অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জোতা পছন্দ কৰাৰ নিয়ম :

জোতা পছন্দ কৰাৰ নিয়ম :

 

আপুনি বাৰু আপোনাৰ ভৰি দুখনৰ যতন লয়নে? শুনিলে অবিশ্বাস্য যেন লাগিলেও এই তথ্য প্ৰকাশ কৰিছে বিশ্বৰ ডায়েবেটিছ ফাউণ্ডেচনে। তেওঁলোকৰ মতে, পৃথিৱীত প্ৰতি ৩০ ছেকেণ্ডত এজনকৈ ডায়েবেটিছ ৰোগীৰ ভৰি কাটি পেলাবলগীয়া হয়। ভৰি দুখনৰ ওপৰতেই আমাৰ শৰীৰটো নিৰ্ভৰশীল। যেতিয়া আমি খোজকাঢ়োঁ, তেতিয়া আমাৰ শৰীৰৰ ওজনতকৈ বহু বেছি ভৰ পৰে। আমেৰিকান পেডিঅ’ট্ৰিক মেডিকেল এছ’চিয়েচনৰ মতে, এজন সাধাৰণ মানুহে প্ৰতিদিনে ৮০০০ৰ পৰা ১০ হাজাৰ খোজ কাঢ়িবলগীয়া নহয়। এই হাৰত এগৰাকী লোকে গোটেই জীৱনৰ পৃথিৱীৰ পৰিধিৰ কেইবাগুণো বেছি খোজ কাঢ়ে। সেয়ে এই অমূল্য ভৰি দুখনৰ যতন লোৱা অতি প্ৰয়োজন। ইয়াৰ কাৰণে ভৰি দুখন প্ৰতিদিনে ভালদৰে সামান্য ধুই মালিচ কৰিব লাগে। ভৰিৰ নখ পৰিষ্কাৰ কৰি ৰাখিব লাগে। বিশেষভাৱে সচেতন হ’ব লাগে জোতা কিনোতে-

জোতা কিনোতে পালিবলগীয়া নিয়ম -

*কেতিয়াও ভৰিলৈ টান জোতা কিনিব নালাগে। জোতাযোৰ পিন্ধি লক্ষ্য কৰিব, যাতে জোতাৰ ভিতৰত ভৰিৰ আউলি লৰচৰ কৰিব পাৰিছে।

*জোতা কিনোতে জোতাৰ ডিজাইন বা ব্ৰেণ্ডতকৈ জোতাযোৰ পিন্ধি আৰাম পাইছেনে নাই, তাক অনুভৱ কৰিবলৈ চেষ্টা কৰক।

*জোতা কিনোতে ভালদৰে পিন্ধি লৈ দোকানৰ ভিতৰত খোজ কাঢ়িব। বহুতেই জোতা কিনোতে বৰ লৰালৰি কৰে। তেনেকৈ কিনা জোতাই পিছত ভৰি কাটে।

*ডায়েবেটিছ ৰোগীয়ে জোতা কিনোতে বেছি সাৱধান হ’ব লাগে যাতে জোতা পিন্ধি ভৰিত ঘা নালাগে।

*মনত ৰাখিব যে আমাৰ ভৰিৰ জোখ সদায় একেই নাথাকে। বয়সৰ লগে লগে জোতাৰ জোখো সলনি হয়। সেয়ে জোতা কিনিবলৈ সদায় গৰাকীজন যাব লাগে।

*পুৱাৰ ভাগত জোতা নিকিনিব। কিয়নো সন্ধিয়ালৈ ভৰি দুখন ফুলি উঠে বাবে পুৱাৰ ভাগত কিনা জোতা সন্ধিয়া পিন্ধিলে দুখ পায়।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 1/20/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate