অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছালৰ সৌন্দৰ্যৰ সঠিক যতন।

ছালৰ সৌন্দৰ্যৰ সঠিক যতন।

ছালৰ সৌন্দৰ্যৰ বাবে প্ৰয়োজন সঠিক যতন। গ্ৰীষ্মৰ সময়ছোৱাত প্ৰখৰ ৰ’দ, ধূলি-বালি আদিৰ পৰা ছালখনৰ যতনৰ বাবে আগবঢ়োৱা হৈছে কেইটামান বিশেষ ফেচপেক-

v  দৈ আৰু বেচনঃ গ্ৰীষ্মৰ সময়ছোৱাত দৈ আৰু বেচনৰ ফেচপেকৰ বাবে দুয়োটা উপাদান সম পৰিমাণত মিহলাই এটি মিশ্ৰণ তৈয়াৰ কৰি ল’ব। ইয়াক মুখ আৰু ডিঙিত লগাই কিছুসময় পাছত পানীৰে ধুব। দৈ আৰু বেচনত থকা উপাদানে ছালৰ পৰা মৃতকোষ আঁতৰাই ছালখন মসৃণ আৰু উজ্জ্বল কৰি তুলিব।

v  চন্দন আৰু গোলাপজলঃ চন্দন আৰু গোলাপজল দুয়োবিধ উপাদান ছালৰ পৰিচৰ্যাৰ বাবে উত্তম। ইয়াত থকা প্ৰাকৃতিক উপাদানে ছালৰ বিভিন্ন সমস্যা দূৰীকৰণত সহায়ক। এই সময়ছোৱাত চন্দন আৰু গোলাপ জলেৰে তৈয়াৰী ফেচপেকৰ বাবে শুকান চন্দনৰ গুড়ি অথবা চন্দন কাঠৰ টুকুৰা পিহি তাৰ লগত গোলাপজল মিহলাই এটি পেষ্ট বনাই মুখ আৰু ডিঙিত ২০ মিনিট লগাব। পাছত পৰিষ্কাৰ পানীৰে মুখখন ধুব। গ্ৰীষ্মৰ সময়ত ছালৰ পৰা টেন আঁতৰাই ছালখনক যথেষ্ট সুফল দিব এই ফেচপেকে।

v  অমিতাঃ বহু যাদুকৰী গুণেৰে সমৃদ্ধ অমিতা ছালৰ পৰিচৰ্যাৰ বাবে অতি উপযোগী। এটি পকা অমিতা ভালদৰে চাফা কৰি পিটিকি তাৰ সৈতে কিছু পৰিমাণে মৌ মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰক। ইয়াক ছালত লগাই কিছু সময় পাছত মুখখন ধুব আৰু অনুভৱ কৰক এক নতুন সতেজতা।

v  গাখীৰ আৰু মৌঃ গ্ৰীষ্মৰ সময়ত গাখীৰ আৰু মৌৰ ফেচপেকে ছালখন কোমল আৰু ময়শ্বাৰাইজ কৰাৰ লগতে ছালৰ শুকান ভাব আঁতৰাই ছালখনক পুষ্টি প্ৰদান কৰিব। ইয়াৰ বাবে প্ৰয়োজন দুই চামুচ মৌ ৰস আৰু কিছু পৰিমাণৰ কেঁচা গাখীৰ অথবা শুকান গাখীৰ গুড়ি। এই সামগ্ৰী ভালদৰে মিহলাই তৈয়াৰী এটি পেষ্ট মুখত লগাই ১৫ মিনিট পাছত ঠাণ্ডা পানীৰে মুখখন ধুব। গ্ৰীষ্মৰ সময়ছোৱাত সুন্দৰ ছালখনৰ যতন লওক মিল্কী ফেচপেকৰ স’তে।

v  গ্ৰীষ্মৰ সময়ছোৱাত ছালৰ যত্নৰ লগতে শৰীৰটো হাইড্ৰেট কৰি ৰখা আৰু ছালৰ সুস্বাস্থ্যৰ বাবে গ্ৰহণ কৰক প্ৰচুৰ পৰিমাণৰ পানী, ফলৰ ৰস আৰু সতেজ ফলমূল।

v  নিতৌ ছালখন পৰিষ্কাৰ কৰি ৰাখিব আৰু দিনৰ ভাগত বাহিৰলৈ যাওঁতে ছানস্ক্ৰীণ ব্যৱহাৰ কৰিবলৈ নাপাহৰিব।

উত্সঃ অসমীয়া খবৰ, স্বপ্না দেৱী

শেহতীয়া উন্নীতকৰণ: : 1/16/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate