ডাঃ টাৰ্টলিটে কিচমিচ আৰু এনে জাতীয় ফলৰ জলাকাৰ পৰীক্ষা কৰি ইয়াত টাইফয়েড ৰোগৰ জীৱাণু নাশ কৰিব পৰা উপাদান নিহিত থকা বুলি প্ৰতীয় মান হৈছে। সেয়ে এনে ৰোগীৰ বাবে ঘাইকৈ ডাঙৰ জাতৰ কিচমিচ উপকাৰী।

মৌচম্বী

মৌচম্বীৰ ৰস দিনত দুবাৰকৈ টাইফয়েড ৰোগীয়ে পান কৰা উচিত।

লং

পাঁচটা লং দুই লিটাৰ পানীত সিজাই আধা লিটাৰ হ’লে চেকি লৈ ঠাণ্ডা হ’লে এই পানী নিতৌ সঘনাই খাবলৈ দিব লাগে।

নিমখ

এচামুচ নিমখ টাৱাত সেকি গৰম পানীত গুলি দিনত তিনি বাৰকৈ খুৱাব লাগে। তীব্ৰ পিয়াহ লাগিলেও এঘণ্টা লৈকে পানী খাবলৈ দিব নালাগে। জিভা শুকাই গ’লে এঢোক-দুঢোক দিব পাৰি। ইয়াৰ ফলত জ্বৰৰ তীব্ৰতা কমি আহিব আৰু ৰোগী সোনকালে আৰোগ্য হৈ পৰিব।

সুমথিৰা

সুমথিৰাৰ ৰসে জ্বৰৰ উত্তাপ আৰু অশান্তি দুয়োটা আঁতৰ কৰে। ৰোগীক গাখীৰত মিহলাই সুমথিৰাৰ ৰস খুৱাব পাৰি অথবা গাখীৰ খুওৱাৰ পিছত ইয়াক খুৱাব পাৰি। দিনত কেইবা বাৰো সুমথিৰাৰ ৰস খুওৱা ভাল।

আপেল

আপেলৰ ৰস টাইফয়েড জ্বৰৰ বাবে উপকাৰী।

কল

কল এক আদৰ্শ আহাৰ। ই ভোক আৰু পিয়াহ কমায়।

মৌ

এনে জ্বৰত ৰোগীৰ পাচন অংগৰ বিস্তৰ ক্ষতি হয়। এই ক্ষতি পূৰাবলৈ উতলা পানীত মৌ মিহলাই গৰমে গৰমে খাবলৈ দিব লাগে। ৰোগীক গধুৰ আহাৰ দিব নালাগে। মৌ খুৱালে ৰোগীৰ শাৰীৰিক দুৰ্বলতা আঁতৰে।

মেলেৰিয়া

এবিধ মহৰ বাবে মেলেৰিয়া ৰোগ হয়। মেলেৰিয়া ৰোগৰ বাবে উপকাৰী কেইবিধ মান খাদ্য-দ্ৰব্য এনে ধৰণৰ-

নেমু

(১) নিমখ আৰু জালুক নেমুৰ ভিতৰত সুমুৱাই জুইত গৰম কৰি খাব লাগে। দিনত দুবাৰকৈ।

(২) দুটা নেমু বাকলি সহ আধা লিটাৰ পানীত মাটিৰ বা অইন পাত্ৰত উতলাই পানী ভাগ আধা হ’লে নমাই থ’ব লাগে।

(৩) পানীত নেমুৰ ৰস আৰু স্বাদ অনুসৰি চেনি মিহলাই দিনত তিনি-চাৰি বাৰ খুৱাব লাগে।

সুমথিৰা

সুমথিৰৰ বাকলি দুকাপ পানীত সিজাই একাপ হ’লে চেকি লৈ গৰমে গৰমে খাব লাগে।

আপেল

জ্বৰৰ বতৰত আগতীয়াকৈ আৰু জ্বৰ থকা অৱস্থাত আপেল খোৱাটো লাভ দায়ক।

জিৰা

এচামুচ জিৰা পিহি লৈ ইয়াৰ তিনিগুণ গুড় মিহলাই বড়ি বনাই থ’ব লাগে। ৰোগ সংক্ৰমণৰ সময়ত এঘণ্টাৰ মূৰে মূৰে এটাকৈ এনে বড়ি খুৱাব লাগে।

ধনিয়া

ধনিয়া আৰু শুকান আদা সমান মাত্ৰাত পিহি লৈ নিতৌ তিনি বাৰ খালে জ্বৰ ভাল হয়।

নহৰু

যদি মেলেৰিয়া নিতৌ নিৰ্দিষ্ট সময়ত উঠে তেন্তে জ্বৰ অহাৰ আগতে নহৰুৰ ৰস হাত-ভৰি নখত সানিব লাগে আৰু নহৰুৰ ৰস এচামুচৰ লগত তিল তেল এচামুচ মিহলাই জ্বৰ নহা লৈকে এঘণ্টাৰ মূৰে মূৰে ১০ ফোটা এই মিশ্ৰণ জিভাত লৈ লাহে লাহে খুৱাব লাগে। চাৰি দিন একেৰাহে কৰিলে পুনৰ জ্বৰ নুঠে।

ফিটকিৰি

এক গ্ৰাম ফটকিৰি দুই গ্ৰাম পানীত মিহলাই দুঘণ্টাৰ মূৰে মূৰে দিব লাগে। অৱশ্যে ৰোগীৰ কোষ্ঠকাঠিন্য থাকিব নালাগে। যদি কোষ্ঠকাষ্ঠিন্য থাকে তেন্তে প্ৰথমে ইয়াৰ চিকিৎসা কৰাব লাগে।

নিমখ

(১) সৈন্ধৱ নিমখ এভাগ, চেনি চাৰিভাগ মিহলাই পিহি লৈ আধা চামুচকৈ নিতৌ তিনি বাৰ গৰম পানীৰে খুৱাব লাগে।

(২) পাঁচ চামুচ সাধাৰণ নিমখ তাৱা এখনত ৰঙচুৱাকৈ ভাজি লৈএচামুচ নিমখ এগিলাচ গৰম পানীত মিহলাই খুৱাব লাগে।

তুলসী

সকলো ধৰণৰ জ্বৰৰ বাবে তুলসী উপকাৰী। নিতৌ তুলসীৰ পাত চোবাই খালে মেলেৰিয়া ৰোগ নহয়। যদিহে এই ৰোগ হয় তেন্তে জ্বৰ নামি যোৱাৰ পিছত বাইছাটা তুলসীৰ পাত আৰু বাইছটা জালুকৰ গুৰি দুকাপ পানীত সিজাব লাগে। চাৰি ভাগৰ এভাগ পানী হ’লে নমাই লৈ মিচিৰি মিহলাই ঠাণ্ডা কৰি খুৱাব লাগে।

নিম

৬০ গ্ৰাম নিমৰ সাতেজ পাত, চাৰিটঅ জালুক- একেলগে পিহি লৈ ১২৫ গ্ৰাম পানীত মিহলাই চেকি লৈ খাব লাগে। নিয়মিত নিমপাত সেৱনে মেলেৰিয়া প্ৰতিৰোধ কৰে।

লেখক: ডাঃ গৌতম শৰ্মা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন.

শেহতীয়া উন্নীতকৰণ: : 5/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate