অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছানবাৰ্ন

ছানবাৰ্ন

  • গৰম দিনত ছালত যি ছানবাৰ্ন হয়, তাৰ বাবে এটা লেপ দিয়া হ’ল| ক’লা তিল পিহি লৈ, গৰুৰ গাখীৰৰ লগত মিহলাই যি অংশত ক’লা পৰে, সেই ঠাইত দিনটোত ৩/৪ বাৰকৈ লগাব|
  • গৰম দিনত গাত হোৱা ঘামচি, খজুৱতি এইবোৰৰ হাত সাৰিবলৈ নিমপাত পানীত সিজাই সেই পানীৰে গা ধুব| মচুৰ দাইলৰ গুৰিৰ লগত নিমপাত মিহলাই পেষ্ট বনাই ৰ’দে পোৰা দাগত সানিলে দাগ নাইকিয়া হয়|
  • গৰম দিনত যি সকলৰ হাইপ্ৰেছাৰত বেছিকৈ মূৰ ঘুৰায়, তেনে লোকে ছালকুঁৱৰীৰ বীজ গোটেই মূৰত সানি প্ৰলেপ দিব, মূৰ ঠাণ্ডা হৈ থাকিব|
  • গৰমত ডাৱৰ পানী, নেমুৰ চৰবত, তৰমুজ, মৌচম্বিৰ ৰস আদি খাব| ত্ৰিফলা দুই চামুচ পানীত মিহলাই খাব| দিনে দুবাৰকৈ| বিশেষকৈ বয়সিয়াল লোকসকলেও এনে ত্ৰিফলা খোৱাটো ভাল| মূৰত ঔ টেঙাৰ মাজৰ বীজখিনি সানি ২০ মিনিটমান থ’ব, ই কণ্ডিচনাৰৰ দৰে কাম কৰে|
  • গৰমত ছালত কেতিয়াবা সৰু সৰু ফোহাৰ দৰে হোৱা দেখা যায়| তেনে ঠাইত কেঁচা হালধিৰ ৰস প্ৰথমে সানিব| তাৰ ওপৰত ১০ মিনিটৰ পিচত নহৰুৰ ৰস সানিব| আকৌ তাৰ ওপৰত পুনৰ হালধি ৰস সানিব| আধা ঘণ্টা ৰখাৰ পিচত পানীৰে ধুই দিব| যিসকলৰ ফোহা উঠি খজুৱতি হয়, তেনে লোকৰ খজুৱতি নাইকিয়া হ’ব|

উৎস:- সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 6/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate