অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছালৰ বাবে ঘৰুৱা চেৰামঃ

ছালৰ বাবে ঘৰুৱা চেৰামঃ

 

শীতত আমাৰ ছাল শোটোৰা পৰে সেইবাবে ছাল আৰু চুলিত চেৰাম ব্যৱহাৰ কৰিব লাগে। ইয়াৰ বাবে কেইটামান চেৰামৰ তালিকা আগবঢ়োৱা হ’ল, যিবোৰৰ ভিতৰত পছন্দ মতে ছালৰ প্ৰকাৰ অনুযায়ী ব্যৱহাৰ কৰিব পাৰে।

সাধাৰণ ছালৰ বাবে বাদামৰ তেল একাপৰ লগত চাহ চামুচেৰে এচামুচ লেভেণ্ডাৰ অইল মিহলাব। লগতে এচিকুট কেশৰ মিহলাই প্ৰায় ১০-১৫ দিন ৰখাৰ পাছত একাপ সূৰ্যমুখী ফুলৰ তেল মিহলাই থৈ দিব। অৱশ্যে আইনাৰ বটলত থ’ব পাৰিলে ভাল। ৰাতি শোৱাৰ আগেয়ে ছাল, মুখ, হাত-ভৰি আৰু সমগ্ৰ শৰীৰত লগাব। এনেদৰে শীতৰ দিনকেইটাত লগালে ছালত বয়সৰ ছাপ নপৰে। ছোল শোটোৰা নপৰে। কাৰণ বাদামৰ তেলত ভিটামিন ডি, ই, বি, বি আৰু বি, কেলছিয়াম, পটাছিয়াম, মেগনেছিয়াম আৰু ভিটামিন ‘ই’ৰ দ্বাৰা ছালখন নিমজ আৰু সতেজ হয়। চকুৰ গুৰিৰ ক’লা দাগ নাইকিয়া কৰে। ই ছালত পুষ্টি যোগায়।

যিসকলৰ ছালত দাগ আছে তেওঁলোকে একাপ তিল তেলত এৰ’মা জিৰানিয়াম অইল ৪-৫ টোপাল মিহলাই ল’ব। ই ছালৰ স্বাস্থ্য সবল কৰে। বিভিন্ন সমস্যা নাশ কৰে। অসমান বৰণৰ ছালখনৰ এটা বৰণ কৰে। যদি গাজৰৰ গুটি চাৰিটা বা তেল চাৰি টোপাল মিহলাই ল’ব পাৰে, তেন্তে ছালত থকা দাগসমূহ আঁতৰায় আৰু ছালৰ বয়সৰ মাত্ৰা কমায়।

বয়সৰ ছাপ আঁতৰাবলৈ দুই টেবুল চামুচ বাদাম তেল, দুই টেবুল চামুচ অলিভ অইল, দুচামুচ ৰ’জহিপ তেল, ফ্ৰেঙ্কেনিজ অইল, গাজৰৰ গুটিৰ তেল চাৰি টোপাল মিহলাই মুখত ৰাতি শোৱাৰ আগেয়ে লগাব। ই ছালৰ মসৃণতা বঢ়ায়। বয়সৰ মাত্ৰা কমায়।

খুব বেছি শুকান ছালৰ বাবে দুচামুচ এভাকাডু অইল, এচামুচ জজবা অইল, এচামুচ ৰ’জহিপ অইল, চাৰি টোপাল খৰিকাজাইৰ তেল আৰু চাৰি টোপাল চন্দনৰ তেল মিহলাই এটা ৰঙা বৰণৰ আইনাৰ বটলত ভৰাই থৈ দিব। নিয়মিত ৰাতি শোৱাৰ আগেয়ে ব্যৱহাৰ কৰিব। ক্ৰমান্বয়ে ছালৰ শোটোৰা অৱস্থা কমি যাব। ছালখন মসৃণ আৰু উজ্জ্বল হ’ব।

স্পৰ্শকাতৰ ছালৰ বাবে এপৰিকট অইল আৰু ৰ’জহিপ অইল সমানে মিহলাই ল’ব। ইয়াৰ লগত কেম’মাইল অইল পাঁচ টোপাল মিহলাই বটলত ভৰাই থৈ দিব। নিতৌ ৰাতি ছালত লগাব। এনে কৰিলে ছালৰ মসৃণতা বাঢ়িব।

খুব শুকান, খহতা ছালৰ বাবে বাদাম তেলত ৬-৭ টোপাল লেভেণ্ডাৰ অইল মিহলাই এটা বটলত থৈ দিব। ৰাতি শোৱাৰ আগেয়ে মুখ, ডিঙি আৰু হাতত লগাব।

ৰাতি ভৰিত লগাবলৈ অলিভ অইল, বাদামৰ তেল, নাৰিকলৰ তেল সমান পৰিমাণত মিহলাব আৰু দুয়োখন ভৰি ভালদৰে ধুই তেল মালিচ কৰি শুই থাকিব। নিয়মিত কৰিলে ছালৰ মসৃণতা বাঢ়িব। পঞ্চাশৰ ঊৰ্ধৰ মহিলাৰ বাবে ঘৰতে কৰা নাৰিকলৰ তেল, ক’কা বাটাৰ আৰু অলিভ অইল সমান মাত্ৰাত মিহলাই মুখ, ডিঙি আৰু হাতত লগাব। সদায় ৰাতি শোৱাৰ আগেয়ে লগালে ছালৰ মসৃণতা বাঢ়িব।

বাদামৰ তেল, গোলাপ জল, গ্ৰীন টী আৰু কমলাৰ ৰস সমানে মিহলাই গা ধোৱাৰ আগেয়ে লগাব। ই ছাল বগা আৰু দাগবিহীন কৰিব।

ভিটামিন ই অইল, লেভেণ্ডাৰ অইল, ফ্লেকছিড মিহলাই গোটেই গাত আৰু চুলিত লগাব পাৰে। এই মিশ্ৰণ ব্যৱহাৰ কৰিলে চুলিৰ মসৃণতা বাঢ়িব।

গাখীৰৰ ক্ৰীম আৰু অলিভ অইল সমানে মিহলাই মুখ আৰু হাতত মালিচ কৰিলে ছালৰ ৰং বগা হ’ব। খুব বেছি শুকান চুলিতো ব্যৱহাৰ কৰিব পাৰে।

দৈ, চন্দনৰ তেল, কমলাৰ ৰস, চেফৰণ, বাদামৰ তেল মিহলায়ো ছালৰ ৰং উজ্জ্বল কৰিব পাৰি। ইয়াৰ লগত মৌ মিহলায়ো ব্যৱহাৰ কৰিব পাৰে। আমাৰ বহুতৰে বিভিন্ন কাৰণত ছালত ক’লা দাগৰ চামনি পৰে। এনে ক্ষেত্ৰত গাখীৰ ক্ৰীমৰ লগত এচিকুট হালধি আৰু কেঁচা আলুৰ ৰস মিহলাব। এই প্ৰলেপ ব্যৱহাৰ কৰিলে তৎক্ষাণাৎ বগা হ’ব পাৰি। ই ছালক কোমল কৰে আৰু পুষ্টি যোগায়। ছালক বগা কৰে।

এইদৰেই ছালৰ যত্ন লৈ বগা, উজ্জ্বল আৰু মিহি ছালৰ অধিকাৰী হ’ব পাৰি। বজাৰৰ সামগ্ৰীত বিভিন্ন ধৰণৰ কেমিকেল থকাৰ ফলত ছালৰ অৱস্থা পাছলৈ শোটোৰা, ক’লা পৰা হয়। কিন্তু ঘৰুৱা সামগ্ৰী ব্যৱহাৰত কোনো ধৰণৰ ক্ষতি নহয়, বৰঞ্চ বেছিকৈ ভালহে হয়।

(উৎসঃ অসম বাণী, ভানু শৰ্মা)।

শেহতীয়া উন্নীতকৰণ: : 7/18/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate