অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জোতা কিনোতে ডায়েবেটিছ ৰোগীয়ে ল’বলগীয়া সাৱধানতা :

জোতা কিনোতে ডায়েবেটিছ ৰোগীয়ে ল’বলগীয়া সাৱধানতা :

 

আমি যেতিয়া খোজ কঢ়ো বা দৌৰো তেতিয়া আমাৰ ভৰি দুখনৰ ওপৰত শৰীৰৰ সম্পুৰ্ণ ভৰ পৰে। শৰীৰৰ ওজনৰ তিনি-চাৰি গুণ বেছিকৈ ভৰ ভৰি দুখনে ল’বলগীয়া হয়। সেয়েহে চিকিৎসা-বিজ্ঞানত ভৰি দুখনৰ পৰিচৰ্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। প্ৰত্যেকেই নিজৰ অমুল্য ভৰি দুখন ভালে ৰাখিবলৈ সঠিকভাৱে জোতাযোৰ পিন্ধিব লাগে। বিশেষকৈ ডায়েবেটিছ ৰোগীয়ে চেণ্ডেল পিন্ধাতকৈ জোতা পিন্ধিলে বহু বিপদৰ পৰা ৰক্ষা পৰি থাকে। এই জোতা সদায় ভৰিৰ লগত খাপ খুৱাই কিনিব লাগে। জোতা কিনোতে সদায় দিনটোৰ শেষৰ ফালে কিনিব লাগে। কিয়নো, সেই সময়ত ভৰি দুখন ফুলি উঠে। আগবেলা কিনা জোতাই পিছত খোজ কাঢ়িলে ভৰিত দুখ পাব পাৰে। জোতাযোৰ ভৰিৰ আঙুলি আৰু গোৰোহাৰ ফালে ভালকৈ খাপ খুৱাই ধৰা কিনিব লাগে।

ডায়েবেটিছ ৰোগীৰ বাবে জোতাৰ সন্মুখত সামান্য খালী থকা উচিত। নতুন জোতা কিনিবলৈ যাওঁতে জোতাযোৰ পিন্ধি ইফালে- সিফালে খোজ কাঢ়ি চাব লাগে, যাতে জোতাযোৰ আৰামদায়ক হয়। ভৰিত টানকৈ খাপ খাই ধৰা জোতা পচন্দ নকৰিব। ওখ গোৰোহাযুক্ত আৰু ঠেক জোখৰ জোতাও স্বাস্থ্যসন্মত নহয়। বিশ্ব ডায়েবেটিছ ফাউণ্ডেচনৰ মতে পৃথিৱীত প্ৰতি ৩০ ছেকেণ্ডত এজন ডায়েবেটিছ ৰোগীৰ ভৰি কাটি পেলাবলগীয়া হয়। এজন সুস্থ মানুহে নিতৌ ৮,০০০ ৰ পৰা ১০,০০০ পৰ্যন্ত খোজ কাঢ়িবলগীয়া হয়। সেয়েহে ভৰি দুখন সুস্থ হৈ থকাটো অতি প্ৰয়োজন। আগতেই পিন্ধা জোতাৰ আকাৰ চাই জোতা কিনিবলৈ নাযাব। সদায় জোতা কিনিবলৈ যাওঁতে পিন্ধি চাব লাগে, যাতে খোজ কাঢ়িলে ভৰিত দুখ নাপায়। জোতাযোৰৰ ডিজাইন বা ব্ৰেণ্ডতকৈও বিজ্ঞানসন্মতভাৱে পৰীক্ষা কৰাটোহে আপোনাৰ ভৰি দুখনৰ সুৰক্ষা আৰু আৰামৰ বাবে বেছি জৰুৰী।

উৎস: জি এনআৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 11/22/2021



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate